৯ জুনত হাইলাকান্দিৰ সংঘৰ্ষৰ শুনানি ল’ব ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিবে

Hailakandi

সংঘৰ্ষৰ পিছত ১৩ মে'ত হাইলাকান্দিত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ সতৰ্ক দৃষ্টি। ফাইল ফটো

যোৱা মাহত হাইলাকান্দিত নামাজৰ সময়ত সৃষ্টি হোৱা এটা সাম্প্ৰদায়িক সংঘৰ্ষৰ তদন্ত কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ৰাজীব কুমাৰ বৰা অহা ৯ জুনত জিলাখনত উপস্থিত হ’ব।

বৰাই ১০ জুনত পুৱা ১০ বজাৰ পৰা হাইলাকান্দিৰ আৱৰ্ত ভৱনত এখন ৰাজহুৱা শুনানি গ্ৰহণ কৰিব বুলি প্ৰশাসনৰ ফালৰ পৰা এক প্ৰেছ বিজ্ঞপ্তি যোগে জনোৱা হৈছে।

লগতে পঢ়ক অসমত সাম্প্ৰদায়িক সংঘৰ্ষ! নামাজক লৈ উত্তপ্ত হাইলাকান্দিত সান্ধ্য আইন ।।Video

উক্ত দিনা স্থানীয় লোক, কোনো প্ৰত্যক্ষদৰ্শী তথা সংগঠন বা কোনো গোটৰ প্ৰতিনিধিয়ে অতিৰিক্ত মুখ্য সচিব গৰাকীৰ ওচৰত হাজিৰ হৈ যোৱা ১০ মে’ত হাইলাকান্দিত সংঘটিত ঘটনাৰ সৈতে জড়িত যিকোনো তথ্য লিখিত বা মৌখিকভাৱে জমা দিব পাৰিব।

উল্লেখযোগ্য যে ১০ মে’ত ৰমজানৰ নামাজ চলি থকাৰ সময়ত কিছু সংখ্যক দুৰ্বৃত্তই উদ্ভণ্ডালি কৰি নামাজৰ সময়ত ৰখাই থোৱা বহুকেইখন মটৰ চাইকেলৰ ছীট কাটি থৈ যোৱাৰ পিছতে দুটা ফৈদৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল। যাৰ বাবে সমগ্ৰ জিলাখনতে সান্ধ্য আইন জাৰি কৰিবলগীয়া হৈছিল।

লগতে পঢ়ক হাইলাকান্দিৰ সংঘৰ্ষত হিন্দু-মুছলমান মৌলবাদী আৰু চৰকাৰৰ হাত ।।Video।।

আনকি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলী চালনা কৰাৰ ফলত জমিৰ উদ্দিন তপদাৰ নামৰ এজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হৈছিল।