কানীয়াৰে ভৰিছে লিডু, মাৰ্ঘেৰিটা; কানিৰ ‘ৰাজধানী’ত পৰিণত তিনিচুকীয়াৰ অৰুণাচল সীমান্ত

tinsukia marghrita aasu

তিনিচুকীয়া জিলাৰ অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকণ্ঠ অঞ্চল উত্তৰ-পূবৰ ড্ৰাগছ-কানি বেহাৰ ৰাজধানীত পৰিণত হৈছে। নিচাযুক্ত এই দ্ৰব্যৰ বেহা আৰু ব্যৱহাৰৰ বিৰুদ্ধে চলি অহা ধাৰাৱাহিক প্ৰতিবাদ অব্যাহত ৰাখি মঙলবাৰে অৱস্থান ধৰ্মঘটত বহে মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থা।

উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চৰ ধৰ্মঘটথলীৰ পৰা সন্থাই মঙলবাৰে ভাৰপ্ৰাপ্ত মহকুমা তথ্য আৰু জনসংযোগ বিষয়া ঝৰ্ণা পাটগিৰিৰ যোগেদি মাৰ্ঘেৰিটা মহকুমাধিপতিলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰি অনতিপলমে এই বেহা বন্ধৰ দাবী তুলিছে।

এই বেহা আবকাৰি বিভাগে শীঘ্ৰে বন্ধ নকৰিলে জংগী আন্দোলনৰ হুংকাৰ দিছে আছুৱে।

লগতে পঢ়ক: জাগুনত ড্ৰাগছ-কানিৰ বিৰুদ্ধে সজাগতা সভা টাই আহোম যুৱ পৰিষদৰ

জিলাখনৰ মাৰ্ঘেৰিটা, লিডু, বৰগোলাই, লালগোলা, জমাদাৰ বস্তি, লেখাপানী, টিপং, জাগুন, কেটেতং আদি অঞ্চল কানীয়াৰে ভৰি পৰিছে। বিভিন্ন সময়ত কানি বেপাৰীক ধৰি আৰক্ষীৰ হাততো আনকি গতাই দিয়া সত্বেও নিচাযুক্ত দ্ৰব্যসমূহৰ ব্যৱহাৰ বন্ধ কৰিব নোৱৰা প্ৰশাসনৰ বিৰুদ্ধে খৰ্গহস্ত হৈ উঠিছে অতীষ্ঠ ৰাইজ।

লগতে পঢ়ক: জাগুনত ড্ৰাগছ-কানিৰ বেহাৰ বন্ধৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

উল্লেখযোগ্য যে কানিৰ বিৰুদ্ধে আছুৰ উপৰি ইতিমধ্যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, তাই আহোম যুৱ পৰিষদেও ব্যাপক প্ৰতিবাদ কৰি আহিছে।

লগতে পঢ়ক: তিনিচুকীয়াৰ লেখাপানীত আটক মহিলা কানি বেপাৰী

যোৱা ৫ আগষ্টত জাগুন উচ্চ মাধ্যমিক বিদ্যালয়ত তাই আহোম যুৱ পৰিষদে কানিৰ বিৰুদ্ধে এখন সজাগতা সভা আয়োজন কৰাৰ উপৰি যোৱা ৩ আগষ্টত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিবাদ জনাইছিল।