DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

চৰকাৰ সাজু : ৰাজ্যৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান হ’ব তপন ডেকা!

এন ই নাও নিউজ by এন ই নাও নিউজ
August 26, 2019 12:59 pm
EC2_Ep-U0AA5S0l

ৰাজ্যৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান হোৱাৰ পথত সুদক্ষ আৰক্ষী বিষয়া তপন ডেকা। ফটো : টুইটাৰ

18k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই অহা ৩১ আগষ্টত অৱসৰ গ্ৰহণ কৰিব।

অহা ১ ছেপ্টেম্বৰত ৰাজ্যখনত এগৰাকী নতুন আৰক্ষী সঞ্চালক প্ৰধানে দায়িত্বভাৰ গ্ৰহণ কৰিব।

চৰকাৰৰ ফালৰ পৰা ইতিমধ্যে এগৰাকী সুদক্ষ আৰক্ষী বিষয়া তপন ডেকাক পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়াৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে।

আনুষ্ঠানিকভাৱে আৰক্ষী বিষয়াগৰাকীক এতিয়ালৈকে জনোৱা হোৱা নাই যদিও  মঙলবাৰে এই সন্দৰ্ভত গোটেই বিষয়টো স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।

১৯৮৮ বৰ্ষৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া ডেকা বৰ্তমান আই বিৰ উত্তৰ-পূবৰ যুটীয়া সঞ্চালক হিচাপে কৰ্মৰত।

তেওঁ দেশৰ শীৰ্ষ চোৰাংচোৱা হিচাপে ৱাশ্বিংটনত থকাৰ উপৰি আই বিৰ আন্ত:ৰাষ্ট্ৰীয় তথা ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী গোটৰ নেতৃত্বত আছিল।

অসম আন্দোলনকালীন সময়ছোৱাত এগৰাকী আছু নেতা হিচাপে পৰিচিত ডেকা এগৰাকী অত্যন্ত মেধাবী ছাত্ৰ আছিল।

নতুন দিল্লীত উচ্চ শিক্ষা সম্পূৰ্ণ কৰা তপন ডেকাই প্ৰথমবাৰতেই ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰে।

হিমাচল কেডাৰৰ আই পি এছ বিষয়া ডেকাই ১৯৯৩-২০০১লৈ আলফা জড়িত উগ্ৰপন্থী বিৰোধী অভিযানৰ তদাৰক কৰিছিল।

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ প্ৰিয়পাত্ৰ ডেকাই ১৯৯৮ চনৰ পৰাই চোৰাংচোৱা সংস্থাত সেৱা আগবঢ়াই আহিছে।

বৰ্তমান চোৰাংচোৱা সংস্থাৰ অতিৰিক্ত সঞ্চালক হিচাপে পদোন্নতি পোৱা ডেকাই নতুন দিল্লীলৈ যোৱাৰ কথা আছিল।

তেজপুৰৰ বাসিন্দা তপন ডেকা বৰ্তমান গুৱাহাটীত পৰিয়ালসহ চৰকাৰী আৱাসত থাকে।

এগৰাকী সুদক্ষ আৰক্ষী বিষয়া তপন ডেকাক আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি লাভ কৰিলে বিগত দিনত চৰ্চা লাভ কৰি অহা আৰক্ষী বিষয়াসকলৰ সকলো জল্পনা-কল্পনাৰ অন্ত পৰিব।

উল্লেখযোগ্য যে ২০২৩ চনৰ অৱসৰ গ্ৰহণ কৰিবলগীয়া তপন ডেকাই দীৰ্ঘদিন ধৰি আৰক্ষী সঞ্চালক প্ৰধান হিচাপে ৰাজ্যখনক সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰিব।

Recent News

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

বিশ্বনাথত প্ৰশাসনে জ্বলাই দিলে ১ কোটি টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী

PPI Kit scam

পিপই কিট কেলেংকাৰী: হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ তৃণমূলৰ সাংসদ শান্তনু সেন

Engine Driver Dies On Duty

চলন্ত ৰে’লতে হৃদৰোগত আক্ৰান্ত মুখ্য ইঞ্জিন চালক: সাবটিলে মৃত্যুক

Agnipath

নৰ্থ ইষ্ট নাওৰ বিশেষ অনুষ্ঠান কথন: বিষয়- অগ্নিপথ দেশৰ বাবে প্ৰত্যাহ্বান হ’ব নেকি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd