• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০২০-২২ বৰ্ষৰ বাবে অসম সাহিত্য সভাৰ নিৰ্বাচন সমিতি; পৰমানন্দ ৰাজবংশী নিজেই সভাপতি, ঘনিষ্ঠক সদস্য

এন ই নাও নিউজ by এন ই নাও নিউজ
August 27, 2019 7:53 pm
asomsahityasabha-570x320

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বৃহত্তম সাহিত্যানুষ্ঠান অসম সাহিত্য সভাৰ ২০২০-২২ বৰ্ষৰ সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ নিৰ্বাচনৰ বাবে এখন নিৰ্বাচন সমিতি গঠন কৰা হৈছে।

সাহিত্য সভাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত এই কথা প্ৰকাশ।

Apply Now

এই কমিটিখন যোৱা ১৮ আগষ্টত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অসম সাহিত্য সভাৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশনে সৰ্বসন্মতিক্ৰমে গঠন কৰিছে বুলি বিজ্ঞপ্তিত কোৱা হৈছে।

সৰ্বসন্মতিক্ৰমে গঠন কৰা এই নিৰ্বাচন সমিতিৰ সভাপতি হিচাপে আছে বৰ্তমান সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী নিজে। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা মুখ্য নিৰ্বাচনী বিষয়া হিচাপে আৰু সদস্য হিচাপে আছে সিংহেশ্বৰ প্ৰসাদ ৰায় আৰু বিজন মহাজন।

বিজন মহাজন দুবছৰ পূৰ্বে গঠিত নিৰ্বাচন সমিতিৰো সদস্য আছিল।

সভাপতি নিজে আৰু নিজৰ ঘনিষ্ঠ মানুহেৰে নিৰ্বাচন সমিতি গঠন কৰাৰ পিছত নিৰ্বাচনৰ স্বচ্ছতা আৰু নিৰপেক্ষতাক লৈ প্ৰশ্নৰ অৱকাশ বিচাৰি পাইছে একাংশ সচেতন লোকে।

দুবছৰ পূৰ্বে অনুষ্ঠিত সভাৰ নিৰ্বাচনত পৰমানন্দ ৰাজবংশী সভাপতি আৰু পদুম ৰাজখোৱা প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল। দুয়োজন বৰ্তমান সেই সেই পদত অধিষ্ঠিত আছে।

এটা সূত্ৰই জনোৱামতে, দুবছৰৰ বাবে সভাপতি নিৰ্বাচিত হোৱা পৰমানন্দ ৰাজবংশী আন এটা কাৰ্য্যকালৰ বাবে সভাপতি হোৱাৰ সম্ভাৱনা আছে। তাৰ বাবে নিৰ্বাচন সমিতিক আহিলা হিচাপে ব্যৱহাৰ কৰাৰো সম্পূৰ্ণ সম্ভাৱনা আছে।

২০১৭ চনৰ ডিচেম্বৰত পৰৱৰ্তী দুবছৰৰ বাবে সভাপতি, প্ৰধান সম্পাদককে ধৰি বিষয়ববীয়া নিৰ্বাচনৰ বাবে অনুষ্ঠিত নিৰ্বাচন প্ৰক্ৰিয়াক লৈও বিতৰ্কৰ সৃষ্টি হৈছিল। নিৰ্বাচন প্ৰক্ৰিয়াটোৰ বৈধতাক লৈও প্ৰশ্নৰ অৱতাৰণা হৈছিল।

সমাজ-সাহিত্য ক্ষেত্ৰৰ বহুতো গণ্য-মান্য ব্যক্তিক তেওঁলোকৰ অৱগতিৰ অবিহনেই সভাপতি পদৰ প্ৰাৰ্থী কৰি শাখা আৰু জিলাবোৰৰ পৰা তেওঁলোকৰ নামৰ বিপৰীতে সীমিত ভোট প্ৰদান কৰাই পূৰ্ব নিৰ্ধাৰিত ধৰণে ফল বাহিৰ কৰা হৈছিল বুলি সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াতো বিভিন্ন পক্ষই যুক্তি আৰু প্ৰমাণসহ অভিযোগ কৰিছিল।

যোৱাবাৰৰ নিৰ্বাচনত সভাপতি পদত বিভিন্নজনে পোৱা ভোট আছিল এনে ধৰণৰ- পৰমানন্দ ৰাজবংশী-৩৯০, প্ৰহ্লাদ তাচা-১৭৪, কৰবী ডেকা হাজৰিকা-৩৬, য়েছে দৰজে ঠংচি-৩৫, ড০ অমৰ জ্যোতি চৌধুৰী-১৭, নাহেন্দ্ৰ পাদুন-১৬, কুলধৰ শইকীয়া-৩, ৰতি মোহন দাস-৩, ডঃ ৰমেশ পাঠক-২, হৰেকৃষ্ণ ডেকা-২, হোমেন বৰগোহাঞি-১, ফণীন্দ্ৰ দেৱ চৌধুৰী-১, নৰেন কলিতা-১৷

অভিযোগমতে, ইয়াৰে বহুকেইজন প্ৰাৰ্থীয়ে নিজে যে অসম সাহিত্য সভাৰ সভাপতিৰ পদত প্ৰতিদ্বন্দ্বিতা কৰিছে তাক গমেই পোৱা নাছিল।

উল্লেখ কৰিব পাৰি যোৱা কেইবা বছৰ ধৰি অসম সাহিত্য সভাত বিভিন্ন ধৰণৰ অনিয়ম, বেমেজালি আৰু মইমতালি চলাৰ অভিযোগ উত্থাপিত হৈ আহিছে।

ব্যক্তি বিশেষে সভাত শক্তিশালী লবি সষ্টি কৰি নিজৰ স্বাৰ্থত সভাক ব্যৱহাৰ কৰাৰ অভিযোগ আছে। বহুতৰ অভিযোগ, অধিক গণতান্ত্ৰিক কৰাৰ অচিলাৰে সংবিধান সংশোধন কৰা হৈছে এই ব্যক্তি বা ব্যক্তিসকলৰ সুবিধা হোৱাকৈ।

আজি বিজ্ঞপ্তিত সভাৰ সংবিধান অনুসৰি প্ৰত্যেকখন জিলা সভা আৰু শাখা সভাসমূহকো নিৰ্বাচন সমিতি গঠন কৰি নিৰ্বাচন প্ৰক্ৰিয়া আৰু দ্বিবাৰ্ষিক অধিৱেশনৰ কাম-কাজ আৰম্ভ কৰিবলৈ অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী আৰু প্ৰধান সম্পাদক পদুম ৰাজখোৱাই সংশ্লিষ্ট জিলা আৰু শাখা সভাসমূহক আহ্বান জনোৱা বুলি কোৱা হৈছে।

অহা ৩১ জানুৱাৰি আৰু ১, ২, ৩ আৰু ৪ ফেব্ৰুৱাৰি, ২০১৯ তাৰিখে শুৱালকুছিত মূল সভাৰ অধিৱেশন অনুষ্ঠিত হ’ব আৰু ইয়াৰ বাবে আদৰণি সমিতিয়ে কাম-কাজ আগবঢ়াই আছে, বিজ্ঞপ্তিত জনোৱা হৈছে, যিটো খুব সম্ভৱ ২০১৯ চন নহৈ ২০২০ হ’ব লাগিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd