• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নাগ্ৰীজুলিত আলফা গ’ বেক, অখিল গগৈক গ্ৰেপ্তাৰ কৰক ধ্বনিৰে ৰাজপথত টায়াৰ জ্বলাই বন্ধ সমৰ্থকৰ প্ৰতিবাদ

NE NOW NEWS দীপক কুমাৰ পাঠক
তামুলপুৰ , November 3, 2018 10:39 pm

2 min read

নাগ্ৰীজুলিত আলফা গ’ বেক, অখিল গগৈক গ্ৰেপ্তাৰ কৰক ধ্বনিৰে ৰাজপথত টায়াৰ জ্বলাই  বন্ধ সমৰ্থকৰ প্ৰতিবাদ
287
VIEWS
Share on FacebookShare on Twitter
ধলা-শদিয়াৰ হত্যাকাণ্ডৰ প্ৰতিবাদত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনে আজি পুৱাৰ পৰা আহ্বান জনোৱা অসম বন্ধৰ ফলত তামুলপুৰ মহকুমাৰ সাধাৰণ জনজীৱন ব্যাহত হৈ পৰে। আজি পুৱা বন্ধৰ সমৰ্থক সকলে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলিত সমবেত হৈ নাগ্ৰীজুলি বজাৰ চকত টায়াৰ জ্বলাই গুৱাবাৰী-নাগ্ৰীজুলি-তামুলপুৰ পথছোৱা অৱৰোধ কৰে।
‘প্ৰতিবাদকাৰী সকলে আলফা গ’ বেক, অখিল গগৈক গ্ৰেপ্তাৰ কৰক, বাঙালী ঐক্য জিন্দাবাদ, অসম পুলিচ হাই হাই, বিজেপি মুর্দাবাদ, উই ৱাণ্ট জাষ্টিছ, বাঙালী বিৰোধী হুঁচিয়াৰ’ আদিকে ধৰি বিভিন্ন শ্ল’গান দি নাগ্ৰীজুলিৰ আকাশ-বতাহ কঁপাই তোলে।
বন্ধৰ সময়ছোৱাত নাগ্ৰীজুলি, গুৱাবাৰী, মাহেন্দ্ৰনগৰ, বিমালানগৰ, কাউলী, কাচুকাটা, ভোলাঝাৰ, বাঙালীপাৰা, দ্বাৰকুচি, তামুলপুৰৰ মহকুমা সদৰৰ ঘগ্ৰাচক, পূৰণ তামুলপুৰ চক, ডিমিলাপাৰ আদিকে ধৰি বৃহত্তৰ অঞ্চলটোত দোকান-পোহাৰ, বিত্তীয় প্ৰতিষ্ঠান আদি বন্ধ থকাৰ উপৰিও ব্যৱসায়িক যানবাহনৰ চলাচল বন্ধ হৈ পৰে আৰু অঞ্চলটোত স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰে।
অৱশ্যে তামুলপুৰ মটঙা চকত  বন্ধৰ সময়ত কিছু সংখ্যক দোকান-পোহাৰ খোলা থকা দেখা যায়। ইপিনে আজি দিনৰ ভাগত তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰাৰ নেতৃত্বত অহা আৰক্ষীৰ এটা দলে তামুলপুৰৰ ৰাজপথত মটৰ চাইকেলেৰে আহি থকা অৱস্থাত অৰ্ধ শতাধিক বন্ধৰ সমৰ্থকক গ্ৰেপ্তাৰ কৰি তামুলপুৰ আৰক্ষী থানাত আবদ্ধ কৰি থয় আৰু বিয়লি ৫ বজাত তেওঁলোকক মুকলি কৰি দিয়ে।
ইফালে বন্ধৰ সময়ত গান্ধীবাৰী আৰক্ষী চকীৰ অধীনৰ লাতিবাৰী অঞ্চলত বন্ধৰ সমাৰ্থক সকলে দুই-এখন বাহনৰ ক্ষতি সাধন কৰা বুলিও জানিব পৰা গৈছে। তামুলপুৰ মহকুমাৰ ঠায়ে ঠায়ে বন্ধৰ সমৰ্থক আৰু বন্ধ বিৰোধীৰ মাজত দুই এটা সৰুসুৰা সংঘাতৰ সৃষ্টি হোৱা বুলিও খবৰ পোৱা গৈছে যদিও তেনে কোনো ডাঙৰ ঘটনা ঘটাৰ খবৰ বাতৰি লিখাৰ পৰলৈ পোহৰলৈ অহা নাই।

Recent News

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

Arvind-Kejriwal-750x375

আম আদমি পাৰ্টিয়ে অহা দুই বছৰত উত্তৰ প্ৰদেশ, গুজৰাটসহ ৬ ৰাজ্যত খেলিব নিৰ্বাচন : কেজৰিৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd