স্বচ্ছতাৰ দিশত এখোজ আগবঢ়াই অসমে লাভ কৰিছে ২০১৮ চনৰ স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ বঁটা। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত ৰাজ্যখনে আগবঢ়োৱা উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসমক এই বঁটাৰে সন্মানিত কৰিছে।
অসমে বিগত চাৰিটা বৰ্ষত সমগ্ৰ দেশৰ ভিতৰতে অনাময় ব্যৱস্থাৰ দিশত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি বৰ্তমানলৈ ৰাজ্যখনৰ প্ৰায় ৫১.৩৮ লাখ পৰিয়ালক সামৰি লৈছে। তদুপৰি ৰাজ্যখনৰ ২০,৩২৪খন গাঁৱক ইতিমধ্যে সম্পূৰ্ণ মুকলিত মলত্যাগমুক্ত হিচাপে ঘোষণা কৰে হৈছে।
আনহাতে, অসমত ২০১৪-১৬ বৰ্ষত ৬ লাখ শৌচালয় নিৰ্মাণ কৰাৰ বিপৰীতে ২০১৬ চনৰ মে’ মাহৰ পৰা ২০১৮ চনৰ জুন মাহলৈ ২০,৮৭,০১২টা শৌচালয় নিৰ্মাণ কৰা হৈছে।
উল্লেখযোগ্য যে দেশৰ সকলো ৰাজ্য তথা জিলাত গুণগত পৰিচ্ছন্নতা সন্দৰ্ভত বিশেষ মূল্যায়নৰ জৰিয়তে এই স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ বঁটাৰ বাবে বাছনি কৰা হয়। এই সমীক্ষাত ৰাজহুৱা স্থানৰ সমীক্ষা, স্বচ্ছতা সন্দৰ্ভত জনসাধাৰণৰ মতামতো গ্ৰহণ কৰা হয়।
শনিবাৰে এক বিবৃতিযোগে কেন্দ্ৰীয় খোৱাপানী আৰু অনাময় দপ্তৰৰ মন্ত্ৰী উমা ভাৰতীয়ে অসমক এই বঁটা প্ৰদান কৰা বুলি সদৰী কৰে।