• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আশাহীন আশা কৰ্মী: বিজেপিৰ নিৰ্বাচনী অংকত আউল লগাব হিমন্তৰ ৩২ হাজাৰ কোভিড যোদ্ধাই!

Dulal Mishra দুলাল মিশ্ৰ
গুৱাহাটী , September 27, 2020 4:16 pm

3 min read

830
VIEWS
Share on FacebookShare on Twitter

যি কোভিড যোদ্ধাক সাৰথি কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোভিডৰ  বিৰুদ্ধে যুদ্ধ কৰিছে সেই সকল কোভিড যোদ্ধাৰ মাজৰে ৩২ হাজাৰ যোদ্ধাই চৰম দুৰ্দশা আৰু অনিশ্চয়তাৰ মাজেৰে  দিন অতিবাহিত কৰিবলগীয়া হৈছে।

সন্মুখৰ পৰাই কোভিডৰ বিৰুদ্ধে যুঁজ দিয়া এই সকল সাহসী যোদ্ধা হৈছে ৰাজ্যৰ ৩২ হাজাৰ আশা কৰ্মী।

নিজৰ লগতে নিজ পৰিয়ালৰ সুৰক্ষাৰ কথা পাহৰি এইসকল আশা কৰ্মীয়ে উদয়াস্ত ৰাইজৰ সেৱাত ব্ৰতী হৈ আহিছে যদিও চৰকাৰৰ পৰা তেওঁলোকে মিঠা মিঠা প্ৰতিশ্ৰুতিৰ বাদে আন একো পোৱা নাই।

অথচ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইসকল স্বাস্থ্যকৰ্মীক লৈয়েই কোভিড যুদ্ধ খন চলাই নিয়া বুলি সদম্ভে কৈ আহিছে।

নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ৰাইজৰ সেৱা কৰি অহা কোভিড যোদ্ধা আশা কৰ্মীসকলে চৰকাৰে পাৰিশ্ৰমিকৰ হিচাবে দিয়া ৩ হাজাৰ টকাতেই সন্তুষ্ট থাকিবলগীয়া হৈছে।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো ঢাল-তৰোৱাল নোহোৱাকৈয়ে ৰাজ্যৰ প্ৰায় ৩২ হাজাৰ আশা কৰ্মীক অদৃশ্য ঘাতক কোভিডৰ সৈতে যুঁজিবলৈ পঠিয়াইছে বুলিও বহুতে অভিযোগ কৰিছে।

শুনিলে আচৰিত হ’বলগীয়া কথা যে কোভিড যুদ্ধৰ এইসকল যোদ্ধাই পিপিই কিটতো বাদেই ,কৰ্তব্য পালনৰ সময়ত পিন্ধিবলৈ সাধাৰণ হাত মোজা এযোৰো পোৱা নাই।

কোভিড যুদ্ধৰ নামত চৰকাৰে  কোটি কোটি টকা খৰচ কৰি আছে  যদিও আশাকৰ্মীৰ বাবে সামগ্ৰী ক্ৰয় কৰিবলৈ যেন চৰকাৰ হাতত ধন নাই।

কেৱল অৰ্থনৈতিক দিশতেই নহয়,স্বাস্থ্যজনিত দিশৰ পৰা শোষিত এই সকল আশাকৰ্মী এতিয়া চৰকাৰৰ ওপৰত বাৰুকৈয়ে বিতুষ্ট।

অসম ৰাজ্যিক আশা ইউনিয়নৰ সাধাৰণ সম্পাদিকা দিপালী দেৱীয়ে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে কোভিডৰ বিৰুদ্ধে কৰা যুদ্ধ খনলৈ তেওঁলোকক আগবঢ়াই দিয়া হৈছে যদিও সুবিধাৰ নামত চৰকাৰে তেওঁলোকক বিশেষ একোৱেই দিয়া নাই।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত কোৱা কথাবোৰ স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে ৰক্ষা কৰা নাই বুলি তেওঁ কয়।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোভিড যোদ্ধা আশা কৰ্মীসকলক প্ৰতিদিনে ৩০০ টকাকৈ যি ভাট্টা দিব বুলি ঘোষণা কৰিছিল সেই ঘোষণা আজিলৈকে ৰূপায়ণ নকৰিলে বুলি দেৱীয়ে ক্ষোভ প্ৰকাশ কৰে।

কেৱল সেয়াই নহয়, কোভিড যুদ্ধত ভাগ লোৱা বাবে চৰকাৰে আশা কৰ্মীক দিবলগীয়া ৭,৫০০ টকা আজিলৈকে আদায় দিয়া নাই ।

যিটো সময়ত কোভিড যুদ্ধত ভাগ লোৱা সকলো স্বাস্থ্য কৰ্মীকে চৰকাৰে ৫০ লাখ টকাৰ স্বাস্থ্য বীমা দিব বুলি ঘোষণা কৰিছে সেই সময়তে আশা কৰ্মী সকলক এইক্ষেত্ৰত প্ৰয়োজনীয় কোনো প্ৰ-পত্ৰ যোগান ধৰা নাই বুলি নেত্ৰী গৰাকীয়ে কয়।

সেয়ে দুৰ্ভাগ্যবশতঃ কোনো আশা কৰ্মীৰ মৃত্যু ঘটিলে বীমাৰ ধন নাপাব বুলি তেওঁ আশংকা ব্যক্ত কৰে।

কৈ থাকিলেও ওৰকে নপৰা এনে এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত আশা কৰ্মী সকলে তেওঁলোকৰ ক্ষোভৰ বিস্ফোৰণ অহা ১ অক্টেোবৰত ঘটাব বুলি দিপালী দেৱীয়ে প্ৰকাশ কৰে।

এই সকল কোভিড যোদ্ধা আৰু তেওঁলোকৰ পৰিয়ালে যদি জাগি উঠে তেন্তে নিঃসন্দেহে তাৰ প্ৰভাৱ সমাগত নিৰ্বাচনত বিজেপিৰ ভোটবেংকৰ ওপৰত পৰিবই পৰিব। সেয়া নিশ্চিত।

Recent News

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

অসমৰ শেষ সীমান্ত জাগুনত স্থাপন হ’ব অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান

অসমৰ শেষ সীমান্ত জাগুনত স্থাপন হ’ব অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

২৩ জানুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু অসম চৰকাৰ

IMG-20210119-WA0047

২০২১ৰ নিৰ্বাচনৰ পূৰ্বে অঙ্গনবাড়ী কৰ্মী সহায়িকাৰ দাবী পূৰ্ণ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd