NORTHEAST NOW (Assamese)

এখন শুদ্ধ এন আৰ চি বিচাৰি ভাৰতৰ মহাপঞ্জীয়ক, যুটীয়া সচিৱলৈ স্মাৰক পত্ৰ প্ৰেৰণ এ বিএমছুৰ

August 21, 2018 10:54 am · এন ই নাও নিউজ
এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ এটা প্ৰতিনিধি দলে সোমবাৰে কোকৰাঝাৰৰ উপায়ুক্তৰ হাতত এখন স্মাৰক পত্ৰ দাখিল কৰে। ফটো : নৰ্থইষ্ট নাও

সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা (এবিএমছু)ৰ কোকৰাঝাৰ জিলা সমিতিয়ে এখন শুদ্ধ তথা সম্পূৰ্ণ এন আৰ চিৰ দাবীত সোমবাৰে কোকৰাঝাৰৰ উপায়ুক্তৰ জৰিয়তে ভাৰত চৰকাৰৰ (উত্তৰ-পূব) গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিৱ, ভাৰতৰ মহাপঞ্জীয়কলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা (এবিএমছু)ৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি আৰু সম্পাদক ক্ৰমে জাইদুল ইছলাম আৰু আমিৰ আলিয়ে স্বাক্ষৰ কৰা স্মাৰক পত্ৰখনত উল্লেখ কৰা মতে সংশ্লিষ্ট কৰ্তৃপক্ষই জনাইছে যে যিসকল ব্যক্তিৰ নাম এন আৰ চিৰ চূড়ান্ত খচৰাত বাদ পৰিছে তেওঁলোকে তেওঁলোকৰ সংশ্লিষ্ট এন আৰ চি সেৱা কেন্দ্ৰসমূহত আৱেদন জনাব পাৰিব।

‘’ এন আৰ চিৰ চূড়ান্ত খচৰাত নাম বাদ পৰা এনে বহু লোক দুখীয়া, নিৰক্ষৰ আৰু আইন তথা প্ৰক্ৰিয়া সম্পৰ্কে অজ্ঞাত। গতিকে নাম বাদ পৰা সম্পৰ্কত কাৰণ জানিৱলৈ এনে লোকসকলক আৱেদন জনাৱলৈ কোৱাটো অযুক্তিকৰ আৰু ন্যায়সংগত নহয়,’’-স্মাৰক পত্ৰখনত কোৱা হৈছে।

‘’ডি-ভোটাৰৰ বংশধৰ তথা পৰিয়ালৰ সদস্য যিসকল ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ ধাৰা অনুসৰি যোগ্য তেওঁলোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত হোৱা উচিত,’’- এবিএমছুৱে দাবী কৰিছে।

ইছলাম আৰু আলিয়ে কয় যে এক বৃহৎ সংখ্যক দুখীয়া, নিৰক্ষৰ যিসকল অতি সাধাৰণ লোক এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰিছে, তেনে লোকসকল এন আৰ চি প্ৰস্তুতকৰণৰ দিশত থকা নীতি নিৰ্দেশনা তথা আইনী প্ৰক্ৰিয়া সম্পৰ্কে সজাগ নহয়।

‘’ সেয়েহে অধিবক্তা অথবা তেওঁলোকৰ হৈ কৰ্তৃত্ব প্ৰদান কৰা ব্যক্তিক তেনে ব্যক্তিসকলৰ বাবে পৰীক্ষণ তথা শুনানিৰ সময়ত প্ৰতিনিধিত্ব কৰাৰ সুযোগ দিব লাগে,’’-ইছলাম আৰু আলিয়ে লগতে কয়।

 

Related News