বুধবাৰে বাক্সাত কাৰাগাৰৰ সন্মুখত জুবিন অনুৰাগী আৰু আৰক্ষীৰ মাজত সংঘটিত ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম নাগৰিক সন্মিলনে। অসম নাগৰিক সন্মিলনৰ হৈ হীৰেন গোহাঁই, হৰেকৃষ্ণ ডেকা, অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰ, আব্দুল মান্নান আৰু শান্তনু বৰঠাকুৰে প্ৰেৰণ কৰা এক বিবৃতিত জুবিনৰ শুভাকাংখী, অনুৰাগীসকলক যিকোনো পৰিস্থিতিতে শান্ত হৈ থাকিবলৈ আৰু ধৈৰ্য নেহেৰুৱালৈ আহ্বান জনাইছে।
বিবৃতিটোত উল্লেখ কৰা হৈছে, ‘’কালি বাক্সাত ঘটা ঘটনাটো কোনো কাৰণতে ঘটিব নালাগিছিল৷ ৰাইজে কেতিয়াও আইন হাতত তুলি ল’ব নালাগে আৰু হিংসাত্মক কাৰ্যত লিপ্ত হ’ব নালাগে৷ কিন্তু কালি প্ৰকৃততে তাত কি হৈছিল, ৰাইজে নিজে নিজে হিংসাত লিপ্ত হৈছিল নে আৰক্ষীয়ে তেওঁলোকক প্ৰৰোচিত কৰিছিল? অভিযুক্ত কেইজনক বাক্সালৈ স্থানান্তৰিত কৰাৰ প্ৰয়োজনে আছিল জানো?’’
নাগৰিক সন্মিলনৰ বক্তব্য হ’ল যে ‘’জুবিন গাৰ্গৰ আকস্মিক আৰু অকাল মৃত্যুত সাধাৰণ ৰাইজ বিচলিত হৈ পৰিছে। ৰাইজ, বিশেষকৈ যুৱক-যুৱতীসকলে এতিয়াও জুবিনৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই। সেয়ে নৰ্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক আৰু জুবিনৰ একাংশ সহযোগীৰ ওপৰত ৰাইজ এতিয়াও খৰ্গহস্ত হৈ আছে৷ ছিংগাপুৰত অনুষ্ঠিত নৰ্থইষ্ট ফেষ্টিভেলৰ মূল আয়োজক আছিল শ্যামকানু মহন্ত। সকলোৱে জানে যে এওঁ চৰকাৰৰ অতি ঘনিষ্ঠ৷ সেইকাৰণেও বেছিভাগ লোকেই এছআইটিৰ তদন্তক বিশ্বাস আৰু আস্থাৰে লোৱা নাই। তাৰে শেহতীয়া উদাহৰণ হ’ল এছ আই টিয়ে তথাকথিত বিশিষ্ট ব্যক্তিৰ এটা নিৰ্বাচিত গোটক নিমন্ত্ৰণ কৰাৰ বাবে লোৱা সিদ্ধান্ত। সকলোৱে তেওঁলোকৰ এই সিদ্ধান্তক ইতিকিং আৰু সমালোচনা কৰিছে। চৰকাৰৰ ওপৰত এনেও তৰুণ প্ৰজন্ম বিক্ষুব্ধ৷ জুবিনৰ মৃত্যুৱে তেওঁলোকৰ ক্ষোভৰ বহিৰ্প্ৰকাশ কৰাত যেন সহায়হে কৰিলে৷’’
বিবৃতিটোত কোৱা হৈছে, ‘’জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে যুৱসমাজ অস্থিৰ আৰু বিক্ষুব্ধ হৈ পৰিছিল৷ কিন্তু যুৱক-যুৱতীসকল যদি হিংসাত্মক কাৰ্যত লিপ্ত হয়, তাৰ ফল তেওঁলোকে বিচৰাৰ বিপৰীতহে হ’ব। তাৰ সুযোগ লৈ চৰকাৰে তদন্তৰ গতিপথে সলাই দিব পাৰে৷ তেতিয়া সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটোৱে পণ্ড হৈ যাব৷ যিকোনো পৰিস্থিতিতে আমি শান্ত হৈ থাকিব লাগিব, ধৈৰ্য ধৰি থাকিব লাগিব৷ আমাৰ সেই মানসিক দৃঢ়তাইহে জুবিন আৰু গৰিমাক ন্যায় দিয়াত সহায় কৰিব৷’’
বিবৃতিটোত লগতে কোৱা হৈছে, ‘’জুবিনৰ মৃত্যুৰ খবৰে সমগ্ৰ ৰাজ্যখনকে শোকবিহ্বল কৰি তুলিছিল, কিন্তু তেতিয়াও যুৱপ্ৰজন্মই শান্তি-শৃংখলা বজাই ৰাখি আমাৰ সকলোৰে আগত এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছিল৷ মহান শিল্পীজনৰ প্ৰতি শ্ৰদ্ধাৰ চিনস্বৰূপে আজিও আমি সেই একে দৃঢ়তা প্ৰদৰ্শন কৰা উচিত৷ আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গ সদায় ন্যায়ৰ পক্ষত আছিল, কিন্তু তেওঁ কেতিয়াও হিংসাৰ পোষকতা কৰা নাছিল৷’’





