আজি গান্ধী জয়ন্তীৰ দিনা অসম নাগৰিক সন্মিলনে জাতিৰ জনক মহাত্মা গান্ধীক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। আজিৰ দিনটোত সন্মিলনে ৰূপায়ন কৰিবলৈ আগবঢ়া দুটাকৈ কাৰ্যসূচীৰ ভিতৰত প্ৰথমটো কাৰ্যসূচীত ৰাতিপুৱা চানমাৰিৰ খাদী আৰু গ্ৰাম্যোদ্যোগ ভৱনৰ সন্মুখত থকা গান্ধী মূৰ্তিত মাল্যাৰ্পণ কৰা হয়।
এই কাৰ্যসূচীত বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোঁহাই আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ধীৰেশ নাৰায়ন চৌধুৰীয়ে অসম নাগৰিক সন্মিলনৰ হৈ গান্ধী মূৰ্তিত মাল্যাপৰ্ণ কৰে।
বহু বিশিষ্ট ব্যক্তি তথা নাগৰিকৰ উপস্থিতিত দুয়োগৰাকী ব্যক্তিয়ে মহাত্মা গান্ধীৰ জীৱন-দৰ্শনৰ ওপৰত আলোকপাত কৰে।
তেওঁলোকে গান্ধীৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে সাম্প্ৰতিক সময়ত গান্ধীৰ প্ৰাসংগিকতা সন্দৰ্ভত বক্তব্য দাঙি ধৰে।
আজি গান্ধী জয়ন্তী উপলক্ষে সমগ্ৰ দেশে জাতিৰ পিতা মহাত্মা গান্ধীক স্মৰণ কৰিছে। গান্ধীজীৰ সত্য আৰু অহিংস নীতিৰ আদৰ্শই বিশ্বক আলোড়িত কৰি ৰখাৰ লগতে সাম্প্ৰতিক কালত বিশ্বত দেখা দিয়া অস্থিৰতাৰ পৰিৱেশত গান্ধী দৰ্শনে শান্তিৰ পথ দেখুৱাব পাৰে বুলি সমগ্ৰ বিশ্বই স্বীকাৰ কৰে।
সম্প্ৰতি দেশখনে সন্মুখীন হোৱা পৰিস্থিতিত গান্ধীজীৰ প্ৰাসংগিকতা সোঁৱৰাই দিয়ে। বিয়পি পৰা সাম্প্ৰদায়িক বিষবাষ্প, উন্নয়নৰ নামত পৰিৱেশ ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনে দেশখনত সৃষ্টি কৰা পাৰিৱেশিক ভাৰসাম্যহীনতা সাম্প্ৰতিক কালৰ উদ্বেগৰ কাৰণ।
এনে পৰিস্থিতি গান্ধীজীৰ চিন্তাৰ আলোকত তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ অসম নাগৰিক সন্মিলনে আজি পুৱা ১১ বজাত দিছপুৰৰ শ্ৰীমন্ত শংকৰ একাডেমীৰ বীণা চৌধুৰী প্ৰেক্ষাগৃহত ইয়াৰ দ্বিতীয়টো অনুষ্ঠানৰ আয়োজন কৰিছে।





