বৰডুমচাত তিনিগৰাকী আলফা(স্বা)ৰ লিংকমেন আটক

অসম আৰক্ষীয়ে সোমবাৰে তিনিগৰাকী আলফা(স্বা)ৰ লিংকমেনক তিনিচুকীয়া জিলাৰ বৰডুমচাৰ পৰা আটক কৰে।

আটক হোৱা আলফা(স্বা)ৰ লিংকমেন কেইগৰাকী ক্ৰমে বৰহোলোঙৰ গ্ৰিচুপ ফুকন, বৰডুমচাৰ ধন্য শইকীয়া আৰু বিজয় ডুৱে বুলি চিনাক্ত কৰা হৈছে।

‘‘আৰক্ষীয়ে বৰডুমচা আৰক্ষী চকীৰ অন্তৰ্গত দুটা ভিন্নস্থানৰ পৰা তিনিগৰাকী দুষ্কৃতিকাৰীক আটক কৰে। তিনিও আলফা(স্বা)ৰ লিংকমেন হিচাপে কাম কৰি আছিল,’’ মাৰ্ঘেৰিটা চাব ডিভিজনৰ আৰক্ষী বিষয়া পুনা গগৈয়ে এইদৰে কয়।

আৰক্ষীৰ দলে আটক হোৱা আলফা(স্বা)ৰ লিংগমেন তিনিগৰাকীৰ পৰা দুটা পিষ্টল, চৈধ্য জাই সজীৱ গুলি আৰু ২৩ হাজাৰ টকা জব্দ কৰে।

বৰডুমচা আৰক্ষী চকীত আটক হোৱা তিনিওগৰাকী আলফা(স্বা)ৰ লিংকমেনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডাবিধি আইনৰ ২৫ ধাৰৰ অধীনত ১২০(বি), ১২১,১২১(এ),১২৩ আৰু ৩৯৩ ধাৰাত এটা গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে।

স্থানীয় লোকে আটক হোৱা আলফা(স্বা)ৰ লিংকমেন কেইগৰাকীয়ে ধনদাবীকে ধৰি নতুন সদস্য ভৰ্তি আদিৰ কামত নিয়োজিত হৈ আছিল বুলি উল্লেখ কৰে।