• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰশাসনৰ ফোপোলা স্বৰূপ নে আয়োজকৰ ব্যৰ্থতা? বিমান বন্দৰত আবদ্ধ ভাৰতীয় খেলুৱৈ, থকা ঠাইৰো নাই সু-ব্যৱস্থা

জাপানৰ নাগোয়াত উপস্থিত হোৱাৰ পাছতেই এক অনাকাংক্ষিত আৰু তিক্ত অভিজ্ঞতাৰ সন্মুখীন হ'বলগীয়া হৈছে ভাৰতীয় ৰ'ৱিং আৰু শ্বুটিং দল; থকাৰ ব্যৱস্থা, যাতায়াত আৰু এক্ৰিডিটেচনক লৈ সৃষ্টি হৈছে তীব্ৰ খেলিমেলিৰ

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 19, 2026 9:14 pm
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এছিয়ান গেমছ ২০২৬ত অংশগ্ৰহণ কৰিবলৈ জাপানত উপস্থিত হোৱাৰ পাছতেই ভাৰতীয় ৰ’ৱিং আৰু শ্বুটিং দলটোৱে চৰম অব্যৱস্থা আৰু হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে। মঙলবাৰে নিশা নাগোয়া বিমান বন্দৰত উপস্থিত হোৱাৰ পাছতেই সাংগঠনিক দক্ষতাৰ বাবে পৰিচিত জাপানৰ ব্যৱস্থাপনাৰ ফোপোলা স্বৰূপ পোহৰলৈ আহে। ভাৰতীয় ৰ’ৱিং দলটোৰ সৰহসংখ্যক খেলুৱৈয়ে থকা ঠাই নোপোৱাত আবদ্ধ হৈ পৰাৰ লগতে একাংশ খেলুৱৈৰ নাম এক্ৰিডিটেচন ব্যৱস্থাতেই অন্তৰ্ভুক্ত নোহোৱাৰ অভিযোগ উত্থাপন হৈছে। ভাৰতীয় ৰ’ৱিং ফেডাৰেচনৰ (আৰএফআই) এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, ২২ জন পুৰুষ খেলুৱৈৰ ভিতৰত মাত্ৰ তিনিগৰাকীৰ নামতহে আৱাসৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি, বৈধ এক্ৰিডিটেচন থকাৰ পাছতো পুনম, এলিনা এণ্টো আৰু অংশিকা ভাৰতী নামৰ পাঁচগৰাকীৰ ভিতৰত তিনিগৰাকী মহিলা খেলুৱৈৰ নাম আয়োজকৰ তালিকাত পঞ্জীয়ন হোৱা নাই।

 

Apply Now

ৰ’ৱিং দলটোৰ এই দুৰ্দশা বিমানত উঠাৰ পূৰ্বেই আৰম্ভ হৈছিল। মঙলবাৰে নিশা মুম্বাইৰ পৰা যাত্ৰা কৰা দলটোৰ এটা গোটক কেথে পেচিফিক বিমান কৰ্তৃপক্ষই তেওঁলোকৰ বঠাসমূহ (oars) লগত নিবলৈ অনুমতি দিয়া নাছিল। পাছত বঠাসমূহ দিল্লীলৈ নিয়া হয় আৰু বৃহস্পতিবাৰে পুৱা প্ৰথমটো আনুষ্ঠানিক অনুশীলনৰ ঠিক পূৰ্বেই সেইবোৰ নাগোয়াত উপস্থিত হ’ব বুলি আশা কৰা হৈছে। ইয়াৰ মাজতেই ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে (ছাই) মহিলা দলৰ প্ৰশিক্ষক ৰতীশ কুমাৰ আৰু দলৰ মেনেজাৰ ৰামাকৃষ্ণন ৰামচন্দ্ৰনক নিজৰ থকাৰ ব্যৱস্থা নিজেই কৰিব লাগিব বুলি পলমকৈ অৱগত কৰাত খেলুৱৈসকলৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে। আনহাতে, ভাৰতীয় শ্বুটিং দলটোৱেও মঙলবাৰে নিশা ৯ বজাত নাগোয়া বিমান বন্দৰত উপস্থিত হৈ প্ৰায় তিনি ঘণ্টা ধৰি বাছৰ বাবে অপেক্ষা কৰিবলগীয়া হয়। বিমান বন্দৰৰ সকলো দোকান-পোহাৰ বন্ধ থকাৰ লগতে ৱেলকাম চেণ্টাৰতো কোনো তথ্য নথকাত তেওঁলোকে খাদ্যৰ অভাৱত ৰাতিপুৱা ৪ বজাতহে গৈ হোটেলত উপস্থিত হ’ব পাৰে।

 

খেলিমেলি ইমানতেই ক্ষান্ত নাছিল। ভাৰতীয় পিষ্টল শ্বুটিং দলৰ মুখ্য প্ৰশিক্ষক সমৰেশ জঙে তেওঁৰ এক্ৰিডিটেচন কাৰ্ডখনত খেলপথাৰ আৰু খেলুৱৈৰ এলেকাত প্ৰৱেশৰ অনুমতি নথকা দেখি হতভম্ব হৈ পৰে। ভাৰতীয় অলিম্পিক সংস্থাই (আইঅ’এ) প্ৰদান কৰা তালিকা অনুসৰিয়েই আয়োজকে এনেদৰে এক্ৰিডিটেচন প্ৰদান কৰা বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত নেচনেল ৰাইফল এছ’চিয়েচন অৱ ইণ্ডিয়াৰ সৈতে যোগাযোগ কৰাৰ পাছত বিষয়টো সমাধানৰ আশ্বাস দিয়া হৈছে আৰু জঙক নতুন এক্ৰিডিটেচন প্ৰদান কৰা হ’ব বুলি সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে, সুৰুচি ফোগাট আৰু আকাশ ভৰদ্বাজৰ দৰে ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটাৰসকলে জঙৰ অধীনতেই প্ৰশিক্ষণ লৈ আছে, সেয়েহে তেওঁৰ অনুপস্থিতিয়ে ভাৰতৰ পদক জয়ৰ সম্ভাৱনাত প্ৰভাৱ পেলাব পাৰে।

 

ইয়াৰ সমান্তৰালভাৱে, জাপানত এছিয়ান গেমছৰ বাবে প্ৰস্তুতি চলাই থকা ভাৰতীয় ঘোঁৰাচালয় (ইকুৱেষ্ট্ৰিয়ান) দলটোৱেও চৰকাৰী পুঁজিৰ অভাৱৰ বাবে নিজৰ ঘোঁৰাৰ দানা আৰু থকা ঠাইৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। ভাৰতীয় অলিম্পিক সংস্থাই নিযুক্তি দিয়া এড-হক সমিতিয়ে পুঁজিৰ নাটনিৰ কথা স্বীকাৰ কৰিছে। এড-হক পেনেলৰ প্ৰশাসনিক সদস্য তথা ঘোঁৰাচালয় দলৰ দলপতি লেফটেনেণ্ট কৰ্ণেল সন্দীপ দেৱানে প্ৰেৰণ কৰা এক ইমেইলত উল্লেখ কৰা মতে, ৰাষ্ট্ৰীয় ফেডাৰেচনক প্ৰদান কৰা পুঁজি পৰ্যাপ্ত নহয় আৰু ঘোঁৰাৰ ৰক্ষণাবেক্ষণৰ বাবে চৰকাৰে বৰ্তমানলৈ কোনো ধন মুকলি কৰি দিয়া নাই। সেয়েহে খেলুৱৈসকলক নিজৰ ধনেৰে ঘোঁৰাৰ খাদ্য ক্ৰয় কৰি পাছত তাৰ বিল জমা দিবলৈ কোৱা হৈছে। জাৰ্মানীত আৱশ্যকীয় কোৱাৰেণ্টাইনৰ সময়তো খেলুৱৈসকলে নিজৰ জেপৰ ধনেৰে খাদ্য, যাতায়াত আৰু আৱাসৰ ব্যয় বহন কৰিবলগীয়া হৈছিল আৰু ইয়াৰ ধন এতিয়াও ঘূৰাই পোৱা নাই। এছিয়ান গেমছৰ দৰে এক আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহৰ পূৰ্বে ভাৰতীয় খেলুৱৈসকলে সন্মুখীন হোৱা এনে চৰম অব্যৱস্থাই এতিয়া ক্ৰীড়া প্ৰশাসনৰ ভূমিকাক লৈ গুৰুতৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd