খাদ্যৰ বিষক্ৰিয়াৰ ফলত ডিব্ৰুগড়ত এটা পৰিয়ালৰ তিনিগৰাকী লোকৰ কৰুণ মৃত্যু

ডিব্ৰুগড় জিলাৰ দুলীয়াজানৰ ভাদৈ পাঞ্চালী অঞ্চলত মঙলবাৰে খাদ্যৰ বিষক্ৰিয়াৰ ফলত এটা পৰিয়ালৰ তিনিগৰাকী ব্যক্তিৰ কৰুণ মৃত্যু হয়।

মৃত্যু ব্যক্তি কেইগৰাকী সঞ্জয় পানিকা, অতুলা পানিকা আৰু দীপামনি পানিকা বুলি চিনাক্ত কৰা হয়।

সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি কৰুণ মৃত্যুক আকোৱালি লোৱা ব্যক্তি কেইগৰাকীয়ে চাপাতি খোৱাৰ ফলত গুৰুতৰভাৱে অসুস্থ হৈ পৰে।

বমি, তীব্ৰ পেটৰ বিষত আক্ৰান্ত হৈ অসুস্থ হৈ পৰা আটাইকেইগৰাকী লোককে পৰৱৰ্তী সময়ত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আনহাতে, তেওঁলোকৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁলোকক অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভৰ্তি কৰোৱা হয় যদিও মঙলবাৰে তেওঁলোকৰ মৃত্যু হোৱা বুলি চিকিৎসকে ঘোষণা কৰে।

আনহাতে, আৰক্ষী সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখি মৃত্যু হোৱা ব্যক্তি তিনিগৰাকীৰ ঘৰৰ বাগিচাৰ পৰা তিনি গেলন সুৰা উদ্ধাৰ কৰে।

অৱশ্যে উদ্ধাৰ হোৱা সুৰাখিনিৰ সৈতে মৃত্যুৰ কিবা সম্পৰ্ক আছেনে নাই সেয়া এতিয়ালৈ নিশ্চিত হোৱা নায়।

আৰক্ষীয়ে খাদ্যৰ নমুনা আৰু উদ্ধাৰ হোৱা সুৰাখিনি পৰীক্ষাৰ বাবে গৱেষণাগাৰলৈ প্ৰেৰণ কৰিছে।