• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্রতিবাদকাৰীৰ ওপৰত গুলীচালনা-লাঠীচালনা কার্যক গৰিহণা অসম সাহিত্য সভাৰ

১২ ডিচেম্বৰত জোঁৰ সমদল, ১৩ ডিচেম্বৰত গুৱাহাটী আৰু যােৰহাটত অনশন কাৰ্যসূচী ঘােষণা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 12, 2019 11:02 am
Guwahati-11-12-19

নাগৰিকত্ব বিধেয়কৰ বিৰধিতাত গুৱাহাটীৰ ৰাজপথত হাজাৰ হাজাৰ লোক। বুধবাৰৰ দৃশ্য। ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম তথা উত্তৰ-পূবক আৰু অধিক অস্থিৰ, অশান্ত আৰু অগ্নিগর্ভা নকৰিবলৈ অসম চৰকাৰ আৰু ভাৰত চৰকাৰক কঠোৰ সকীয়নি দিছে অসম সাহিত্য সভাই।

বৰ্তমানৰ অসম তথা উত্তৰ-পূবৰ অগ্নিগর্ভা পৰিস্থিতিৰ কাৰণে ভাৰত চৰকাৰেই জগৰীয়া বুলি উল্লেখ কৰি বুধবাৰে এক সংবাদ বিজ্ঞপ্তিত অসম সাহিত্য সভাৰ সভাপতি ড° পৰমানন্দ ৰাজবংশী আৰু প্রধান সম্পাদক পদুম ৰাজখােৱাই কয় যে ছাত্র-ছাত্রীৰ পৰা আৰম্ভ কৰি সমগ্ৰ অসমৰ ৰাইজে এতিয়া কেবৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰিছে। সেই প্রতিবাদ ভাষা এতিয়াও যদি ভাৰত চৰকাৰে বুজিবলৈ চেষ্টা নকৰে, তেন্তে ইয়াৰ পৰিণতি অধিক ভয়াবহ হৈ উঠিব।

Apply Now

অসম সাহিত্য সভাই ভাৰত চৰকাৰক আৰু সমান্তৰালভাৱে অসম চৰকাৰক কেব গৃহীতকৰণৰ সমস্ত কার্যসূচী বাতিল কৰিবলৈ আহ্বান জনাইছে। বিবৃতিটোত গণতান্ত্রিক আন্দোলনকাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত চৰকাৰী পক্ষই গুলীচালনা কৰা কাৰ্যক গৰিহণা দিয়ে।

গণতান্ত্রিকভাৱে প্রতিবাদ সাব্যস্ত কৰাৰ পিছতাে বিভিন্ন স্থানত প্রতিবাদকাৰীসকলৰ ওপৰত যি ধৰণে লাঠীচালনা, গুলীচালনা, কন্দুৱা গেছ আদি প্রয়ােগ কৰা হৈছে, সেয়া অতিশয় দুর্ভাগ্যজনক তথা এনে নির্যাতন অসম সাহিত্য সভাই কেতিয়াও সহ্য নকৰে বুলি মন্তব্য কৰে।

ইয়াৰ উপৰি কোনো অপশক্তিয়ে যাতে এই আন্দোলনটোক মষিমূৰ কৰিব নােৱাৰে তাৰ বাবে সকলােকে সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে সাহিত্য সভাই।

অসমৰ ৰাইজে ১৯৭১ চনৰ ২৫ মার্চৰ পিছত অহা এজনাে বিদেশীৰ বােজা বহন নকৰে। সেইকাৰণে প্ৰকৃতাৰ্থত জাতিক ভালপােৱা, ভাষাক ভালপােৱা কোনাে ব্যক্তিয়ে কে সমর্থন কৰিব নােৱাৰে বুলি উল্লেখ কৰি অসম সাহিত্য সভাই ভাৰত চৰকাৰক শীঘ্ৰে কেব প্রত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে।

সদায় অসমীয়া ভাষা আৰু জাতিৰ পক্ষত কাম কৰা অসম সাহিত্য সভাই কোনাে কাৰণতে কেবে মানি নলয় বুলি পুনৰবাৰ স্পষ্ট কৰি সভাৰ প্ৰতিগৰাকী কৰ্মী, প্ৰতিগৰাকী সদস্যক জিলাই জিলাই কেবৰ বিৰুদ্ধে প্রৱল প্রতিবাদ সাব্যস্ত কৰিবলৈ অনুৰােধ জনাইছে।

ইয়াৰ উপৰি জিলা সাহিত্য সভা আৰু শাখা সাহিত্য সভাৰ বিষয়ববীয়া আৰু সদস্যসকলক নিজ নিজ এলেকাত ১২ ডিচেম্বৰৰ গধুলি ৫ বজাত জোঁৰ লৈ প্রতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে। বিবৃতিটোত কোৱা হৈছে যে ১৩ ডিচেম্বৰত ১০ বজাৰ ৩ বজালৈ যােৰহাট কেন্দ্রীয় কার্যালয় আৰু গুৱাহাটী প্রশাসনীয় কার্যালয়ত অসম সাহিত্য সভাই ৫ ঘন্টীয়া অনশন কার্যসূচীৰূপায়ণ কৰিব।

উক্ত কাৰ্যসূচীত সাহিত্য সভাৰ তৰফৰ পৰা  সকলো জিলাৰে এ বিষয়ববীয়া সকলক উপস্থিত থাকিবলৈ আহ্বান জনাইছে। লগতে জাতীয় ভাৱাপন্ন ব্যক্তি, বিভিন্ন দল-সংগঠন, সাংবাদিকসকলক প্রতিবাদী কাৰ্যসূচীত অংশ ল’বলৈ অনুৰােধ জনাইছে অসম সাহিত্য সভাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd