পশ্চিমবংগৰ আচানচোলৰ এখন অতি ভিতৰৱা গাাওঁৰ নাম বেনা গাওঁ (বেনাগ্ৰাম)। গাওঁ খনত ঘৰ-দুৱাৰ, মন্দিৰ, কুঁৱা-দমকল আদি সকলোবোৰেই আছে।
কিন্তু বছৰৰ পিছত বছৰ ধৰি এই গাওঁ খনত কোনো লোকে বাস কৰা নাই।
বছৰৰ পিছত বছৰ ধৰি পৰিত্যক্ত হৈ থকাত গাওঁখনৰ ঘৰ বোৰ জহি খহি যাবলৈ ধৰিছে।
‘ভৌতিক’ গাওঁ হিচাবে জনাজাত এই গাওঁ খনত থকা নিজৰ ঘৰলৈ বছৰৰ মাত্ৰ এটা দিনতহে মানুহ আহে।
সেই দিনটো হৈছে লক্ষ্মী পূৰ্ণিমা। লক্ষ্মী পূৰ্ণিমাৰ দিনা গাওঁ খনৰ নিজৰ ঘৰলৈ অহা লোকসকলে ওৰে ৰাতি লক্ষ্মীক আৰাধনা কৰাৰ পিছতে পুৱতি নিশা ভোগ-প্ৰসাদ গ্ৰহণ কৰি পুনৰ গাওঁ এৰি আন ঠাইলৈ উভতি যায়।
স্থানীয় একাংশ লোকে প্ৰকাশ কৰা মতে বহু বছৰ আগতে গাওঁ খনত কমেওঁ এশ ঘৰ লোক আছিল।
কিন্তু এটা সময়ত গাওঁখনৰ বহু ঘৰত নিশা কোনোৱাই শিল-ইটা দলিওৱা, দুৱাৰত টোকৰ মৰা আদি কামবোৰ কৰিবলৈ ল’লে। এনে কাৰ্যত গাওঁবাসী শংকিত হৈ পৰিল।
ভাবিলে এয়া হয়তো ‘ভূত’ৰেই কাম হ’ব। ইয়াৰ মাজতে গাওঁ খনৰ মাজতে থকা পুখুৰীৰ পাৰত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে গাওঁবাসীৰ মনত খোপনি পোতা ‘ভূত’ৰ ধাৰণাটো আৰু অধিক দৃঢ় হৈ পৰিল।
তেওঁলোকে ‘ভূত’ৰ আক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যেই গাওঁ এৰি আন ঠাইলৈ গুচি গ’ল। তেতিয়াৰে পৰা গাওঁ খন পৰিত্যক্ত হৈ ৰৈছে।
মাত্ৰ বছৰৰ লক্ষ্মী পূৰ্ণিমাৰ দিনটোতহে গাওঁবাসীয়ে গাওঁলৈ আহি লক্ষ্মী দেৱীক পূজা-অৰ্চনা কৰি পিছদিনা পুৱাই পুনৰ গাওঁ এৰি আন ঠাইলৈ গুচি যায়।
Latest News:Selection for Oscar চলি আছে বাছনি পৰ্ব; অস্কাৰৰ দৌৰত ‘শ্বেৰনি’, ‘চৰ্দাৰ উধম’
এই প্ৰক্ৰিয়া বছৰৰ পিছত বছৰ ধৰি চলি আহিছে যদিও চৰকাৰে শেহতীয়াকৈ গাওঁ খনত নিৰ্মাণ কৰিছে আটক ধুনীয়া বাট-পথ।
ব্যৱস্থা কৰিছে বিজুলী বাতিৰ। বেনা গাওঁ এতিয়া আৰু আগৰ দৰে জংঘলেৰে ভৰা গাওঁ হৈ থকা নাই।
সেইবাবে গাওঁ এৰি যোৱা বহুতে পুনৰ গাওঁ খনলৈ উভতি অহাৰ মন মেলিছে বুলি পৌৰসভাৰ এগৰাকী কৰ্মীয়ে প্ৰকাশ কৰিছে।
অৱশ্যে কালি লক্ষ্মী পূজাৰ পিছত এইবাৰো কোনো লোকেই গাওঁ খনত নাথাকি পুনৰ উভতি গৈছে আন ঠাইলৈ।