• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ ভোটাৰ ৰাইজলৈ ভাৰত জোড়ো অভিযান, অসম আৰু অসম নাগৰিক সমাজৰ আহ্বান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 20, 2024 11:55 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ভোটাৰ ৰাইজলৈ এলানি ৰাজহুৱা আহ্বান জনাইছে ভাৰত জোড়ো অভিযান, অসম আৰু অসম নাগৰিক সমাজে। মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন ৰাজহুৱা সভাৰ পিছতে সংবাদ মেল পাতি সংগঠন দুটাৰ ফালৰ পৰা এই আহ্বান জনোৱা হয়।

অসম নাগৰিক সমাজৰ সভাপতি অজিত ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত উপস্থিত থাকে গুৱাহাটীৰ প্ৰাক্তন আৰ্চ বিচপ ফাদাৰ মেনম পৰমপীল, সাংবাদিক সবিতা লহকৰ, অধ্যাপক আব্দুল মান্নান আৰু ভাৰত জোড়ো অভিযান, অসমৰ আহ্বায়ক পৰেশ মালাকাৰ।

সভাত ফাদাৰ মেনম পৰমপীলে দেশৰ সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰৰ কথা উল্লেখ কৰি সংবিধানৰ মৰ্যাদা ৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সাংবাদিক সবিতা লহকৰে শাসক পক্ষৰ স্বৈৰাচাৰীতাৰ দিশটো উদঙাই দি নাগৰিকসকলক সচেতন হোৱাৰ আহ্বান জনায়। আব্দুল মান্নানে তেওঁৰ বক্তৱ্যত কা-এখন অপ্ৰয়োজনীয় আৰু বৈষম্যমূলক আইন বুলি অভিহিত কৰি ই সামাজিক বিভাজন সৃষ্টি কৰা বুলি কয়।

Apply Now

ইপিনে, ভাৰত জোড়ো অভিযান, অসম আৰু অসম নাগৰিক সমাজে অসমৰ ভোটাৰ ৰাইজলৈ আহ্বান জনোৱা গোহাৰিখন পাঠ কৰে পৰেশ মালাকাৰে।

তলত ভাৰত জোড়ো অভিযান, অসম আৰু অসম নাগৰিক সমাজে ভোটাৰ ৰাইজলৈ আহ্বান জনোৱা গোহাৰিখনৰ পূৰ্ণ পাঠ দাঙি ধৰা হ’লঃ-

এবাৰ ভাবি চাওঁ আহক!

ভাৰত জোড়ো অভিযান, অসম আৰু অসম নাগৰিক সমাজৰ আহ্বান

আমাৰ সন্মুখত ২০২৪-ৰ সাধাৰণ নিৰ্বাচন। এখন চৰকাৰে ক’ত গুৰুত্ব দিয়া উচিত – সুশাসন, জনকল্যাণ নে মঠ-মন্দিৰ নিৰ্মাণত? নিৰ্বাচনত ভোট দিয়াৰ সময়ত আমি তলৰ কথা কেইটা ভাবি চোৱা উচিত নহ’বনে? এইবোৰৰ প্রতিবাদ কৰিবলৈ সদল বলে ওলাই গৈ আমি ভোটদান কৰা উচিত নহ’বনে?

১. কৰ্ম সংস্থানঃ যোৱা ৪০ বছৰৰ ভিতৰত এতিয়া ভাৰতবৰ্ষত নিবনুৱা সমস্যাই আটাইতকৈ ভয়াবহ ৰূপ লৈছে। সৌ সিদিনা উত্তৰ প্ৰদেশত ৬০ হাজাৰ চিপাহীৰ পৰীক্ষাত ৪০ লাখতকৈ অধিক প্রাৰ্থীয়ে আবেদন কৰিছিল। অসমৰো একেই অৱস্থা। চৰকাৰী চাকৰি নোহোৱা হৈ আহিছে, আগ দুৱাৰেদি যদি ঢাক-ঢোল বজাই চাকৰি দিয়াৰ সমাৰোহ পাতিছে, পিছ দুৱাৰেদি আজি ইটো কালি সিটো বিভাগ বন্ধ কৰি চাকৰি নোহোৱা কৰিছে। প্রতি বছৰে ১০০০০০ চাকৰি দিয়াৰ পৰিবৰ্তে ২০১৪ চনৰ পৰা ২০২৪ চনলৈ চৰকাৰে মাত্ৰ ১৪৪২২৭ গৰাকী লোকক হে চাকৰি দিছে। এতিয়া ৰাজ্যত নিবনুৱাৰ সংখ্যা ২০ লাখৰো অধিক।

২. স্বাস্থ্যঃ চৰকাৰে এখনৰ পিছত এখন মেডিকেল কলেজ আৰু হস্পিটাল পাতিছে। ভাল কথা। কিন্তু, সেইবোৰৰ সৰহভাগতে চিকিৎসক আৰু চিকিৎসাৰ সুব্যৱস্থা নাই বাবে সাধাৰণ বেমাৰ এটা হ’লেই মানুহ গুৱাহাটীৰ ব্যক্তিগত চিকিৎসালয়লৈ দৌৰ মাৰিব লগা হয়।

৩. শিক্ষাঃ এতিয়ালৈকে ৭০০০ তকৈও বেছি চৰকাৰী স্কুল বন্ধ হ’ল। চৰকাৰী স্কুলৰ অৱস্থা ইমানেই বেয়া যে এতিয়া দুখীয়া মানুহেও যিকোনো প্রকাৰে ল’ৰা-ছোৱালীক ব্যক্তিগত বিদ্যালয়লৈহে পঠায়। উচ্চশিক্ষাত অসমৰ স্থান দেশৰ ভিতৰতে তলত।

৪. মূল্যবৃদ্ধিঃ মূল্যবৃদ্ধি সদায়ে আছিল। কিন্তু, এই চৰকাৰৰ দিনত ই যেন সকলো সীমা চেৰাই গ’ল। গেছ চিলিণ্ডাৰৰ মূল্য কিমানবাৰ বাঢ়িছে। সম্পত্তি কৰ, অন্যান্য কৰ-কাটল কিমান বাঢ়িছে। বিদ্যুৎ বিলৰতো কথাই নাই। মূল্যবৃদ্ধি এতিয়া সাধাৰণ মানুহে সহিব নোৱৰা অৱস্থা হৈছে।

৫. বেপাৰ-বণিজঃ বিমুদ্ৰাকৰণ আৰু কভিডৰ পিছত সৰু-সুৰা ব্যৱসায় কৰা মানুহে যিটো খুন্দা খালে তাৰ পৰা এতিয়াও তেওঁলোক উঠিব পৰা নাই। দোকান আছে গ্ৰাহক নাই। না চৰকাৰে তেওঁলোকক কিবা সুবিধা দিছে!

৬. কৃষিঃ ৰাজ্যৰ ৭০% লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল কিন্তু কৃষিত চৰকাৰৰ মতি নাই। এইবাৰৰ বাজেটত জলসিঞ্চনত মাত্ৰ ১৬ কোটি, কিন্তু অযোধ্যা দৰ্শনৰ বাবে ২৫ কোটি। ক্ষুদ্ৰ চাহ খেতিৰ সৈতে উজনিত কিমান মানুহৰ জীৱন জড়িত। তাত চৰকাৰৰ কোনো সাহায্য নাই। অসমৰ সৰহ সংখ্যক মানুহে এতিয়া কৃষি-কৰ্ম এৰাৰ দৰেই।  অতিপাত খৰচী কাৰণেই খেতি বাদ দি কেইটামান টকাৰ কাৰণে আমাৰ ল’ৰা অসমৰ বাহিৰলৈ গৈছে নিৰাপত্তা ৰক্ষীৰ কাম বিচাৰি।

৭. দুৰ্নীতিঃ সৰু-সুৰা কৰ্মচাৰীৰ দুৰ্নীতি কৰিলে কাকতত ছবি ওলায়৷ কিন্তু, ডাঙৰ দুৰ্নীতি কৰা নেতাই বিজেপিত যোগ দিলে তেওঁলোকক আদৰি লোৱা হয়। মুখ্যমন্ত্ৰী আৰু আন মন্ত্ৰীসকলৰ পৰিয়ালে যে সম্পত্তিৰ পাহাৰ গঢ়িছে, তেওঁলোকে দুৰ্নীতি কৰা নাই?

৮. নিৰ্মাণঃ এইখন চৰকাৰৰ মূল কাম হৈছে ভঙাপতা। সঁচা। অকামিলা হ’লে পুৰণি বস্তু ভাঙি তাৰ ঠাইত নতুনবস্তু নিৰ্মাণ কৰিব লাগে৷ কিন্তু, হোৱাই-নোহোৱাই ভঙাপতা কৰাটোৱেই যেন এওঁলোকৰ মূল কাম। গুৱাহাটীৰ ডি চি অফিছ উঠাই দিলে। এতিয়া হাইক’ৰ্টো ইয়াৰপৰা উঠাই নিবলৈ ওলাইছে। আন চহৰবোৰতো একেই কথা। কেৱল নিৰ্মাণ আৰু নিৰ্মাণ৷ এই কামবোৰ পাইছে কোনে? বেছিভাগেই বাহিৰৰ ডাঙৰ ঠিকাদাৰে। বাহিৰৰ ঠিকাদাৰে কমিছন দি কাম লৈছে আৰু আমাৰ টকা বাহিৰলৈ গৈ আছে। ৰাজ্যৰ উপকাৰ আৰু অৰ্থনীতিত একো লগা নাই। সৰু সৰু ঠিকাদাৰৰ অৱস্থা কাহিল। তেওঁলোকে কাম নাপায় আৰু কাম কৰিলেও পইছা চৰকাৰৰ ঘৰত সোমাই থাকে। এতিয়ালৈ প্রায় ২২০০০ কোটি টকাৰ ঠিকাৰ বিল অনাদায় হৈ আছে।

৯. বানপানী আৰু গৰা খহনীয়াঃ বানপানী আৰু গৰা খহনীয়াই বছৰি কিমান মানুহৰ ঘৰ-মাটি নোহোৱা কৰিছে! কিন্তু চৰকাৰ নিৰ্বিকাৰ। সামান্য সাহায্য দিয়ে নিজৰ দায়িত্ব সামৰে।

১০.আশা কৰ্মী,অংগনবাদী কৰ্মী, টেট শিক্ষকঃ আজি কিমান দিন ধৰি আশা কৰ্মী, অংগনবাদী কৰ্মী আৰু টেট শিক্ষকে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে আন্দোলন কৰি আছে! অথচ চৰকাৰে তেওঁলোকৰ দাবীৰ প্ৰতি কোনো সঁহাৰি দিয়া নাই।

১১. পুৰণি পেঞ্চন নীতিঃ পুৰণি পেঞ্চন নীতিৰ বাবে আজি কিমান দিন ধৰি কৰ্মচাৰী সকলে আন্দোলন কৰি আছে,কিন্তু চৰকাৰৰ গা লৰা নাই।

১২. থলুৱাৰ নিযুক্তিঃ আগতে যিকোনো চৰকাৰী বিভাগ আৰু ৰাজহুৱা খণ্ডৰ নিগমবোৰৰ সৰু-সুৰা চাকৰিত স্থানীয় লোকে চাকৰি পাইছিল। এই চৰকাৰ অহাৰ পিছত সেইবোৰ চাকৰিও অসমৰ বাহিৰৰ মানুহলৈ গ’ল।

১৩.অনুষ্ঠান-প্রতিষ্ঠানৰ স্বতন্ত্ৰতাঃ আগতেও চি বি আই, ইডি, নিৰ্বাচন আয়োগ বা ন্যায়পালিকাৰ ওপৰত চৰকাৰৰ এটা পৰোক্ষ প্ৰভাৱ আছিল। কিন্তু, এতিয়া সেইবোৰে স্বতন্ত্রতা হেৰুৱাই সম্পূৰ্ণৰূপে বিজেপিৰ বহতীয়া হৈ পৰিল। তাৰ শেহতীয়া উদাহৰণ চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচন ৷ ই দেশৰ গণতন্ত্ৰৰ বাবে কিমান বিপজ্জনক!

১৪. মিছন বসুন্ধৰাঃ এই আঁচনিখনত যিবোৰ চৰ্ত দিয়া হৈছে সেইবোৰৰ দ্বাৰা ভূমিহীনক ভূমি পট্টা দিয়াতকৈ, কৃষকৰ হাতত থকা মাটি ক্ষতিপূৰণ নিদিয়াকৈ বনিয়াক গটোৱাৰহে ব্যৱস্থা কৰা হৈছে। খিলঞ্জীয়া কোন সেইটোও এতিয়ালৈ ঠিক কৰা হোৱা নাই।

১৫. ঋণঃ চৰকাৰে তাক যধে-মধে খৰচ কৰি ৰাজকোষৰ তলি উদং কৰিছে আৰু প্রায় প্রতিমাহে ঋণ লৈ ৰাইজৰ মূৰৰ ওপৰত ধাৰৰ বোজা বঢ়াইছে।

১৬. কা আইনঃ প্ৰতিশ্ৰুতি আছিল ষষ্ঠ অনুসূচীৰ যোগেদি অসমীয়া পৰিচয়ৰ সংৰক্ষণ কৰা, কিন্তু তাৰ পৰিবৰ্তে আহিল কা। বিপ্লৱ শৰ্মা কমিটিৰ প্রতিবেদনো ধোঁৱাচাঙত উঠিল।

সেয়ে ভোট দিয়াৰ আগতে আকৌ এবাৰ এই কথা কেইটা ভাবি চাওক!

(ভাৰত জোড়ো অভিযান, অসম আৰু অসম নাগৰিক সমাজৰ হৈ পৰেশ মালাকাৰ, দীপক গোস্বামী, শংকৰ শইকীয়া আৰু শান্তনু বৰঠাকুৰৰ দ্বাৰা প্রচাৰিত আৰু প্রকাশিত)

যোগাযোগৰ নম্বৰঃ ৯৮৬৪১১০৪৫৫, ৯৪৩৫৫৪১৩০০, ৭৮৯৬৭৪৬৫৬৬, ৯৪৩৫১০৪৮৮৮

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd