কা-বিৰোধী গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন অসম নাগৰিক সমাজ, ভাৰত জোড়ো অভিযান, অসমৰ

কা-ৰ বিৰুদ্ধে প্ৰতিবাদ। ফাইল ফটো।

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সকলো গণতান্ত্ৰিক, অহিংস আৰু শান্তিপূৰ্ণ আন্দোলনলৈ অসম নাগৰিক সমাজ আৰু ভাৰত জোড়ো অভিযান, অসমে পূৰ্ণ সমৰ্থন আগবঢ়াইছে। অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞা আৰু ভাৰত জোড়ো অভিযান,অসমৰ আহ্বায়ক পৰেশ মালাকাৰে প্ৰেৰণ কৰা এক বিবৃতিত এই কথা সদৰী কৰিছে।

বিবৃতিটোত কোৱা হৈছে, “নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰিবলৈ লোৱা সিদ্ধান্তক আমি অসম নাগৰিক সমাজ আৰু ভাৰত জোড়ো অভিযান, অসমৰ হৈ গৰিহণা দিওঁ আৰু ইয়াৰ বিৰুদ্ধে সকলো গণতান্ত্ৰিক, অহিংস আৰু শান্তিপূৰ্ণ আন্দোলনলৈ পূৰ্ণ সমৰ্থন আগবঢ়াওঁ।‘’

‘কা’ সংবিধান বিৰোধী, অসম চুক্তি বিৰোধী আৰু ই অসমৰ জাতীয় পৰিচয়ৰ প্ৰতি এক গুৰুতৰ ভাবুকি বুলি উল্লেখ কৰি বিবৃতিটোত কোৱা হৈছে, “অসমীয়া পৰিচয়ৰ স্বকীয়ত্ব ৰক্ষাৰ বাবে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা কমিটিৰ পৰামৰ্শাৱলীক চৰকাৰে আজিকোপতি কাৰ্যকৰী নকৰিলে।তাক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰিলে। অথচ, তেতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে প্ৰতিবেদন দাখিল কৰাৰ পিছদিনাই এই কমিটিৰ পৰামৰ্শাৱলী কাৰ্যকৰী কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল, তাক ৰাজহুৱাকৈ ঘোষণা কৰিছিল। কিন্তু, তাৰ বিপৰীতে,নিৰ্বাচনৰ আগ মুহূৰ্তত ‘কা’ বলবৎৰ ঘোষণা কৰি অসম আৰু অসমীয়াৰ প্ৰতি এই চৰকাৰে চৰম অন্যায় কৰিলে।‘’

বিবৃতিটোত লগতে কোৱা হৈছে, “শেষত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে ক্ষমতাত তিষ্ঠি থাকিবলৈ যি কোনো কামেই কৰিব পাৰে। সেয়ে, এই মুহূৰ্তত আমাৰ সকলোৰে একমাত্ৰ লক্ষ্য হোৱা উচিত আগন্তুক নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ভোট দি তেওঁলোকক ক্ষমতাৰ পৰা বিতাৰিত কৰা। এতিয়া,সেইটোৱেই ‘কা’ বিৰোধী সকলো দল, সংগঠন আৰু ব্যক্তিয়ে এটা পণ হিচাপে লোৱা উচিত।‘’