ধনেই শক্তি! বিজেপিৰ ২০১৯-২০ বৰ্ষত সম্পদৰ পৰিমান ৪,৮৪৭কোটি টকা ঘোষণা

২০১৯-২০ বিত্তীয় বৰ্ষত বিজেপিয়ে ঘোষণা কৰা অনুসৰি ইয়াৰ সম্পদৰ পৰিমান ৪,৮৪৭কোটি টকা। সকলো ৰাজনৈতিক দলৰ মুঠ সম্পদৰ প্ৰায় ৭০ শতাংশ সম্পদ আছে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবোৰৰ হাতত।

শুকুৰবাৰে নিৰ্বাচনী সংস্কাৰ বিষয়ত পৰ্যবেক্ষণ সংস্থা এছ্যচিয়েশ্যন ফৰ ডেম’ক্ৰিএটিক ৰিফৰ্মছ (এডিআৰ)ৰ প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে।

সাতটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ ভিতৰত বিএছপিয়ে ৬৯৮.৩৩কোটি টকাৰ সম্পদেৰে এইক্ষেত্ৰত দ্বিতীয় স্থানত আছে। আনহাতে, ৫৮৮.১৬কোটি টকাৰ সম্পদেৰে তৃতীয় স্থানত আছে কংগ্ৰেছ।

প্ৰতিবেদন অনুসৰি সাতটা ৰাষ্ট্ৰীয় আৰু ৪৪টা আঞ্চলিক দলে ২০১৯-২০বৰ্ষত ঘোষণা কৰা মুঠ সম্পদৰ পৰিমান হৈছে ক্ৰমে ৬,৯৮৮.৫৭কোটি আৰু ২,১২৯.৩৮কোটি টকা।

লগতে পঢ়ক: অসমত আৰক্ষীৰ এনকাউণ্টাৰৰ ৯৯ শতাংশই ভুৱা : মানৱাধিকাৰ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়া

আঞ্চলিক দলবোৰৰ ভিতৰত সমাজবাদী পাৰ্টিৰ সৰ্বাধিক ৫৬৩.৪৭কোটি টকাৰ সম্পদ আছে। তাৰপাছতে টিআৰএছে ৩০১.৪৭কোটি আৰু এআইএডিএমকেই ২৬৭.৬১কোটি টকাৰ সম্পদেৰে দ্বিতীয় আৰু তৃতীয় স্থানত আছে।

প্ৰতিবেদনত কোৱা হৈছে যে সকলোবোৰ অঞ্চলিক দলৰ মুঠ সম্পদৰ প্ৰায় ৯৫.২৭শতাংশেৰে ২,০২৮.৭১৫কোটি টকাৰ সম্পদ আছে শীৰ্ষৰ ১০টা আঞ্চলিক দলৰ হাতত।

প্ৰতিবেদনত ৰাজনৈতিক দলবোৰে ছয়টা প্ৰধান শিতানত ঘোষণা কৰা সম্পদৰ পৰিমান দাঙি ধৰিছে। সেইকেইটা হ’ল জমা সম্পদ, ঋণ আৰু আগধন, এফডিআৰ/ডিপ’জিট, টিডিএছ, বিনিয়োগ আৰু ‘অন্যান্য’ সম্পদ।

লগতে পঢ়ক:গুৱাহাটী শোধনাগাৰ চিকিৎসালয়ত নাৰ্চক যৌন নিৰ্যাতনৰ অপচেষ্টা চিকিৎসকৰ, গোচৰ ৰুজু

প্ৰতিবেদনত উলেলেখ কৰা হৈছে যে ২০১৯-২০ বৰ্ষত কংগ্ৰেছে মুঠ আটাইতকৈ বেছি আদায় দিবলগীয়া ধাৰ (লাইবেলিটিছ) ৪৯.৫৫কোটি টকা বা মুঠ আদায় দিবলগীয়া ধনৰ ৬৬.৭২শতাংশ ঘোষণা কৰিছে। ইয়াৰ পাছতে তৃণমূল কংগ্ৰেছৰ এই ধাৰৰ পৰিমান হৈছে ১১.৩২কোটি টকা।

প্ৰতিবেদন অনুসৰি, ২০১৯-২০ বৰ্ষত ৰাষ্ট্ৰীয় দলসমূহৰ সম্পদৰ ৬৫.৪৮শতাংশেৰে ৫৯৭০.৫৯কোটি টকা ফিক্সড ডিপ’জিট কৰা হৈছিল।

সাতটা ৰাষ্ট্ৰীয় আৰু ৪৪টা আঞ্চলিক ৰাজনৈতিক দলে ঘোষণা কৰা ২০১৯-২০ বৰ্ষত মুঠ অনাদায় ধাৰৰ পৰিমান হৈছে ১৩৪.৯৩কোটি টকা।

লগতে পঢ়ক:ড০ ভি অনন্ত নাগেশ্বৰনক নতুন মুখ্য অৰ্থনৈতিক উপদেষ্টা হিচাপে নিযুক্তি

ইপিনে, ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলসমূহে ICAIৰ নিৰ্দেশনা অনুসৰি দলসমূহক নিৰ্দেশ দিয়া ঋণ গ্ৰহণ কৰা বিত্তীয় প্ৰতিষ্ঠান, বেংক বা সংস্থাৰ বিশদ ঘোষণা কৰাত ব্যৰ্থ হৈছে।