• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অব্যাহত বিজয়ৰ অশ্বমেধ গতি: প্ৰথমবাৰৰ বাবে ছৈয়দ মুস্তাক আলী ট্ৰফীৰ ছেমিত প্ৰৱেশ অসমৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 2, 2023 9:20 pm
Assam beat Kerala Syed Mushtaq Ali Trophy
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰমাৎ সূৰ্যোদয় ঘটিছে অসম ক্ৰিকেটৰ। ন-শকতিৰে সাজু হৈ ইতিহাস ৰচনাৰে আজি কেৰালাক পৰাস্ত কৰি চলিত ছৈয়দ মুস্তাক আলী ট্ৰফীৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে অসম ক্ৰিকেট দলে।

সমগ্ৰ প্ৰতিযোগিতাখনত চমকপ্ৰদ প্ৰদৰ্শন অব্যাহত ৰাখি আজি কোৱাৰ্টাৰ ফাইনেলত অসমে ছয় উইকেটত সহজে পৰাস্ত কৰে কেৰালাক। টছত জয়ী হৈ অসমৰ অধিনায়ক ৰিয়ান পৰাগে প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লয়।

Apply Now

অৱশ্যে কেৰালাৰ আৰম্ভণি সুখকৰ নাছিল। অসমৰ সন্মিলিত বলিং আক্ৰমণত তচনচ হৈ পৰিছিল দলৰ বেটিং লাইন আপ। ৪৪ ৰাণতে দলটোৱে হেৰুৱায় পাঁচটা উইকেট।

অৱশ্যে ষষ্ঠ উইকেটত ছলমান নিজাৰ আৰু আব্দুল বাজিথে ১০১ ৰাণ যোগ দি এক প্ৰত্যাহ্বানজনক স্ক’ৰ থিয় কৰায়। দলৰ হৈ সৰ্বাধিক স্ক’ৰ কৰা নিজাৰে ৪৪ বলত ৫৭ ৰাণ কৰি অপৰাজিত থাকে।

আনহাতে আব্দুল বাজিথে সংগ্ৰহ কৰে ৪২ বলত ৫৪ ৰাণ। বিষ্ণু বিনোদৰ বেটৰ পৰা আহে গুৰুত্বপূৰ্ণ ১৬ ৰাণ। নিৰ্ধাৰিত ২০ অভাৰত দলে সংগ্ৰহ কৰে ১৫৮ ৰাণ।

অসমৰ হৈ আকাশ সেনগুপ্তাই ৩ টা, মৃণ্ময় দত্তই ২টা আৰু মুখতাৰ হুছেইন ১টা উইকেট লাভ কৰে। সংখ্যাৰে অসমৰ বলাৰসকলে কেৰেলাৰ বেটিং ক্ৰম নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হয়।

ইফালে ১৫৯ ৰাণৰ লক্ষ্য অনুসৰণ কৰি অসম দলে আৰম্ভণিতে উজুটি খাইছিল। প্ৰথম অভাৰতে দলে হেৰুৱাইছিল ডেনিছ দাসৰ (৪) উইকেট। ইয়াৰ পিছত দ্বিতীয় উইকেটত ঋষভ দাস আৰু সুমিত ঘাদিগাওঙ্কাৰে যোগ দিয়ে ৬৯ ৰাণ।

ঋষভে ১৪ ৰাণ কৰি বিদায় লোৱাৰ কিছু সময় পিছতে অধিনায়ক ৰিয়ানৰ উইকেটো পতন ঘটে। সমগ্ৰ প্ৰতিযোগিতাখনত চমকপ্ৰদ প্ৰদৰ্শন অব্যাহত ৰখা ৰিয়ানে ১২ ৰাণ সংগ্ৰহ কৰে।

অৱশ্যে সুমিত আৰু শিৱশংকৰ ৰয়ে চতুৰ্থ উইকেটত ৪৯ ৰাণ যোগ দি দলক প্ৰায় জয়ৰ দুৱাৰডলিত উপনীত কৰায়। ৫০ বলত ৭৫ ৰাণৰ এক মেচ বিজয়ী ইনিংছ খেলি বিদায় লয় সুমিতে।

ইয়াৰ পিছত অৱশ্যে দলৰ কোনো হানি হ’বলৈ নিদিলে শিৱশংকৰ আৰু বিশাল ৰয়ে আৰু ১৭ টা বল বাকী থকা অৱস্থাতে দলক জয়ৰ লক্ষ্যত উপনীত কৰায়। শিৱশংকৰে আক্ৰমণাত্মক শৈলীৰে ২২ বলত ৪২ ৰাণ আৰু বিশালে ১১ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ ৰয়।

দৰ্শনীয় বেটিঙেৰে দলৰ জয়ত অন্যতম ভূমিকা লোৱা সুমিত মেচৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়। এই জয়ৰে অসমে প্ৰথমবাৰৰ বাবে ছৈয়দ মুস্তাক আলী ট্ৰফীৰ ছেমিফাইনেলত প্ৰৱেশ কৰে।

অহা ৪ নৱেম্বৰত ছেমিফাইনেলত অসমে বৰোদাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd