NORTHEAST NOW (Assamese)

দুই পাহাৰীয়া জিলাত শান্তি ঘূৰাই অনাত বিশেষ ভূমিকা আছিল সাংসদ ইংটিৰ : ডেনিয়েল লাংথাচা

April 3, 2019 10:45 pm · পংকজ কুমাৰ দেব

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি হাফলঙত ডিমা হাচাও জিলা কংগ্ৰেছ কমিটিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰে। জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাংথাচা আৰু অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক তথা পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সদস্য ডেনিয়েল লাংথাচাই সংবাদমেলত কংগ্ৰেছ দলে নিৰ্বাচনী ইস্তাহাৰত উত্তৰ-পূবৰ কাৰণে গ্ৰহণ কৰা প্ৰতিশ্ৰুতি সমূহৰ উপৰত আলোকপাত কৰে।

সংবাদমেলত ডেনিয়েল লাংথাচাই কয় যে বিজেপি দলে স্মাৰ্ট চিটীৰ কথা কই যদিও বাস্তৱত ২০০৬ চনতে কংগ্ৰেছে গুৱাহাটী মহানগৰীক স্মাৰ্ট চিটী বনোৱাত আগ ভাগ লৈছিল।

আনহাতে ডিফুৰ সাংসদ বিৰেন সিঙ ইংটিয়ে যোৱা ১৫ বছৰে সাংসদ হিচাপে ডিমা হাচাও জিলাৰ উন্নয়নৰ কাৰনে কি কাম কৰিলে বুলি সাংবাদিকে সোধাত তেওঁ কয় যে কাৰ্বি আংলং আৰু ডিমা হাচাওক সামৰি পৃথক কাৰ্বি ডিমাঞ্চল ৰাজ্য গঠনৰ কাৰনে বিৰেন সিঙ ইংটিয়ে সদনত প্ৰস্তাব ৰাখিছিল।

ইয়াৰ উপৰি কাৰ্বি আংলং আৰু ডিমা হাচাওৰ দুটাকৈ উগ্ৰপন্থী গোট ক্ৰমে য়ু পি ডি এছ আৰু ডি এইচ ডিক আলোচনাৰ মজিয়ালৈ আনি জিলা দুখনত শান্তি ঘুৰাই অনাত ইংটিৰ যথেষ্ট অৰিহনা আছে বুলিও তেওঁ কয়।

ইয়াৰ বিপৰীতে বিজেপি দলৰ প্ৰাৰ্থী হৰেন সিং বেই শান্তিৰ পথ গ্ৰহণ নকৰি হাতত বন্দুকহে তুলি লৈছিল বুলি ডেনিয়েল লাংথাচাই কটাক্ষ কৰে।

Related News