‘কা’ বিৰোধী আন্দোলনৰ সময়ত অসমৰ সাধাৰণ জনতাৰ লগত থকাৰ অংগীকাৰেৰে বিজেপিৰ পৰা পদত্যাগ কৰা অভিনেতা যতীন বৰাৰ মন ঘূৰিছে।
সেয়ে দলৰ পৰা পদত্যাগ কৰিয়েই হাজাৰ হাজাৰ প্ৰতিবাদী জনতাৰ ওচৰত সকলো সময়তে ৰাইজৰ লগতে থাকিম বুলি কোৱা যতীন বৰাই পুনৰ বিজেপিত যোগদানৰ বাবে ঠেং দাঙিছে বুলি খবৰ আহিছে।
অভিনেতা যতীন বৰাৰ চল চাই কঠীয়া পৰাৰ এনে কাৰ্যৰ বিৰুদ্ধে এতিয়া খোদ বিজেপিৰ অন্দৰ মহলতে প্ৰতিবাদৰ ঢৌ উঠিছে।
‘কা’ বিৰোধী আন্দোলনৰ সময়ত যিগৰাকী যতীন বৰাই দলক বিশ্বাসঘাতকতা কৰি দল ত্যাগ কৰিছিল সেই গৰাকী যতীন বৰাকে পুনৰ বিজেপিত অন্তৰ্ভূক্ত কৰিলে দলৰ ক্ষতি হ’ব বুলি স্পষ্ট ভাৱে কৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকাই।
দলৰ সংকট কালত দল ত্যাগ কৰা সকল কেতিয়াও বিশ্বাসযোগ্য লোক হ’ব নোৱাৰে বুলি বিজেপিৰ জ্যেষ্ঠ নেতা গৰাকীয়ে এক পত্ৰ যোগে প্ৰকাশ কৰিছে।
উল্লেখ্য ‘কা’ৰ বিৰুদ্ধে বিশাল গণ জাগৰণ দেখি যতীন বৰাই বিগত বৰ্ষৰ ১২ ডিচেম্বৰত বিজেপি ত্যাগ কৰিছিল আৰু লতাখেল পথাৰত জনতাৰ মাজত উপস্থিত হৈ ‘কা’ৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছিল।
সেই দিনা লতাশিলত ৰাইজৰ দুখত অভিনেতা যতীন বৰাৰ চকু চলচলীয়া হৈ পৰিছিল।
লতাশিলত যতীন বৰাই কৈছিল যে বিভাগীয় নিয়ম পালনৰ পিছতে তেওঁ অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত নিগমৰ অধ্যক্ষ পদৰ পৰাও পদত্যাগ কৰিব।
এতিয়া যতীন বৰাই ৰাইজৰ পক্ষ ত্যাগ কৰি পুনৰ বিজেপিত যোগ দিব বুলি ওলোৱা কথাই স্তম্ভিত কৰিছে জাতীয়তাবাদী ৰাইজক।
যতীন বৰাৰ পুনৰ বিজেপি গমনৰ খবৰে বিতুষ্ট কৰিছে বিজেপিৰে ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকাৰ দৰে নেতা সকলক।