• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শংকৰদেৱ সংঘৰ ৫৩ সংখ্যক মাৰ্ঘেৰিটা জিলা সমিতি গঠন

সামাজিক প্ৰতিবন্ধকতা অতিক্ৰম কৰি মানুহৰ মাজলৈ শংকৰদেৱ সংঘক লৈ যাব লাগিব : কমলাকান্ত গগৈ

NE NOW NEWS মানস প্রতীম গগৈ
মাৰ্ঘেৰিটা , November 25, 2019 7:44 am

2 min read

শংকৰদেৱ সংঘৰ ৫৩ সংখ্যক মাৰ্ঘেৰিটা জিলা সমিতি গঠন
1.4k
VIEWS
Share on FacebookShare on Twitter

গুৰুজনাৰ আদৰ্শ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ১৯৩০ চনত গঠন হোৱা শংকৰদেৱ সংঘৰ ৫৩ সংখ্যক জিলা সমিতিখন দেওবাৰে মাৰ্ঘেৰিটাত গঠন কৰা হয়৷

মাৰ্ঘেৰিটা ৪নং মাকুম পথাৰস্থিত উত্তৰ মাৰ্ঘেৰিটা প্ৰাথমিকৰ গুৰুগৃহত কালি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ মুখ্য অতিথি হিচাপে উপস্থিত থাকি মাৰ্ঘেৰিটা জিলা শাখাক স্বীকৃতি প্ৰদান কৰে৷

ভাষণ প্ৰসংগত তেওঁ কয়, ‘সাম্প্ৰতিক সময়ৰ বিষয়বোৰৰ দিশে সংঘক জনমুখী কৰাৰ বাবে শংকৰ সংঘত বিশ্বাসী সকলোৱে চেষ্টা কৰিব লাগিব৷ ভকত বৈষ্ণৱক লগত লৈ পাহাৰে-ভৈয়ামে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত গুৰুজনাৰ আদৰ্শ সঠিকৰূপত প্ৰচাৰ কৰিলেহে শংকৰদেৱৰ আদৰ্শ আৰু অধিক তনকিয়াল হ’ব৷’

‘সকলোকে লগত লৈ শংকৰদেৱ সংঘক সন্মুখৰ পৰা নেতৃত্ব দি সামাজিক প্ৰতিবন্ধকতা অতিক্ৰম কৰি মানুহৰ মাজলৈ এই অনুষ্ঠানটো লৈ যাব বিচাৰো৷’ তেওঁ লগতে কয়।

সভাত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰা, যুটীয়া সম্পাদক কুশল ঠাকুৰীয়া, কেন্দ্ৰীয় শিশু আই মাতৃ কল্যাণ সমিতিৰ সম্পাদিকা ফুনু গগৈ বৰাৰ উপৰিও প্ৰায় কেইগৰাকী নেতৃস্থানী ব্যক্তি তথা ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা শাখাৰ বহুকেইজন ভকত-বৈষ্ণৱ উপস্থিত থাকে৷

অনুষ্ঠানত নৱগঠিত মাৰ্ঘেৰিটা জিলা সমিতিৰ দুৰ্গেশ্বৰ দত্তক সভাপতি, গুণ বৰুৱাক সম্পাদক, মুলৰ সদস্য ভদ্ৰেশ্বৰ শইকীয়াসহ ৪১ গৰাকী সদস্য-সদস্যাৰে শক্তিশালী জিলা সমিতি গঠন কৰা হয়৷

এই জিলা সমিতিৰ অধিনত চাৰিখন প্ৰাথমিক শাখা থাকিব। উক্ত সভাত মাৰ্ঘেৰিটাৰ জিলা সমিতিৰ তৰফৰ পৰা শংকৰদেৱ সংঘৰ গুৱাহাটী ৰূপনগৰস্থিত বিশ্ববিদ্যালয়ৰ বাবে ৬লাখ টকা অনুদান হিচাপে আগবঢ়োৱা হয়৷

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd