• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্ৰম সংহিতা বাতিল কৰা আৰু বিজেপি চৰকাৰৰ জনবিৰোধী কৰ্মকাণ্ডৰ বিৰুদ্ধে দেশজোৰা ধৰ্মঘটে ‘অসম বন্ধ’ ৰূপ ল’লে ৰাজ্যত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 9, 2025 7:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহ, কৰ্মচাৰী ফেডাৰেছনসমূহ আৰু কৃষক সংগঠনসমূহে যৌথভাৱে ৯ জুলাইত আহ্বান কৰা সাধাৰণ ধৰ্মঘটে অসমৰো স্বাভাৱিক জীৱন যাত্ৰা স্তব্ধ কৰি তোলে। মটৰ শ্ৰমিকসকলৰ ধৰ্মঘটে যাতায়ত ব্যৱস্থা অভূতপূৰ্বভাৱে ব্যাহত কৰি তোলে। ফলত সাধাৰণ ধৰ্মঘটে ৰাজ্যখনত ‘অসম বন্ধ’ৰ ৰূপ ল’লে।

কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ জনবিৰোধী কাম-কাজ বোৰত অসন্তুষ্ট হৈ এই ধৰ্মঘটলৈ অসমৰ জনগণে অভূতুৰ্ব সঁহাৰি জনালে। খবৰ পোৱ মতে অসমৰ চাৰিওটা শোধানাগাৰত উৎপাদন ব্যাহত হয়, কয়লাখননো বন্ধ হৈ পৰে।ইয়াৰোপৰি বিদ্যুৎ খণ্ড, বেংক-বীমা, বিএছএনএল আৰু পোষ্টেলৰ কৰ্মচাৰীসকলেও সম্পূৰ্ণৰূপে কৰ্মবিৰতি পালন কৰে। মুখ্য অভিযন্তাসহ সকলো অভিযন্তা আৰু সৰ্বস্তৰৰ বিদ্যুৎ কৰ্মচাৰীৰ অংশগ্ৰহণে গুৱাহাটীত থকা অসমৰ বিদ্যুৎ খণ্ডৰ মুখ্য কাৰ্যালয় বিজুলী ভৱনৰ সকলো কাম-কাজ স্তব্ধ কৰি তোলে। পাৱাৰ গ্ৰীড কৰ্পোৰেচনৰ কৰ্মচাৰীসকলে উত্তৰ-পূৱৰ ৭ খন ৰাজ্যৰ ২৩ টা উপ-শাখাত ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

Apply Now

উল্লেখ্য যে ৯ জুলাইৰ এই ধৰ্মঘটৰ বিশেষ বৈশিষ্ট্য আছিল ব্যাক্তিগত খণ্ডৰ কল-কাৰখানাৰ শ্ৰমিকসকলৰ স্বতঃস্ফূট ধৰ্মঘট। পোৱা ৫ বজাৰ পৰা কাৰখানাবোৰৰ প্ৰৱেশ দ্বাৰত শ্ৰমিকসকলে অৱস্থান কৰি উৎপাদন কাৰ্য সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখে। দক্ষিণ কামৰূপৰ বকোৰ ওচৰৰ চাটাবাৰীৰ উদ্যোগী পাম, পলাশবাৰী আৰু ৰাণী অঞ্চলৰ উদ্যোগসমূহৰ উৎপাদনো ব্যাহত হৈ থাকে। উত্তৰ গুৱাহাটীৰ আমিনগাঁৱত থকা উদ্যোগী পামৰ সকলো কাৰখানাৰ হেজাৰ হেজাৰ শ্ৰমিকে প্ৰধান প্ৰৱেশ দ্বাৰত অৱস্থান কৰি ধৰ্মঘট সফল কৰি তোলে।

ইফালে উত্তৰ গুৱাহাটী, সৰপাৰা আৰু গোপেনাৰীসহ অসমৰ ৯ টাকৈ বটলিং প্লান্টত কাম-কাজো বন্ধ হৈ পৰে। ডিগবৈ, নুনমাটি, নুমলীগড় আৰু বঙাইগাঁও শোধানাগাৰত সাত হাজাৰৰো অধিক ঠিকা শ্ৰমিকে ধৰ্মঘট পালন কৰি এক নতুন নজিৰ সৃষ্টি কৰে।

গুৱাহাটীৰ বোন্দাত থকা অসম ৰুফিং কোম্পানী, অসম কাৰ্বন কোম্পানী, ইণ্ডিয়া কাৰ্বন কোম্পানী, বোকাজানৰ চিমেন্ট কাৰখানাৰ ধৰ্মঘট আছিল উল্লেখযোগ্য। নগাঁৱৰ টাউনত ধৰ্মঘটৰকাৰীসকলক আৰক্ষীয়ে বাধা প্ৰদান কৰে আৰু ৮০ গৰাকী ধৰ্মঘটকাৰীক গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে।

কোকৰাঝাৰ জিলাৰ চালেকাটিৰ এন টি পি চি (NTPC)ৰ ঠিকা শ্ৰমিকসকলে কৰ্মবিৰতি পালন কৰি এন টি পি চিৰ চাৰিওফালে সমদল উলিয়াই। অসমৰ চাহ বাগানসমূহতো দেশজোৰা ধৰ্মঘটে ব্যাপক প্ৰভাৱ বিস্তাৰ কৰে। লক্ষীমপুৰ, বিশ্বনাথ, শোণিতপুৰ, দৰং, ওদালগুৰী, বঙাইগাও-চিৰাং, কোকৰাঝাৰ, ধুবুৰী আৰু কাছাৰ, জিলাৰ চাহ বাগানসমূহত সম্পূৰ্ণ ধৰ্মঘট পালন কৰে। ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, গোলাঘাট আৰু নগাঁও জিলাৰ বাগানে বাগানে ধৰ্মঘটৰ সমৰ্থনত বিক্ষোভ কাৰ্যসূচী পালন কৰে।  

ইয়াৰোপৰি ধৰ্মঘট পালনৰ সময়ছোৱাত শ্ৰমিক কৰ্মচাৰীসকলে এইবাৰ ব্যাপক সংখ্যাত সভা-সমদলত যোগদান কৰে। ঠায়ে ঠায়ে পিকেটিং কৰিও ধৰ্মঘট সফল কৰাত সহায় কৰে। নিৰ্মণ খণ্ডৰ শ্ৰমিক, অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকাসকল, আশা কৰ্মী আৰু ৰন্ধন কৰ্মচাৰীসকলে ব্যাপক হাৰত ধৰ্মঘটত যোগদান কৰিছে।

চকা বন্ধ কাৰ্যসূচীৰ প্ৰতি সঁহাৰি জনাই অসমৰ বিভিন্ন ঠাইত মটৰ চালক সকলেও ৰাজপথত অৱস্থান গ্ৰহণ কৰে। সমগ্ৰ অসমতে মটৰ চালক সংগঠনসমূহে চকা বন্ধ কাৰ্যসূচীৰে ধৰ্মঘট পালন কৰে। গুৱাহাটীৰ ওচৰৰ খানাপাৰাৰ টাৰ্মিনাচত কেইবাশ মটৰ পৰিবহন শ্ৰমিকে পথত অৱস্থান কৰি চকাবন্ধ সফল কৰি তোলে। গুৱাহাটীত ভিন ভিন ঠাইত তিনিগৰাকী ধৰ্মঘটকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।   

একেদৰে গুৱাহাটীত  আইএনটিইউচি, এআইটিইউচি, চিআইটিইউ, এআইইউটিইউচিসহ ট্ৰেড ইউনিয়ন, অসম ৰাজ্যিক কৃষক সভা আৰু কৰ্মচাৰী ফেডাৰেচনসমূহৰ নেতৃত্বত ধৰ্মঘটকাৰীসকলে গুৱাহাটী ক্লাৱৰ ৰ’টাৰীত বিক্ষোভ প্ৰদৰ্শন কৰে। বিক্ষোভকাৰী সকলে সমদল কৰিব বিচৰাত আৰক্ষীৰ সৈতে প্ৰচণ্ড হেচা ঠেলা হয়। সমদল উলিওৱাত বাধা সৃষ্টি কৰে।

শান্তিপূৰ্ণ ধৰ্মঘটকাৰীৰ ওপৰত আৰক্ষীৰ অহেতুক হস্তক্ষেপক সংগঠনসমূহৰ নেতৃবৃন্দই একেমূখে নিন্দা কৰে। বিক্ষোভকাৰীসকলক সম্বোধন কৰি বক্তব্য আগবঢ়ায় ৰমেন দাস, তপন শৰ্মা, বীৰেন শৰ্মা, এ ৰেজ্জাক আহমেদ, প্ৰমোদ ভাগৱতী আৰু পণ্ডিত এছ এন দাসে। এই কাৰ্যসূচীত এছ এফ আই, এ আই এছ এফ, ডি ৱাই এফ আই আৰু গণতান্ত্ৰিক মহিলা সমিতিৰ নেতৃবৃন্দইও যোগদান কৰে। বক্তাসকলে কয় যে বিজেপি চৰকাৰ খনে জনবিৰোধী আৰু জাতীয় স্বাৰ্থ কৰ্মকাণ্ডবোৰ বন্ধ নকৰিলে অহা দিনত ধাৰাবাহিক ধৰ্মঘটৰ নিচিনা চৰম কাৰ্যসূচী  গ্ৰহণ কৰিব বুলি সকীয়নী দিয়ে। আৰু ট্ৰেড ইউনিয়নসমূহৰ যৌথ মঞ্চই অসমত ধৰ্মঘট সফল কৰি তোলাৰ বাবে অসমৰ সংগ্ৰামী জনগণলৈ অভিনন্দন জ্ঞাপন কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd