• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব

মণিপুৰত অনুষ্ঠিত হ’ব প্ৰথম সংখ্যক নৰ্থ-ইষ্ট অলিম্পিক গেইমছ

NE NOW NEWS এন ই নাও নিউজ
ইম্ফল , August 21, 2018 10:47 am

2 min read

unnamed

প্ৰতিনিধিত্বমূলক চিত্ৰ

74
VIEWS
Share on FacebookShare on Twitter

মণিপুৰ অলিম্পিক এছ’চিয়েশ্যনে অনুষ্ঠিত কৰিব প্রথম সংখ্যক নৰ্থ-ইষ্ট অলিম্পিক গেইমছ। চলিত বৰ্ষৰ ৫ৰ পৰা ৮ অক্টোবৰলৈ চলিব লগীয়া প্ৰতিযোগিতাখন ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত হ’ব।

সোমবাৰে সন্ধিয়া অলিম্পিক ভৱনত সংবাদ কৰ্মীৰ আগত মণিপুৰ অলিম্পিক এছ’চিয়েশ্যনৰ সাধাৰণ সম্পাদক সুনীল এলাংবামে এই কথা উল্লেখ কৰি কয় যে উত্তৰ-পূবৰ আটাইকেইখন অলিম্পিক এছ’চিয়েশ্যনে একত্ৰিত হৈ এখন বৃহৎ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ যি দীৰ্ঘদিনীয়া সপোন সেয়া বাস্তৱত পৰিণত হ’বলৈ গৈ আছে। এনেদৰে আঠখন ৰাজ্য লগ লাগি এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰাটো ভাৰতীয় ক্ৰীড়া ক্ষেত্ৰৰ বাবে এক বিৰল বুলিও তেওঁ সদৰী কৰে।

‘প্ৰতিযোগিতাখন সুকলমে অনুষ্ঠিত হৈ যোৱাৰ প্ৰতি লক্ষ্য ৰাখি আমি অতি শীঘ্ৰে এখন আযোজক সমিতি গঠন কৰিম’। এই কথা কয় সাধাৰণ সম্পাদক সুনীল এলাংবামে।

আনহাতে মণিপুৰ অলিম্পিক এছ’চিয়েশ্যনৰ উপাধ্যক্ষ ইব’পিছাক শৰ্মাই কয়, ‘প্ৰতিযোগিতাখনৰ বাবে আমি ১.৬ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰি উত্তৰ-পূৰ্বাঞ্চলীয় পৰিষদক উক্ত টকাখনি আবণ্টন দিয়াৰ বাবে আবেদন জনাইছো। উল্লেখণীয় যে আবেদন জনোৱাৰ পাছত পৰিষদে ২০ লাখ আবণ্টন দিছে আৰু ইয়াৰে ১৫ লাখ ইতিমধ্যে মুকলি কৰি দিছে’।

‘আঠখন ৰাজ্যৰ পৰা প্ৰায় ১৯০০ এথলীটে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব বুলি ধাৰণা কৰা হৈছে। এই প্ৰতিযোগিতাখন যোৱা জুলাই মাহতে অনুষ্ঠিত কৰাৰ কথা আছিল যদিও কিছু অসুবিধাৰ বাবে অনুষ্ঠিত কৰিব পৰা নগ’ল। প্ৰতিযোগিতাখন যাতে সুকলমে অনুষ্ঠিত কৰিব পাৰো তাৰ বাবে আমি ৰাজ্য চৰকাৰৰ পৰা আৰ্থিক সাহায্য বিচাৰিম। যদি সাহায্য নাপাও তেন্তে আমি কিছু কিছু ক্ষেত্ৰত খৰচ কমাবলগীয়া হ’ব। প্ৰতিযোগিতাখন সুকলমে অনুষ্ঠিত কৰাৰ বাবে কমেও ৮০ লাখ টকাৰ প্ৰয়োজন হ’ব’। এই দৰে প্ৰতিযোগিতাখন সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে ইব’পিছাক শৰ্মাই।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd