• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, April 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম বিধানসভা নিৰ্বাচন ২০২১ : নিৰ্বাচনত কিমান ভোটাৰে কিমান গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব?

NE NOW NEWS প্ৰাঞ্জল দেউৰী
গুৱাহাটী , March 25, 2021 12:44 pm

2 min read

https://assam.nenow.in/wp-content/uploads/2021/03/evm.jpg
444
VIEWS
Share on FacebookShare on Twitter

অহা ২৭ মাৰ্চৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচন ২০২১ৰ ভোটগ্ৰহণ সমাপ্ত হ’ব অহা ৬ এপ্ৰিলত। আনহাতে ফলাফল ঘোষণা কৰা হ’ব ২ মে’ত।

ইতিমধ্যে নিৰ্বাচনৰ সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু অহা ২৭ মাৰ্চত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণেৰে ৰাজ্যখনৰ তিনিটা পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ৰাজ্যখনৰ উজনিৰ ১২ খন জিলাৰ ৪৭ টা সমষ্টিৰ ৮১,০৯,৮১৫ গৰাকী ভোটাৰে ২৬৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।

আনহাতে ১ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ১৩ খন জিলাৰ ৩৯ টা সমষ্টিৰ ৭৩,৪৪,৬৩১ গৰাকী ভোটাৰে ৩৪৫ গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ধাৰণ কৰিব।

৬ এপ্ৰিলত অনুষ্ঠিতব্য তৃতীয় তথা অন্তিম পৰ্যায় ভোটগ্ৰহণত ১২ খন জিলাৰ ৪০ টা সমষ্টিত ৩৩৭ গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৭৯,১৯,৪৪১ গৰাকী ভোটাৰে।

অসম মুখ্য নিৰ্বাচনী বিষয়াই ঘোষণা কৰা মতে অসমৰ ১২৬ টা সমষ্টিত ২,৩৩,৭৪,০৮৭ গৰাকী ভোটাৰ আছে। ইয়াৰে ১,১৮,২৩,২৮৬ গৰাকী পুৰুষ, ১,১৫,৫০,৪০৩ গৰাকী মহিলা আৰু ৩৯৮ গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে।

ইয়াৰ মাজত ৬৩,০৭৪ গৰাকী চাৰ্ভিছ ভোটাৰো আছে।

অসম মুখ্য নিৰ্বাচনী বিষয়াই ঘোষণা কৰা অনুসৰি ৰাজ্যখনত এইবাৰ ১২,৮১,৯১৮ গৰাকী নতুন আৰু ২,৮৯,৪৭৪ গৰাকী ৮০ বছৰ উৰ্দ্ধৰ ভোটাৰ আছে।

প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’বলগীয়া ধেমাজি জিলাৰ জোনাই বিধানসভা সমষ্টিটো হৈছে প্ৰথম পৰ্যায়ৰ সৰ্বাধিক ভোটাৰবিশিষ্ট সমষ্টি। সমষ্টিটোত ৩,১১,৬৬০ গৰাকী ভোটাৰ আৰু ৪৪৯ টা ভোটগ্ৰহণ কেন্দ্ৰ আছে।

দ্বিতীয় পৰ্যায়ৰ সৰ্বাধিক ভোটাৰবিশিষ্ট সমষ্টিটো হৈছে হোজাই। হোজাইত ২,৬৫,৮৮৬ গৰাকী ভোটাৰ থকাৰ বিপৰীতে ভোটগ্ৰহণ কেন্দ্ৰ আছে ৪৪৯ টা।

আনহাতে তৃতীয় পৰ্যায়ৰ সৰ্বাধিক ভোটাৰবিশিষ্ট বিধানসভা সমষ্টিটো হৈছে কামৰূপ মহানগৰ জিলাৰ দিছপুৰ। অসমৰ ভিতৰতে সৰ্বাধিক ভোটাৰবিশিষ্ট সমষ্টিটোৰ ভোটাৰৰ সংখ্যা হৈছে ৪,১১,৬৩৬ গৰাকী আৰু ইয়াত ভোটগ্ৰহণ কেন্দ্ৰ আছে ৬০৭ টা।

উল্লেখ্য যে অসমৰ সৰ্বনিম্ন ভোটাৰবিশিষ্ট বিধানসভা সমষ্টিটো হৈছে শিৱসাগৰ জিআৰ থাওৰা বিধানসভা সমষ্টি। সমষ্টিটোত ১,১৫,৩৬৫ গৰাকী ভোটাৰ আছে।

Tags: Assam Election

Recent News

Last-Rites-of-Bhitali-Das-750x430

নৱগ্ৰহ শ্মশানত গুণমুগ্ধৰ উপস্থিতিত পঞ্চভূতত বিলীন হ’ল শিল্পী ভিতালী দাসৰ নশ্বৰদেহ

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

হ’ব নেকি ল’কডাউন? সৰ্বদলীয় বৈঠকত কি সিদ্ধান্ত ল’লে মুখ্যমন্ত্ৰীয়ে?

বংগ নিৰ্বাচন : ভোটগ্ৰহণ কেন্দ্ৰতে পোলিং অফিচাৰে চিঞৰি উঠিল- ‘জয় শ্ৰীৰাম’! তুমুল চাঞ্চল্য

বংগ নিৰ্বাচন : ভোটগ্ৰহণ কেন্দ্ৰতে পোলিং অফিচাৰে চিঞৰি উঠিল- ‘জয় শ্ৰীৰাম’! তুমুল চাঞ্চল্য

যোৱা বৰ্ষত জেলৰ পৰা উধাও হোৱা অবৈধ মাৰণাস্ত্ৰ সৰবৰাহকাৰীক পুনৰ আটক, ক’ত?

যোৱা বৰ্ষত জেলৰ পৰা উধাও হোৱা অবৈধ মাৰণাস্ত্ৰ সৰবৰাহকাৰীক পুনৰ আটক, ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd