ভোট গণনাৰ সময়ত সতৰ্ক হৈ থাকিবলৈ আহ্বান অসম নাগৰিক সমাজৰ

ভোটগণনাৰ সময়ত শাসকীয় পক্ষই ৰাষ্ট্ৰযন্ত্ৰক ব্যৱহাৰ কৰি যাতে কোনো উপায় অৱলম্বন কৰি প্ৰভাৱ পেলাব নোৱাৰে তাৰ বাবে সংশ্লিষ্ট সকলোকে আহ্বান জনাইছে অসম নাগৰিক সমাজে। এক বিবৃতিযোগে এই আহ্বান জনাইছে অসম নাগৰিক সমাজৰ সভাপতি অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক পৰেশ মালাকাৰে। বিবৃতিটোৰ পূৰ্ণ পাঠ আগবঢ়োৱা হ’ল-

আশংকা কৰা ধৰণেই, এক্সিট প’লত, মুখ্যধাৰাৰ সংবাদ মাধ্যমে ভাৰতীয় জনতা পাৰ্টিক অনায়াসে, চৰকাৰ গঠন কৰাৰ জোখাৰে আসন গোটাই দিছে। এইখিনিতে আমি কেইটামান কথা মনত পেলোৱা উচিত। আমি লক্ষ্য কৰিছোঁ নিৰ্বাচনী প্ৰক্ৰিয়াত প্ৰভাৱ বিস্তাৰ কৰিবলৈ আৰম্ভণিৰে পৰা শাসকীয় দলটোৱে বিভিন্ন ধৰণে চেষ্টা কৰি আহিছে। উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ নামানি চৰকাৰে নিজৰ সংখ্যাগৰিষ্ঠতাৰে পছন্দৰ নিৰ্বাচন আয়ুক্ত নিযুক্তি দিছিল।

তাৰপিছত ভাৰতীয় জনতা পাৰ্টিৰ সুবিধা হোৱাকৈ নিৰ্বাচন আয়োগে সাতটা পৰ্যায়ত নিৰ্বাচনী সূচী প্ৰস্তুত কৰিছিল। তাৰ মাজতে বিৰোধী ঐক্য বিনষ্ট কৰিবলৈ চৰকাৰৰ কিমান কি ষড়যন্ত্ৰ? ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পৰা এক্সিট প’ল ঘোষণা কৰালৈ নিৰ্বাচনী প্ৰক্ৰিয়াটো চৰকাৰী পৰিকল্পনা আৰু শ্ৰুতলিপি মতেই হৈ আছে।

যোৱা সময়ছোৱাত চৰকাৰ, ৰাষ্ট্ৰযন্ত্ৰ আৰু মুখ্যধাৰাৰ প্ৰচাৰ মাধ্যমৰ মাজৰ সহযোগিতা আৰু সমন্বয়ৰ কথাটো আমি সুস্পষ্টভাৱে দেখা পাইছোঁ। আনহাতে, ইণ্ডিয়া এলায়েঞ্চৰ প্ৰতি সমৰ্থন জনোৱাৰ যোগেদি যোৱা সময়ছোৱাত চৰকাৰৰ বিৰুদ্ধে জনসাধাৰণে কেনেকৈ ক্ষোভ প্ৰকাশ কৰিছে সেইটোও আমি লক্ষ্য কৰিছোঁ। বিৰোধীৰ হৈ জনসাধাৰণেই যেন এইবাৰ নিৰ্বাচনত নামিছে।

আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ যে এক্সিট প’লৰ দ্বাৰা নহয় চাৰি জুনৰ ভোট গণনাৰ পিছতহে আমি নিৰ্বাচনৰ প্ৰকৃত ফলাফল জানিব পাৰিম। এই মুহূৰ্তত জনসাধাৰণ, নাগৰিক সমাজ আৰু বিৰোধী ৰাজনৈতিক দলৰ প্ৰাৰ্থী আৰু তেওঁলোকৰ সমৰ্থক সকললৈ আমাৰ এটাই আহ্বান – আমি সকলো এতিয়াৰে পৰা ভোট গণনা সম্পূৰ্ণ নোহোৱালৈকে অতন্দ্ৰ প্ৰহৰীৰ দৰে সতৰ্কহৈ থাকিব লাগিব যাতে ভাৰতীয় জনতা পাৰ্টিয়ে ৰাষ্ট্ৰযন্ত্ৰক হাত কৰি কোনো অসৎ উপায় অৱলম্বন কৰি ভোট গণনাত হেৰাফেৰি কৰিব নোৱাৰে।

ভোট গণনাৰ লগত জড়িত নিৰ্বাচন আয়োগৰ কৰ্মচাৰী সকলকো কোনো ভয়-ভাবুকিৰ বশৱৰ্তী নহৈ নিৰপেক্ষভাৱে নিজৰ কৰ্তব্য পালন কৰিবলৈ আমি আহ্বান জনাইছোঁ। আহক, নিৰ্বাচনৰ ফলাফল ব্যতিৰেকে গণতন্ত্ৰ আৰু সাংবিধানিক প্ৰমূল্য ৰক্ষাৰ হকে আমি সকলো ঐক্যবদ্ধ হওঁ।