কেন্দ্ৰৰ শস্যৰ ভঁৰালত ঘেহুঁৰ নাটনি! পূৰ্বৰ বছৰৰ তুলনাত ৩৭% হ্ৰাস

ভাৰতীয় খাদ্য নিগমৰ ঘেঁহু ক্ৰয়ৰ পৰিমাণ যোৱা বছৰৰ তুলনাত ৩৭% হ্ৰাস পাইছে।১৮ এপ্ৰিললৈকে উপলব্ধ তথ্য অনুসৰি এবছৰৰ পূৰ্বে ৯৫.৩৬ লাখ টনৰ তুলনাত গত বৰ্ষত মুঠ ঘেঁহু ক্ৰয় ৬০.৫৮ লাখ টন হয়।

ক্ৰয়ৰ হাৰ হ্ৰাস পোৱাৰ কাৰণ হ’ল মণ্ডীলৈ উৎপাদিত সামগ্ৰীৰ আগমনৰ অভাৱ। কেৱল পঞ্জাবতে এতিয়ালৈকে ঘেঁহুৰ আগমনৰ আশা কৰা পৰিমাণৰ মাত্ৰ ১৩%হে মণ্ডীত উপনীত হৈছে। যোৱা বছৰৰ এপ্ৰিল মাহৰ মাজভাগলৈকে মণ্ডীত ক্ৰয় কৰা ৩১.৬৮ লাখ টন ঘেঁহুৰ তুলনাত ৰাজ্যত মাত্ৰ ৩.৩১ লাখ টন ঘেঁহু ক্ৰয় কৰা হৈছিল।

মণ্ডীত ঘেঁহুৰ আগমনৰ তীব্ৰ হ্ৰাসৰ কাৰণ হৈছে শেহতীয়াকৈ হোৱা বৰষুণৰ বাবে শস্য তিতি যোৱা। যোৱা বছৰ ১৮ এপ্ৰিললৈকে ১৩০.৯৭ লাখ টন শস্য মণ্ডীত উপনীত হৈছিল যদিও এই বছৰ এই এই পৰিমাণ ৮৬.২৩ লাখ টনলৈ হ্ৰাস পাইছে।

তিতা শস্য শুকাই গ’লেই অধিক ঘেঁহু মণ্ডীলৈ আহিব বুলি আশা কৰিছে বিষয়াসকলে। ইফালে পঞ্জাবৰ মিলাৰসকলে শস্য ক্ৰয় কৰা নাই, তেওঁলোকে এফচিআইৰ পৰা ক্ৰয় কৰাৰ আশা কৰিছে, কিয়নো FCIয়ে মুক্ত বজাৰতকৈ কম মূল্যত ২৩০০ টকাত এক কুইণ্টল ঘেঁহু বিক্ৰী কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

একেদৰে মধ্যপ্ৰদেশতো যোৱা বছৰ ২৭.৯৮ লাখ টনৰ তুলনাত ২৪.৫৫ লাখ টনলৈ হ্ৰাস পাইছে। হাৰিয়ানাতো ক্ৰয় ১৮% হ্ৰাস পাইছে, যোৱা বছৰৰ ৩৫.০৫ লাখ টনৰ পৰা ২৮.৭৩ লাখ টনলৈ শস্যৰ হ্ৰাস পাইছে।