ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে বিদেশত পঢ়াৰ প্ৰৱণতাটো নতুন নহয়। কিন্তু ১১ বছৰ পূৰ্বে ২০১৪ চনত কেন্দ্রত নৰেন্দ্ৰ মোডী চৰকাৰ ক্ষমতালৈ অহাৰ পাছত বিদেশী ছাত্র-ছাত্রীক দেশত পঢ়া-শুনা কৰিবলৈ আকর্ষণ কৰাৰ বাবে ভাৰতীয় উচ্চ শিক্ষানুষ্ঠানসমূহ নতুন ৰূপত সজাই তোলা হ’ব বুলি দাবী কৰা হৈছিল৷
‘মেক ইন ইণ্ডিয়া’, ‘ষ্টাডি ইন ইণ্ডিয়া’ আদি শ্লোগানেৰে চৰকাৰী পদক্ষেপত পূৰ্ণগতিত প্ৰচাৰো কৰা হৈছে। শেহতীয়াকৈ নিটি আয়োগৰ এক প্ৰতিবেদনে বাস্তৱত সেয়া কিমান ফলপ্ৰসূ হৈছে সেই সম্পৰ্কে ডাঙৰ প্ৰশ্নৰ উত্থাপন কৰিছে।
‘ভাৰতত উচ্চ শিক্ষাৰ আন্তৰ্জাতিকীকৰণ’ শীৰ্ষক প্ৰতিবেদনত দেখা গৈছে যে উচ্চ শিক্ষাৰ বাবে দেশ এৰি যোৱা ২৫ জন ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ (‘ব্ৰেইন ড্ৰেইন’) বিপৰীতে মাত্ৰ এজন বিদেশীহে দেশত পঢ়া-শুনা কৰিবলৈ আহিছে! আগমন আৰু প্ৰস্থানৰ অনুপাতৰ এই ভাৰসাম্যহীনতাই বৃহৎ সংখ্যক বিশেষজ্ঞৰ মাজত উদ্বেগ প্ৰকাশ কৰিছে। তেওঁলোকৰ প্ৰশ্ন হ’ল – ঢাক-ঢোল বজাওতে শেষ নেকি? ভাৰতলৈ বিদেশীক আকৰ্ষণ কৰিবলৈ মোডী চৰকাৰে এতিয়ালৈকে কি কৰিছে?
নিটি আয়োগৰ উপাধ্যক্ষ সুমন বেৰীৰ প্ৰতিবেদন অনুসৰি ২০২১-২২ শিক্ষাবৰ্ষত ভাৰতত ৪৬,৮৭৮জন বিদেশী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিবলৈ আহিছিল। সেই সময়ছোৱাত প্ৰায় ১১.৫৯ লাখ ভাৰতীয় ছাত্ৰ-ছাত্ৰী বিদেশলৈ গৈছিল। ২০২৪ চনত এই সংখ্যা ১৩.৩৬ লাখলৈ বৃদ্ধি পাইছে। কিন্তু বিদেশী ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বিশেষ বৃদ্ধি হোৱা নাই।
ভাৰতৰ জনসংখ্যাৰ গড় বয়স ২৮.৪ বছৰ, যিয়ে ভাৰতক বিশ্বৰ বজাৰত সদায় আগুৱাই ৰাখিছে। কিন্তু যদিহে সুদক্ষ আৰু শিক্ষিত যুৱক-যুৱতীসকলে উন্নত কৰ্মসংস্থাপনৰ সুযোগৰ বাবে বিদেশত স্থায়ীভাৱে থাকিবলৈ আৰম্ভ কৰে, তেন্তে দেশৰ গৱেষণাৰ ওপৰত প্ৰভাৱ পৰিবই।
তদুপৰি, বিদেশী প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি পাব বুলি আশংকা কৰিছে নিটি আয়োগে। এই সংকটৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁলোকে ‘ঘৰতে আন্তৰ্জাতিকীকৰণ’ বা দেশত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ শিক্ষাৰ পৰিৱেশ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আয়োগৰ মতে ভাৰতত বিভিন্ন বিদেশী বিশ্ববিদ্যালয়ৰ উপস্থিতি গঢ়া বা যৌথ ডিগ্ৰী প্ৰদানৰ পৰিকল্পনা যথেষ্ট নহয়।
কিন্তু কিয় অহা নাই বিদেশী ছাত্র-ছাত্রী? প্ৰতিবেদনত এই সন্দৰ্ভত কেইবাটাও বাধাৰ কথা উল্লেখ কৰা হৈছে। ইয়াৰ ভিতৰত আন্তঃগাঁথনিৰ অভাৱ, জটিল ভিছা পদ্ধতি, বিদেশী ছাত্ৰ-ছাত্ৰীৰ বাবে পৰ্যাপ্ত আৰু উপযুক্ত থকাৰ ব্যৱস্থাৰ অভাৱ আৰু সময়ৰ লগে লগে পাঠ্যক্ৰমৰ উন্নতি সাধন কৰিব নোৱাৰা আদি অন্যতম। ইয়াৰ বাবে নিটি আয়োগেও এলানি সংস্কাৰৰ প্ৰস্তাৱ আগবঢ়াইছে। বৃত্তিৰ লগতে ভাৰতৰ শীৰ্ষ শিক্ষানুষ্ঠান যেনে আই আই টি আৰু আই আই এমত বিশেষ গ্ৰীষ্মকালীন বিদ্যালয় খোলাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে, যাতে বিদেশী ছাত্ৰ-ছাত্ৰীয়ে ভাৰতীয় শিক্ষা আৰু সংস্কৃতি সঠিকভাৱে বুজিব পাৰে। ইয়াৰ দ্বাৰা ভাৰত আৰু অন্যান্য দেশৰ কূটনৈতিক সম্পৰ্কও উন্নত হ’ব।
চীন বা দক্ষিণ কোৰিয়াৰ আৰ্হি অনুসৰণ কৰি দেশৰ মেধা শক্তি ধৰি ৰাখিবলৈ পৰামৰ্শ আগবঢ়াইছে নিটি আয়োগে। এই সন্দৰ্ভত চীনৰ ‘ থাউজেণ্ড টেলেন্টছ প্ৰগ্ৰাম’ বা দক্ষিণ কোৰিয়াৰ ‘ব্ৰেইন ৰিটাৰ্ণ ৫০০ প্ৰজেক্ট’ৰ কথা উল্লেখ কৰা হৈছে। এই আৰ্হিত প্ৰবাসী গৱেষক আৰু পেছাদাৰীসকলক ভাৰতলৈ ঘূৰি অহাৰ বাবে আকৰ্ষণীয় সুযোগ প্ৰদান কৰিব পৰা যাব নেকি সেই বিষয়ে বিবেচনা কৰিবলৈ কেন্দ্ৰক কোৱা হৈছে।
নিটি আয়োগৰ প্ৰতিবেদনত কেন্দ্ৰৰ ‘নেশ্যনেল ইনষ্টিটিউশ্যনেল ৰেংকিং ফ্ৰেমৱৰ্ক’ বা এন আই আৰ এফৰ ৰেংকিঙত শীৰ্ষ ১০০খন বিশ্ববিদ্যালয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ গুৰুত্বপূৰ্ণ শিক্ষানুষ্ঠানক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ অনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। গতিকে পাঠ্যক্ৰম আধুনিকীকৰণ, বহুভাষিক আৰু বহু-সাংস্কৃতিক চৌহদসমূহ একত্ৰিত কৰি দেশখনক পুনৰ ‘গ্লোবেল এডুকেচন হাব’ হিচাপে গঢ়ি তোলাটোৱেই হৈছে মোডী চৰকাৰৰ মূল প্ৰত্যাহ্বান।
দেশৰ ভিতৰতে যদি বিশ্বমানৰ সুযোগ সৃষ্টি কৰিব পৰা যায়, তেন্তে এই বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীক বিদেশলৈ যোৱাত বাধা দি সামগ্ৰিক ক্ষতি ৰোধ কৰা সম্ভৱ হ’ব বুলি আয়োগ আৰু বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে।





