বন্ধ নহয় যুদ্ধঃ পুনৰ ইউক্ৰেইনলৈ ৩,০০,০০০ ৰাছিয়াৰ সেনা প্ৰেৰণ কৰিলে পুটিনে

বন্ধ নহয় যুদ্ধ ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে আৰম্ভ কৰা যুদ্ধ। আপাততঃ তেনে ইংগিতেই পোৱা গৈছে।ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বুধবাৰে এইবুলি ঘোষণা কৰে যে তেওঁ ইউক্ৰেইনত যুঁজ দিবলৈ তাৎক্ষণিক ভাৱে ৩,০০,০০০ সেনা প্ৰেৰণৰ নিৰ্দেশ দিছে।

পুটিনে লগতে কয় যে যদি ৰাছিয়াৰ প্ৰতি ভাবুকি আহিয়েই থাকে তেন্তে তেওঁ নিজৰ লোকসকলক সুৰক্ষা দিবলৈ সকলো উপলব্ধ উপায় ব্যৱহাৰ কৰিব। পুটিনে পশ্চিমৰ দেশসমূহক “পাৰমাণৱিক ব্লেকমেইলাৰ” আখ্যা দি সতৰ্ক কৰি দিয়ে। ইপিনে চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৱাং ৱেনবিনে বুধবাৰে এক সংবাদ মেলত কয় যে ইউক্ৰেইন সন্দৰ্ভত চীনৰ স্থিতি স্থিৰ আৰু স্পষ্ট।

“আমি সংশ্লিষ্ট পক্ষসমূহক যুদ্ধবিৰতি কৰিবলৈ আহ্বান জনাইছো। আলোচনাৰ মাজেৰে সকলো সমস্যাৰ সমাধান বিচাৰি উলিয়াওক ” ৱেনবিনে কয়। ব্ৰিটিছ বৈদেশিক মন্ত্ৰী গিলিয়ান কিগানেও পুটিনৰ ভাষণৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে এয়া এক উদ্বেগজনক কথা আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে দিয়া ভাবুকিক “গুৰুত্বসহকাৰে ল’ব লাগিব”।

ৰাছিয়ানসকলক টেলিভিছনত সম্বোধন কৰি পুটিনে কয় যে ৰাছিয়াৰ ২০ লাখ সেনাক সাজু কৰি ৰখা হৈছে। ৰাছিয়া আৰু ইয়াৰ কাষৰীয়া অঞ্চল সমূহৰ সুৰক্ষাৰ বাবে তেওঁলোকক মোতায়েন কৰা হ’ব। তেওঁ কয়, “যদি আমাৰ দেশৰ আঞ্চলিক অখণ্ডতা বিপদাপন্ন হয়, তেন্তে আমি আমাৰ লোকসকলক সুৰক্ষা দিবলৈ সকলো উপলব্ধ উপায় ব্যৱহাৰ কৰিম- এয়া কোনো উৰুৱাই দিয়া কথা নহয়।”

ৰাছিয়াৰ ওচৰত “উত্তৰ দিবলৈ বহু অস্ত্ৰ আছিল,” বুলিও পুটিনে কয়। তেওঁ লগতে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু বেলজিয়ামে ইউক্ৰেইনক সহায় কৰি আছে ।