NORTHEAST NOW (Assamese)

২০২১ বৰ্ষৰ অসম বৈভৱ বঁটা ঘোষণা, ৰতন টাটালৈ প্ৰথম বৰ্ষৰ অসম বৈভৱ বঁটা

December 2, 2021 3:00 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 2, 2021 3:01 pm

ৰাজ্য চৰকাৰে নতুনকৈ প্ৰৱৰ্তন কৰা অসম বৈভৱ বঁটা বিজয়ীৰ নাম আজি ঘোষণা কৰে। নতুন দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই বঁটা বিজয়ীৰ নাম।

প্ৰথম বৰ্ষৰ অসম বৈভৱ বঁটা আগবঢ়োৱা হৈছে উদ্যোগপতি ৰতন টাটালৈ।

অসমত কেঞ্চাৰ ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে টাটালৈ এই সন্মান আগবঢ়োৱা হৈছে।

টুইটাৰ যোগে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰতন টাটালৈ এই সন্মান আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। টুইটটোত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “অসম চৰকাৰে ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা ‘অসম বৈভৱ’ অসমত কৰ্কট ৰোগৰ চিকিৎসা আগবঢ়োৱাৰ ক্ষেত্ৰত ব্যতিক্ৰমী অৱদানৰ বাবে টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটাক প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে বুলি ঘোষণা কৰি আনন্দিত হৈছো।”

 

উল্লেখ্য যে, ৰাজ্য চৰকাৰে শেহতীয়াকৈ অসম বৈভৱ বঁটাক ৰাজ্যৰ সৰ্বোচ্ছ অসামৰিক সন্মান হিচাপে বিবেচিত কৰিছিল।

Related News