• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গ্ৰন্থৰ বুকুত পুনৰ অসম আন্দোলন: কটন বিশ্ববিদ্যালয়ত “অসম আন্দোলনৰ গল্প” উন্মোচন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 2, 2023 8:12 pm
Asom Andulonor Galpa
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কটন বিশ্ববিদ্যালয় প্ৰাঙ্গণত আজি উন্মোচিত হয় সঞ্জীৱ পল ডেকা সম্পাদিত অসম আন্দোলনৰ পটভূমিত ৰচিত ৪১ গৰাকী গল্পকাৰৰ ৫৩ টা গল্পৰ সংকলন “অসম আন্দোলনৰ গল্ল”। উন্মোচনী সভাত অপূৰ্ব শৰ্মা, ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী, মুনীন বায়ন, অৰূপা পটঙ্গীয়া কলিতা আদি ৰাজ্যৰ কেইবাগৰাকীও সাহিত্যিক-সমালোচকে বক্তব্য ৰাখে।

সভাখন উদ্বোধন কৰি কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই কয়, “স্বৰাজোত্তৰ অসমৰ গুৰুত্বপূৰ্ণ সংঘটনসমূহৰ ভিতৰত ছবছৰজোৰা অসম আন্দোলনৰ অতীৱ গুৰুত্ব আছে। প্ৰব্ৰজনে অসমীয়া জাতীয় জীৱনলৈ যি সংকট নমাই আনিছিল, কুৰি শতিকাৰ বিছ-ৱ্ৰিছ-চল্লিছৰ দশকত অম্বিকাগিৰী ৰায়চৌধুৰী, জ্ঞাননাথ বৰা, হৰেন্দ্ৰনাথ বৰুৱা আদিকে ধৰি অসমীয়া লেখক-বুদ্ধিজীৱীসকলে যি উদ্বেগ প্ৰকাশ কৰিছিল, সি নিশ্চয় ভিত্তিহীন নাছিল।”

Apply Now

“১৯৭৮-৭৯ ত আৰম্ভ হোৱা অসম আন্দোলনে সৰ্বস্তৰত যি সমৰ্থন লাভ কৰিছিল, সিয়ে বিদেশী সমস্যা সম্পৰ্কত অসমীয়া মানুহৰ মনত থকা দীৰ্ঘদিনীয়া শংকা-সংশয়কেই প্ৰতীয়মান কৰে। সাহিত্য যিহেতু সমাজৰ শুভ-অশুভৰ লগতে পধ্রুতিহাসিক ঘটনাৱলীৰো প্ৰতিফলক, অসম আন্দোলনকেন্দ্ৰিক সাহিত্যৰো সেয়ে অত্যন্ত গুৰুত্ব আছে।”— তেওঁ লগতে কয়।

নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰি সাংবাদিক-সমালোচক মুনীন বায়নে কয় যে পশ্চিমবংগৰ নক্সাল আন্দোলনৰ পটভূমিত ভালেমান কালোৱীৰ্ণ সাহিত্য সৃষ্টি হৈছে যদিও অসম আন্দোলনৰ পটভূমিত অন্ততঃ সমৰ্থকসকলৰ দ্বাৰা মনত ৰৈ যোৱা সাহিত্য সৃষ্টি হোৱা নাই। সকলো পক্ষৰে গল্প অন্তৰ্ভুক্ত হোৱা “অসম আন্দোলনৰ গল্প” সংকলনখনত কেইবাটাও উল্লেখযোগ্য গল্প সন্নিৱিষ্ট হৈছে আৰু আন্দোলনটোক নতুনকৈ চোৱাত এই গল্পসমূহে সহায় কৰিব বুলি তেওঁ আশা ব্যক্ত কৰে।

প্ৰথিতযশা গল্পকাৰ-চলচ্চিত্ৰ সমালোচক অপূৰ্ব শৰ্মাই সাহিত্য আৰু সমাজ সম্পৰ্কত ব্যাখ্যা আগবঢ়াই “অসম আন্দোলনৰ গল্প”ৰ দৰে সংকলনৰ প্ৰয়োজনীয়তা দোহাৰে। অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীয়ে কয় যে আৰম্ভণীৰে পৰা তেওঁ অসম আন্দোলনৰ বিৰোধী আছিল। দাৰ্শনিক হেগেলৰ উদ্ধৃতিৰে তেওঁ কয় যে যিহেতু আন্দোলনটো হৈ যাবলৈ ভালেমান বছৰ হৈ গ’ল, এনেধৰণৰ সংকলনৰ জৰিয়তে অসম আন্দোলনৰ বস্তুনিষ্ঠ মূল্যায়ন হোৱাত নিশ্চয় সহায়ক হ’ব।

গ্ৰন্থখনৰ সম্পাদক তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক সঞ্জীৱ পল ডেকাই সংকলনখনৰ প্ৰস্তুতিৰ অন্তৰালৰ কথা ব্যক্ত কৰে আৰু আশা কৰে যে অসম আন্দোলনৰ নানানটা দিশ উন্মোচিত হোৱাত এই সংকলনে সহায় কৰিব।

এই সংকলনৰ লেখকসকলৰ ভিতৰত সেই সময়ত আন্দোলন সমৰ্থন কৰোঁতা, বিৰোধিতা কৰোঁতা, আনকি নিৰ্যাতিত লোকৰো সাহিত্য অন্তৰ্ভুক্ত কৰা হৈছে বুলি ডেকাই জানিবলৈ দিয়ে।

বসন্ত ডেকা, দেৱব্ৰত দাস, শোণিত বিজয় দাস, ইৰশ্বাদ আলি, দিগন্ত ওজা, এম কামালুদ্দিন আহমেদ আদি ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট লোকে অংশগ্ৰহণ কৰা সভাখনৰ আঁত ধৰে উপাসনা বৰাই। গ্ৰন্থখন প্ৰকাশ কৰিছে গুৱাহাটীৰ বনলতা প্ৰকাশনে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd