• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্ছেদৰ নামত এই নৰহত্যা বন্ধ হওক: অসম নাগৰিক সমাজ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 24, 2021 7:17 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি ছিপাঝাৰত উচ্ছেদৰ সময়ত যি নিৰ্মমভাৱে তিনিজন লোকক হত্যা কৰা হ’ল, তাক অসম নাগৰিক সমাজে গৰিহণা দিছে।

অসম নাগৰিক সমাজ সভাপতি হৰেকৃষ্ণ ডেকা,কাৰ্যকৰী সভাপতি অজিত কুমাৰ ভূঞা,উপ সভাপতি প্ৰশান্ত ৰাজগুৰু আৰু সাধাৰণ সম্পাদক পৰেশ মালাকাৰে স্বাক্ষৰ কৰা বিবৃতিত এনেদৰে কোৱা হৈছে—’আমি শীঘ্ৰে এই ঘটনাৰ এক ন্যায়িক তদন্ত দাবী কৰোঁ৷ আইনৰ শাসনৰ নামত কালিৰ ঘটনাটো এক কলংক৷ গুলীবিদ্ধহৈ ঢলি পৰা মানুহ এজনৰ ওপৰত পাশৱিক উল্লাসেৰে জঁপিয়াই পৰাটো কি এক অমানুষিক বৰ্বৰতা! কেনে এক আচহুৱা অৱস্থা!

Apply Now

চৰকাৰে নিজেই যেন দিনে দিনে অসমক এক অগ্নিগৰ্ভা পৰিস্থিতিলৈ ঠেলি দিছে! নতুন চৰকাৰ গঠন হোৱাৰ প্ৰায় সমান্তৰালভাৱে যধে-মধে চৰকাৰী মাটি বেদখল মুক্ত কৰাৰ এক অভিযান চলিছে৷ এই অভিযানৰ লক্ষ্য কৰি লোৱা হৈছে মূলত: পূৰ্ববঙ্গীয় মূলৰ মুছলমান সম্প্ৰদায়টোক৷ চৰকাৰী মাটিৰ বেদখল সমৰ্থন কৰাৰ প্ৰশ্ন নুঠে৷

কিন্তু, য’ত য’ত বেদখল উচ্ছেদ কৰা হৈছে, ক’ৰপৰা কেনেকৈ সেই মানুহখিনি সেই ঠাই সমূহত আহি বহিলহি, সেইটো জানো আমি ভালদৰে অনুসন্ধান কৰি চাইছোঁ?তেওঁলোকক সন্দেহযুক্ত বাংলাদেশী বিদেশী নাগৰিক বুলি কোনে ছাপ মাৰি দিছে? আমি লক্ষ্য কৰিছোঁ শাসনাধিস্থ দল আৰু তেওঁলোকৰ সমৰ্থনত থকা প্ৰচাৰ মাধ্যমে অহৰহ এনে এটা প্ৰচাৰ চলাই আছে৷

বিদেশী নাগৰিকৰ বিষয়টো শাসকীয় দলবোৰে আজি কিমান দশক ধৰি ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰি আহিছে৷ ই সম্প্ৰতি অসমীয়া সমাজক কেনেকৈ সাম্প্ৰদায়িকভাৱে বিভাজিত কৰিছে,সেইটো আমি সকলোৱে দেখিছোঁ৷ অথচ, বিদেশী নাগৰিক সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত হোৱাৰ পিছতো, কেৱল ৰাজনৈতিক স্বাৰ্থতে তাক ওলমাই ৰখা হৈছে৷

প্ৰথম প্ৰশ্ন, যিসকলক উচ্ছেদ কৰা হৈছে, তেওঁলোক যদিহে ভাৰতীয় নাগৰিক, আৰু জীৱন-জীৱিকাৰ তাড়নাত ক’ৰবাৰ পৰা আহি তেওঁলোকে এনেদৰে চৰকাৰী মাটিত বহিছে, তাৰ দায়িত্ব চৰকাৰে ল’ব লাগিব৷ গতিকে উচ্ছেদ কৰাৰ আগেয়ে, তেওঁলোকৰ বাবে বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব৷

আনহাতে তেওঁলোকৰ নাগৰিকত্ব যদি সন্দেহযুক্ত, তাক আইনৰ দ্বাৰা প্ৰমাণ কৰিব লাগিব৷ কিন্তু তেওঁলোক ভাৰতীয় নাগৰিক নহ’লেও কোনো পৰিস্থিতিতেই তেওঁলোকৰ মানবাধিকাৰ খৰ্ব হ’ব নালাগিব৷ উচ্ছেদৰ সন্দৰ্ভত যাবতীয় যি নীতি- নিয়ম আছে তাক মানিহে উচ্ছেদ কৰিব লাগিব৷

আমাৰ সন্দেহ হৈছে যে যি ধৰণে এই উচ্ছেদ কাৰ্য চলোৱা হৈছে সেইটো সম্পূৰ্ণৰূপে ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিত৷ ই ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ ৰাজনৈতিক কাৰ্যসূচীৰ এক সম্প্ৰসাৰণহে৷ উচ্ছেদৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোক সকলৰ দায়িত্ব চৰকাৰে ল’ব লাগিব৷ লগতে এই কথাও আমি ৰাইজক সকীয়াই দিব বিচাৰোঁ, এফালে বেদখল উচ্ছেদৰ নামত এনেদৰে দুখীয়া মানুহক হাৰাশাস্তি কৰা হৈছে আৰু আনফালে আমাৰ প্ৰাকৃতিক আৰু ৰাজহুৱা সম্পদ বাহিৰৰ বনিয়াক দলিচা পাৰি গতাই দিয়া হৈছে৷ সেই বিপজ্জনক বেদখলৰ সন্দৰ্ভত কিন্তু, শাসকীয় দল আৰু তেওঁলোকৰ সমৰ্থক সকল সম্পূৰ্ণ নিৰ্লিপ্ত, নিমাত’৷

দখল,বেদখল ধুঁৱলি-কুঁৱলি কৰি দি ৰাইজক নি:স্ব কৰাৰ প্ৰক্ৰিয়া এটাহে যেন আৰম্ভ হৈছে বুলি অসম নাগৰিক সমাজে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।ই দেশ আৰু জাতিৰ সৰ্বনাশ কৰিব বুলিও অসম নাগৰিক সমাজে সকিয়াই দিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd