• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“খিলঞ্জীয়া আৰু অসমীয়াক একাকাৰ কৰিলে সমস্যা সমাধান নহ’ব”: অসম সংগ্ৰামী মঞ্চ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 20, 2019 6:04 pm
Assam accord clause 6: Asom Sangrami Mancha press meet

শুকুৰবাৰে সংবাদমেলত অসম সংগ্ৰামী মঞ্চৰ নেতৃত্ব। ছবি- নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম সংগ্ৰামী মঞ্চই শুকুৰবাৰে কৈছে যে “খিলঞ্জীয়া” আৰু “অসমীয়া”ক একাকাৰ কৰিলে ৰাজ্যৰ সমস্যা সমাধান নহ’ব।

আঞ্চলিক দলটোৱে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সম্পৰ্কীয় পৰামৰ্শৰ বাবে কেন্দ্ৰই গঠন কৰা উচ্চস্তৰীয় সমিতিক এই পৰামৰ্শ আগবঢ়াইছে।

Apply Now

অসম চুক্তিৰ পিছতে অসমৰ খিলঞ্জীয়াসকলে নিজকে অসমীয়া বুলি ক’বলৈ বিচৰা নাছিল, দলটোৱে কয়। “৬নং দফাটোত অসমীয়াৰ সংজ্ঞা আছে আৰু ইয়াকে লৈ কেন্দ্ৰীয় চৰকাৰে এক সংঘাত লগাব বিচাৰিছিল।”

গুৱাহাটীস্থিত কাৰ্য্যালয়ত আয়োজিত সংবাদমেলত দলটোৰ কাৰ্য্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে এই কথা সদৰী কৰি লগতে জনাইছে যে তেওঁলোকে সমিতিখনক মুঠ ২৫টা পৰামৰ্শ আগবঢ়াইছে।

আনহাতে, ৬নং দফাৰ ৰূপায়ণ কৰিলেও অসম চুক্তিৰ ৫.৮ দফাটো বাতিল কৰিলে নচলিব বুলি মঞ্চই মত পোষণ কৰিছে।

“৫.৮ দফাটো বাতিল কৰিলে ৬নং দফাৰ কোনো গুৰুত্ব নাথাকিব,” সমিতিখনক সংগ্ৰামী মঞ্চই এই মত জনাইছে।

তাৰোপৰি অসম সংগ্ৰামী মঞ্চই অসমৰ বাবে পূৰ্ণ স্বায়ত্ত শাসনৰ পোষকতা কৰিছে।

ভাৰত চৰকাৰে অসমক পূৰ্ণ স্বায়ত্ত শাসন দিব লাগে বুলি দাবী উত্থাপন কৰি এই সন্দৰ্ভত দলটোৱে কিছু মত দাঙি ধৰিছে।

“বি টি চিৰ দৰে (অসমত) সংবিধানৰ ষষ্ঠ অনুসূচীৰ সম্পূৰ্ণ অধিকাৰ দিব লাগে। ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে। কিন্তু যিসকল জনজাতি হয়, তেওঁলোকৰ অধিকাৰ খৰ্ব হ’ব নালাগে,” ফুকনে কয়।

আনহাতে, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ ক্ষেত্ৰত ১৯৫১ চনৰ এন আৰ চিত নাম থকাসকলৰ উত্তৰ পুৰুষকহে সুবিধা প্ৰদান কৰিব লাগে বুলি মঞ্চই মত পোষণ কৰিছে।

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ভিত্তিত মঞ্চই অসমৰ ভোটাৰ তালিকা প্ৰস্তুত কৰাটো বিচাৰিছে আৰু অসমৰ ক্ষেত্ৰত দ্বি-নাগৰিকত্ব প্ৰৱৰ্তনৰ পোষকতা কৰিছে।

“অসমৰ নাগৰিক সাপেক্ষেহে তেওঁ ভাৰতীয় নাগৰিক হ’ব পাৰিব,” মঞ্চৰ মত।

তাৰোপৰি, অসমৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ সম্পূৰ্ণ হোৱা এন আৰ চিক ভিত্তি কৰিহে দিয়াটো মঞ্চই পোষকতা কৰিছে।

অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীসমূহৰ সমস্যা সমাধানৰ বাবে মঞ্চই উচ্চ সদন গঠনৰ পোষকতা কৰিছে।

“উচ্চ সদন গঠনৰ বৰ্তমানৰ সাংবিধানিক ব্যৱস্থাৰ কিছু পৰিৱৰ্তন ঘটাই অসমৰ জনজাতি তথা জনগোষ্ঠীৰ প্ৰতিনিধিক লৈ গঠন কৰিব লাগে,” মঞ্চৰ মত।

মঞ্চই লগতে কয় যে অসমত ৰাজ্য ভাষা হিচাপে অন্য ভাষা “কেতিয়াও জাপি দিব নোৱাৰিব”।

আনহাতে, নাগৰিকত্ব বিধেয়ক আইনত পৰিণত হ’লে অসমীয়া ভাষা সংকটত পৰিব বুলি মঞ্চই মত পোষণ কৰিছে।

আনহাতে, দলটোৱে নগৰীয়া চিলিং আইন ১৯৭৬ কেন্দ্ৰীয় চৰকাৰে বাতিল কৰাৰ সিদ্ধান্ত অসমৰ ক্ষেত্ৰত প্ৰত্যাহাৰ কৰাৰ বাবে দাবী জনাইছে।

অনুপ্ৰৱেশ ৰোধৰ বাবে তেওঁলোকে ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰাৰ দাবী জনাইছে।

সংবাদমেলখনত দলটোৰ নেতা সমৰজ্যোতি বেজবৰুৱা আৰু দিৱস ফুকনো উপস্থিত আছিল।

সমিতি প্ৰস্তাৱিত অসমৰ “খিলঞ্জীয়া”লৈ সুৰক্ষাৰ বিৰোধিতা কৰিছে সদৌ অসম বেংগলি হিন্দু এচ’চিয়েচন, বৰাকৰ বহু সংগঠনৰ বৃহৎ মঞ্চ নাগৰিক অধিকাৰ ৰক্ষা সমন্বয় সমিতি আৰু অসম ৰাজ্যিক জমিয়তে।

অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সন্দৰ্ভত পৰামৰ্শদানৰ বাবে কেন্দ্ৰই যোৱা ১৬ জুলাইত সমিতিখন গঠন কৰিছিল।

যোৱা জানুৱাৰিত গঠন কৰা পূৰ্বৰ সমিতিখনৰ বেছিখিনি সদস্যই সমিতিখনত থাকিবলৈ অনিচ্ছা প্ৰকাশ কৰাত বৰ্তমানৰ সমিতিখন গঠন কৰা হৈছিল।

বৰ্তমানৰ সমিতিখন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাক অধ্যক্ষ আৰু অসমৰ মহাধিবক্তা ৰমেশ বৰপাত্ৰগোহাঞি, অৰুণাচল প্ৰদেশৰ মহাধিবক্তা নিলয় দত্ত, অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া সুভাষ দাস, অসম আৰক্ষী (বিশেষ শাখা)ৰ প্ৰাক্তন সঞ্চালকপ্ৰধান পল্লৱ ভট্টাচাৰ্য্য, অৱসৰপ্ৰাপ্ত অধ্যাপক সৃষ্টিধৰ দত্ত, লেখক সুমন্ত চলিহা, অধ্যাপক জয়কান্ত শৰ্মা, জ্যেষ্ঠ সাংবাদিক ৱছবিৰ হুছেইন আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা, সভাপতি আৰু সম্পাদক ক্ৰমে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য, দীপাংক নাথ আৰু লুৰিণজ্যোতি গগৈক সদস্যৰূপে লৈ গঠিত হৈছে।

গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব (উত্তৰ-পূব)ক সমিতিখনত সদস্য সচিবৰূপে নিয়োগ কৰা হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সময়ৰ পূৰ্বেই উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন, এতিয়াই কিয় সাজু হৈছে বিজেপি?

সময়ৰ পূৰ্বেই উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন, এতিয়াই কিয় সাজু হৈছে বিজেপি?

June 16, 2026 8:47 pm
বিশ্বকাপত ভাৰতৰ হাতত পৰাজয়ৰ পিছত জৰিমনাৰ সন্মুখীন পাকিস্তান মহিলা দল

বিশ্বকাপত ভাৰতৰ হাতত পৰাজয়ৰ পিছত জৰিমনাৰ সন্মুখীন পাকিস্তান মহিলা দল

June 16, 2026 8:33 pm
 “মোৰ অবিহনে ইজৰাইলৰ অস্তিত্ব নাথাকিলহেঁতেন”, ট্ৰাম্পৰ বিস্ফোৰক দাবী

 “মোৰ অবিহনে ইজৰাইলৰ অস্তিত্ব নাথাকিলহেঁতেন”, ট্ৰাম্পৰ বিস্ফোৰক দাবী

June 16, 2026 8:19 pm
পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

পেপাৰ লিক হোৱাক কৈ সৰৱ ৰাহুল গান্ধী : ১৭ জুনত কোটাত প্ৰতিবাদী সমাৱেশ আহ্বান

June 16, 2026 7:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সময়ৰ পূৰ্বেই উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন, এতিয়াই কিয় সাজু হৈছে বিজেপি?

সময়ৰ পূৰ্বেই উত্তৰ প্ৰদেশসহ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন, এতিয়াই কিয় সাজু হৈছে বিজেপি?

June 16, 2026 8:47 pm
বিশ্বকাপত ভাৰতৰ হাতত পৰাজয়ৰ পিছত জৰিমনাৰ সন্মুখীন পাকিস্তান মহিলা দল

বিশ্বকাপত ভাৰতৰ হাতত পৰাজয়ৰ পিছত জৰিমনাৰ সন্মুখীন পাকিস্তান মহিলা দল

June 16, 2026 8:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd