• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিপদৰ সময়ত মিছা তথ্যৰে ৰাইজক উচটনি দিয়া বন্ধ কৰক কংগ্ৰেছে : বিজেপি

সোণোৱালৰ বলিষ্ঠ পদক্ষেপৰ কাৰণে পোন প্ৰথম বাৰৰ বাবে বানপানী প্ৰাকৃতিক দুৰ্যোগ হিচাপে চিহ্নিত হৈছে: ৰূপম গোস্বামী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 23, 2020 8:20 pm
WhatsApp Image 2020-07-23 at 7.44.43 PM

কংগ্ৰেছৰ অভিযোগৰ প্ৰত্যুত্তৰ দি বৃহস্পতিবাৰে ৰাজ্যিক কাৰ্যালয়ত বিজেপিৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“বিপদৰ সময়ত মিছা তথ্যৰে ৰাইজক উচটনি দিয়া বন্ধ কৰক কংগ্ৰেছে।”  বৃহষ্পতিবাৰে হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত ৰাজ্যিক মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে কংগ্রেছক কটাক্ষ কৰি এইদৰে কয়।

তেওঁ লগতে কয়, “বানপানী, গৰাখহনীয়া, ক’ৰনা সকলোৱে আগুৰি সৃষ্টি কৰা এনে এক জটিল সময়ত চৰকাৰখনে ৰাইজক লৈ ৰাজনীতি কৰাৰ কথা কোৱাটোৱেই কংগ্ৰেছ দলৰ নিকৃষ্ট ৰাজনীতি ৷”

Apply Now

“যি সময়ত অসমৰ সৰ্বস্তৰৰ ৰাইজ বিপৰ্যস্ত হৈছে, এনেবোৰ সময়ত নিজৰ ন্যস্ত স্বাৰ্থ পূৰণৰ চিন্তা পৰিহাৰ কৰি অসমৰ প্ৰতিটো দল-সংগঠন একলগ হৈ চৰকাৰক সহযোগ কৰি ৰাইজৰ কাষত থকাটোহে বেছি প্ৰয়োজনীয়,”-গোস্বামীয়ে এইদৰে কয়।

যি সময়ত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন মন্ত্ৰী, সাংসদ, বিধায়ক, জন প্ৰতিনিধি, কাৰ্যকৰ্তাই এবুকু পানীত নামিও বানাক্ৰান্তলৈ সহায়ৰ হাত আগবঢ়াইছে, ৰাতিক দিন কৰি চৰকাৰ প্ৰশাসনে যিদৰে কাম কৰিছে তেনে সময়ত কেৱল মাথোঁ প্ৰচাৰ লাভৰ এক নাটকত ব্যস্ত হৈ কংগ্ৰেছ দলে বাৰে বাৰে কিছু ভুল তথ্যৰে ৰাইজক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰাহে দেখা গৈছে বুলি গোস্বামীয়ে দাবী কৰে।

সংবাদমেলত তেওঁ আৰু কয়, “ইমান বছৰ শাসনত থকাৰ পাছতো গৰাখহনীয়াৰ দৰে জ্বলন্ত সমস্যাবোৰ সমাধানৰ কোনো চেষ্টা নকৰা কংগ্ৰেছ দলে এতিয়া ঘঁৰিয়ালৰ চকুপানী টুকি ৰাইজক দেখুৱাৰ বাহিৰে আন একো কৰা নাই।”

ইয়াৰোপৰি, বছৰি প্ৰায় বহৎ পৰিমাণৰ মাটি গৰাখহনীয়াত নদীৰ বুকুত জাহ যায় বুলি মন্তব্য কৰি ৰূপম গোস্বামীয়ে কয়, “এনে এটি জ্বলন্ত সমস্যা অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বলিষ্ঠ পদক্ষেপৰ কাৰণে পোন প্ৰথম বাৰৰ বাবে প্ৰাকৃতিক দুৰ্যোগ হিচাপে চিহ্নিত হৈছে ৷”

পুনৰ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ গোস্বামীয়ে সংবাদমেলত কয়, “স্বাধীনতাৰ পাছত অধিক বছৰ শাসনত থকা কংগ্ৰেছ দলে আজি অসমৰ বান সন্দৰ্ভত প্ৰশ্ন কৰাৰ কোনো নৈতিক অধিকাৰ নাই।”

“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই নীতি আয়োগৰ উপাধ্যক্ষক সভাপতি হিচাপে লৈ North East water Management Authority গঠনেৰে বান সমস্যাৰ স্থায়ী সমাধানৰ যি পদক্ষেপ লৈছে ই নিসন্দেহে আদৰণীয়,”-গোস্বামীয়ে কয়।

ইতিমধ্যে দুৰ্যোগ ব্যৱস্থাপনা শিতানত কেন্দ্ৰই ইতিমধ্যেই প্ৰথম কিস্তিৰ ৩,৮৬ কোটি টকা মোকলাই দিছে বুলি তেওঁ দাবী কৰে।

তেওঁ এক তথ্য দাঙি সংবাদমেলত কয়, “চৰকাৰেও এতিয়ালৈকে প্ৰায় ১.০৮ লাখ কুইণ্টল চাউল, ২১,০০০ কুইণ্টল দালি, ৭০০০ লিটাৰ মিঠাতেলৰ লগতে প্ৰয়োজনীয় সামগ্ৰী বানাক্ৰান্ত ৰাইজলৈ আগবঢ়াইছে ৷”

ইপিনে কালি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই অনা অভিযোগক নসাৎ কৰি গোস্বামীয়ে কয়, “বিগত সময়ত UPA-১ আৰু UPA-২ৰ সময়ত অসমলৈ পৰ্যায়ক্ৰমে ১২০৯.১৮ কোটি আৰু ১২৩১ কোটি টকা দুৰ্যোগ ব্যৱস্থাপনা শিতানত মুকলি কৰি দিছিল ৷ কিন্তু ২০১৪ চনৰ পৰা ২০১৯ চনলৈ NDA নেতৃত্বাধীন চৰকাৰখনৰ প্ৰথম কাৰ্যকালত ২৩০২.৬২ কোটি টকা আৰু এই চৰকাৰখনৰ দ্বিতীয়টো কাৰ্যকালৰ এই ডেৰ বছৰৰ সময়ৰ ভিতৰতে অসমলৈ এতিয়ালৈকে এই শিতানত ৮৮৯.১ কোটি টকা মুকলি কৰি দিছে ৷”

ৰিপুন বৰাক কটাক্ষ কৰি তেওঁ আৰু কয়, “তিহাৰ জেল ফেৰৎ কংগ্ৰেছ সভাপতি গৰাকীয়ে ভুল তথ্যৰে চৰকাৰখনক জনমানসত হেয় প্ৰতিপন্ন কৰিব বিচৰা কাৰ্য অত্যন্ত নিন্দনীয়।”

উক্ত সংবাদ মেলত ৰাজ্যিক মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰাজ্যিক সংবাদ সম্পৰ্ক বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল উপস্থিত থাকে ৷

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd