তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া জাগুনত ড্ৰাগছ আৰু কানিৰ বিৰুদ্ধে অব্যাহত আছে ৰাইজৰ প্ৰতিবাদ। টাই আহোম যুৱ পৰিষদৰ মাৰ্ঘেৰিটা মহকুমা সমিতিয়ে আজি ৫ আগষ্টত জাগুন উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গণত এই সন্দৰ্ভত এখন সজাগতা সভা আয়োজন কৰে।
আজিৰ সভাত উপস্থিত থকা একাংশ মহিলাই নিজৰ স্বামী, পুত্ৰ আৰু ওচৰ চুবুৰীয়াই ড্ৰাগছ সেৱন কৰাক লৈ যি সমস্যা সৃষ্টি হৈছে তাক অনতিপলমে সমাধানৰ দাবী জনাইছে আজিৰ সজাগতা সভাৰ যোগেদি।
অনতিপলমে ড্ৰাগছ-কানিৰ বেহা মাৰ্ঘেৰিটাত বন্ধ নকৰিলে কেইবাটাও দল-সংগঠনে আবকাৰী বিভাগৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে।
নিচাযুক্ত দ্ৰব্যসমূহ বন্ধ কৰাৰ দাবীত জাগুনৰ একাংশ দল-সংগঠনৰ লগতে সচেতন মহলে প্ৰশাসনক ধাৰাৱাহিকভাৱে দাবী উত্থাপন কৰি অহাৰ লগতে বহুবাৰ এনে দ্ৰব্যৰ বেহাৰ লগত জৰিত লোকক আটক কৰি আৰক্ষীক গতায়ো দিছে।
এই সংকটৰ পৰা বচাবলৈ বিভিন্ন সময়ত একাধিকবাৰ ৰাজহুৱা সভা অনুষ্ঠিত কৰি অহাৰ পিছতো আৰক্ষী আৰু আবকাৰী বিভাগে দুৰ্ভাগ্যজনকভাৱে এই নিচাযুক্ত দ্ৰব্যৰ বেহা বন্ধ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে।