• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শীঘ্রেই ঐতিহাসিক শ্ৰীশ্ৰী বহৰি সত্ৰৰ ভয়াবহ খহনীয়া প্ৰতিৰোধৰ দাবী অসম সত্ৰ মহাসভাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 15, 2021 3:01 pm
Bahari Satra

শ্ৰীশ্ৰী বহৰি সত্ৰ। ফাইল ফটো।

10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৪৫৩ খ্ৰীষ্টাব্দতে মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱে প্ৰতিষ্ঠা কৰা ঐতিহাসিক শ্ৰীশ্ৰী বহৰি সত্ৰৰ অস্তিত্বৰ প্ৰতি  ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনিয়াই ভাবুকি কঢ়িয়াই আনিছে। অকল সত্ৰখনৰ প্ৰতিয়েই নহয় সত্ৰৰ চাৰিওফালে বস-বাস কৰা প্ৰায় ১১০০ ঘৰ পৰিয়ালৰ প্ৰতিও ভাবুকি আহি পৰিছে।

অতি সোনকালে ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা নকৰিলে ঐতিহাসিক সত্ৰখনৰ লগতে সত্ৰৰ চাৰিওফালে বস-বাস কৰা বহৰিবাসী ৰাইজ ভয়ানক বিপদৰ সন্মুখীন হব।

Apply Now

অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্তই এক বিবৃতিযোগে এই কথা সদৰী কৰিছে।

সেয়েহে অসম সত্ৰ মহাসভাই বৰ্তমান চৰকাৰখনক অতি সোনকালে দীৰ্ঘম্যাদী স্থায়ীভাৱে মথাউৰীৰ নিৰ্মাণৰ আহ্বান জনায়। অন্যথা ঐতিহাসিক শ্ৰীশ্ৰী বহৰি সত্ৰৰ লগতে ১১০০ ঘৰ স্থায়ী বাসিন্দাৰ ঠিকনা ব্ৰহ্মপুত্ৰৰ বুকুত নিঃশেষ হৈ যাব।

আজি কেইবছৰমানৰ আগতে সত্ৰস্থান মাজুলীৰ কুৰিখন সত্ৰ গৰাখহনীয়াৰ কৱলত ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ’ল। তাৰে কেইখনমান সত্ৰ তেতিয়াৰ চৰকাৰে যোৰহাট-তিতাবৰ, লখিমপুৰ, শিৱসাগৰ ,গোলাঘাট আদি বিভিন্ন জিলালৈ উচিত জমি-মাটিৰে স্থানান্তৰিত কৰিছিল।

নামনি অসমৰ বৰপেটা জিলাৰ শ্ৰীশ্ৰী ময়নবৰি সত্ৰখন স্থানান্তৰিত কৰি সৰভোগত স্থাপন কৰে আৰু মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱে প্ৰতিষ্ঠা কৰা শ্ৰীশ্ৰী মানেৰী সত্ৰখন নলবাৰী জিলাৰ মুকালমুৱালৈ স্থানান্তৰিত কৰা হয়।

সত্ৰ মহাসভাই কয় যে শ্ৰীশ্ৰী বহৰি সত্ৰখন স্থানান্তৰিত নকৰি বিকল্প হিচাপে ব্ৰহ্মপুত্ৰৰ আৰু বহৰিৰ মাজত স্থায়ীভাৱে মথাউৰীৰ ব্যৱস্থা কৰিলে ভাল হয়। কিয়নো সত্ৰখনৰ লগতে আশেপাশে বস-বাস কৰা লোকসকলৰ কথা তথা বহৰি বাসীৰ বিষয়েও ভাবিব লাগিব।

কেইবছৰমান আগতে প্ৰকৃত বহৰি গাওঁ আৰু তাৰাবাৰি গাঁৱৰ লগতে বজাৰখন ব্ৰহ্মপুত্ৰৰ বুকুত সম্পূৰ্ণ ভাবে জাহ গ’ল। তদুপৰি, শ্ৰীশ্ৰী বহৰি সত্ৰৰ স্থাৱৰ সম্পত্তিৰ কথাও আছে।

শ্ৰীশ্ৰী বহৰি সত্ৰৰ সৰ্বমুঠ ভূমি, সম্পত্তি  হ’ল  ১৮৪ বিঘা। ইয়াৰোপৰি  শ্ৰীশ্ৰী বহৰি সত্ৰৰ  ৮০ বিঘা ভূমি অবৈধ দখলকাৰীৰ কৱলত আছে। শ্ৰীশ্ৰী বহৰি সত্ৰৰ  মথাউৰীৰ উত্তৰ দিশত থকা গো ৰিজাৰ্ভৰ ৭৮ নং দাগৰ ৮০বিঘা ভুমি সন্দেহজনক লোকে অবৈধ ভাবে দখল কৰি থকা বুলি জানিবলৈ দিছে সত্ৰ মহাসভাই।

সত্ৰ মহাসভাই অসম চৰকাৰক উক্ত বেদখলীকৃত ভূমিখণ্ড দখলমুক্ত কৰি শ্ৰীশ্ৰী বহৰি সত্ৰৰ কৰ্তৃপক্ষক ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে।

কেইবছৰমানৰ আগতে শ্ৰীশ্ৰী বহৰি সত্ৰৰ পৰিয়ালৰ প্ৰায় ১২০০ বিঘা ভূমি সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰত জাহ গৈছে। বৰ্তমান ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই তীব্ৰৰূপ ধাৰণ কৰিছে। ভোগেপাৰা,বাৰাদিৰ ডক্ৰেশ্বৰ দেৱালয় বৰ্তমান ব্ৰহ্মপুত্ৰৰ গৰাহৰ নিচেই কাষত।

সেয়েহে, অসম চৰকাৰক অতি সোনকালে বহৰি অঞ্চল ৰক্ষাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সত্ৰ মহাসভাই অনুৰোধ জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm
মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ দণ্ডাশীল পৰ্যায়ৰ তদন্ত ঘোষণা : ঘটনাস্থলীলৈ যাত্ৰা আৰক্ষীৰ শীৰ্ষ বিষয়াৰ

August 26, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd