ৰাজ্যখনৰ সকলো চিকিৎসকক ব্যক্তিগত নিৰাপত্তা প্ৰদানৰ দাবী অসম নিৰ্মাণ দলৰ

asom nirman dol

শনিবাৰে গুৱাহাটীত অসম নিৰ্মাণ দলৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

ৰাজ্যখনৰ সকলো চিকিৎসকক ব্যক্তিগত নিৰাপত্তা দিয়াৰ দাবী উত্থাপন কৰিছে অসম নিৰ্মাণ দলে।

শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি দলটোৱে এই দাবী উত্থাপন কৰে।

টীয়ক চাহ বাগিচাত হৈ যোৱা ডাঃ দেবেন দত্তৰ নৃশংস হত্যাকাণ্ডৰ ঘটনাৰ উচিত তদন্তৰ দাবীত দলটোৰ সভাপতি উপেন ৰাজ নাথ সৰৱ হৈ পৰে।

নাথে অসম চৰকাৰক অতি শীঘ্ৰে চাহ বাগিচা আৰু অসমৰ বিভিন্ন অঞ্চলত ভৱিষ্যতে এনে ধৰণৰ ঘটনা নহবৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰাৰো দাবী জনায়।

তেওঁ লগতে কয় যে যদি চৰকাৰে এয়া নকৰে তেন্তে ভৱিষ্যতেও অভি-নীল আৰু ডাঃ দেবেন দত্তৰ দৰে এনে নৃশংস ঘটনা সংঘটিত হৈয়েই থাকিব।

আনহাতে, সংবাদমেলতে নাথে ভুক্তভোগী পৰিয়ালটোক অতি শীঘ্ৰে অসম চৰকাৰে ৫০ লাখ টকাৰ তৎকালীন সাহায্য প্ৰদান কৰাৰ বাবে আহ্বান জনায়।

ইপিনে, চাহ জনগোষ্ঠীয় নেতা তথা বৰ্তমানৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে বৰ্তমান পৰ্যন্ত ঘটনাটোৰ খবৰ নোলোৱাত ক্ষুব্ধ অসম নিৰ্মাণ দলৰ সভাপতি নাথে তেওঁক বহিস্কাৰ কৰাৰ বাবে দাবী উত্থাপন কৰে।

নাথে কয়, ‘’চাহ জনগোষ্ঠীয় নেতা হিচাপে ৰামেশ্বৰ তেলীয়ে দেবেন দত্তৰ পৰিয়ালটোৰ কাষত যাব লাগিছিল, কিন্তু বৰ্তমান পৰ্যন্ত মন্ত্ৰী গৰাকী গৈ নাপালে, যিটো অত্যন্ত পৰিতাপৰ বিষয়।‘’

তদুপৰি, সংবাদমেলতে দলটোৱে শীঘ্ৰেই ৰাজ্যখনৰ মুখ্য মন্ত্ৰীক প্ৰত্যক্ষভাৱে ভুক্তভোগী পৰিয়ালটোৰ কাষত থিয় দিবলৈ আহ্বান জনায়।