• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভূপেন বৰা-প্ৰদ্যুৎ বৰদলৈৰ যোগদানে সলালে সমীকৰণ: আউল লাগিল বিজেপিৰ প্ৰাৰ্থী নিৰ্বাচনত, তালিকা ঘোষণাত বিলম্ব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 19, 2026 9:39 am
Source: social media

Source: social media

86
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ ক্ষণ চমু চাপি অহাৰ লগে লগে ৰাজ্যিক ৰাজনীতিৰ দৃশ্যপট প্ৰতিটো পলতে সলনি হ‘বলৈ ধৰিছে। বিভিন্ন ভৱিষ্যদ্বাণী, জল্পনা-কল্পনা আৰু তীব্ৰ উদ্বিগ্নতাৰ মাজেৰে দলীয় সমৰ্থক তথা প্ৰাৰ্থিত্বপ্ৰত্যাশীসকলে এতিয়া কেৱল দিল্লীৰ সেউজ সংকেতলৈ অপেক্ষা কৰিছে। বুধবাৰে দিল্লীত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় যদিও সুদীৰ্ঘ চৰ্চাৰ অন্তত নিশা পৰ্যন্ত প্ৰাৰ্থী তালিকা আনুষ্ঠানিকভাৱে ঘোষণা কৰা নহ’ল। ইয়াৰ ফলত স্বাভাৱিকতে কৌতূহল আৰু উৎকণ্ঠা দুগুণে বৃদ্ধি পাইছে।

সূত্ৰৰ পৰা জানিব পৰা মতে, বৰ্তমানৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশত বিজেপিৰ বাবে প্ৰাৰ্থী নিৰ্বাচন প্ৰক্ৰিয়াটো এক জটিল সমীকৰণ হৈ পৰিছে। বিশেষকৈ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভূপেন বৰা আৰু একেবাৰে শেহতীয়াকৈ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিজেপিত যোগদানে দলটোৰ প্ৰাৰ্থী নিৰ্বাচনৰ পূৰ্বৰ অংকত উল্লেখনীয় আউল লগাইছে। দলৰ অভ্যন্তৰত এফালে বৰ্ষীয়ান তথা একনিষ্ঠ নেতা-কৰ্মী আৰু আনফালে শেহতীয়াকৈ যোগদান কৰা প্ৰভাৱশালী ন-বিজেপি নেতা, এই দুয়োটা পক্ষৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো কেন্দ্ৰীয় নেতৃত্বৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিছে। যাৰ বাবে চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত ব্যাপক চিন্তা-চৰ্চাৰ প্ৰয়োজন হৈছে।

Apply Now

দিল্লীত অনুষ্ঠিত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকখন প্ৰথমতে বুধবাৰে দিনৰ ভাগতে সম্পন্ন হ‘ব বুলি অনুমান কৰা হৈছিল আৰু দিনটোৰ ভিতৰতে প্ৰাৰ্থী তালিকা প্ৰকাশ পাব বুলি সকলোৱে আশা কৰিছিল। কিন্তু প্ৰদ্যুৎ বৰদলৈৰ দৰে জ্যেষ্ঠ নেতাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰাৰ পিছতে দলৰ কৰ্ণধাৰসকলে এক নতুন সমীকৰণ কৰিবলগা হয়। ইয়াৰ পৰিণতিত বৈঠকৰ সময়সীমা যথেষ্ট দীঘলীয়া হয়। মাৰাথন আলোচনা আৰু বিভিন্ন বিষয়ৰ ওপৰত চৰ্চাৰ বাবে নিশাৰ ভাগলৈ প্ৰাৰ্থী তালিকা ঘোষণা নহ‘ল যদিও জানিব পৰা মতে, এই বৈঠকত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে দলীয় প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰা হ’ব।

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ সভাপতিত্বত অনুষ্ঠিত এই হাইপ্ৰ‘ফাইল বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক (সংগঠন) বি এল সন্তোষকে ধৰি কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ প্ৰায় আটাইকেইজন সদস্য উপস্থিত থাকে। আনহাতে, অসমৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এই গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰি ৰাজ্যিক নেতৃত্বৰ ফালৰ পৰা প্ৰস্তুত কৰা তালিকাখন দাঙি ধৰে। সূত্ৰ অনুসৰি, বৈঠকে পৰামৰ্শ দিয়া নামৰ তালিকাৰ প্ৰতিটো সমষ্টিৰ বিপৰীতে ব্যাপক আৰু পুংখানুপুংখ আলোচনা কৰে। আন এক সূত্ৰৰ দাবী অনুসৰি, এইবাৰ বিজেপিৰ প্ৰাৰ্থী তালিকাত খহনীয়া হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু বহু নতুন মুখে প্ৰাধান্য পোৱাৰ সম্ভাৱনা প্ৰৱল।

ইফালে, এই গুৰুত্বপূৰ্ণ বৈঠক সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এক পোষ্টযোগে জানিবলৈ দিয়ে যে বৈঠকত নিৰ্বাচনকেন্দ্ৰিক বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়। অৱশ্যে মুখ্যমন্ত্ৰীয়ে বৈঠকত প্ৰাৰ্থী তালিকা চূড়ান্ত হ’ল নে নাই বা এই তালিকা কেতিয়া ঘোষণা কৰা হ’ব, সেই সন্দৰ্ভত কোনো স্পষ্ট ইংগিত প্ৰদান কৰা নাই। মুখ্যমন্ত্ৰীৰ এই ৰহস্যজনক মৌনতাই স্বাভাৱিকতে বিজেপিৰ সমৰ্থক, কৰ্মী তথা বিশেষকৈ প্ৰাৰ্থিত্বপ্ৰত্যাশীসকলৰ মাজত উদ্বিগ্নতা আৰু মানসিক চাপ বৃদ্ধি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

August 13, 2026 10:20 am
বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

August 13, 2026 10:03 am
বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

বলবম যাত্ৰা শেষ হোৱাৰ পাছতেই আবৰ্জনাৰ পাহাৰ, ঘাটে ঘাটে পৰিত্যক্ত প্লাষ্টিকৰ বটল; প্ৰদূষণৰ কবলত উত্তৰাখণ্ড

August 13, 2026 9:23 am
‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

‘যন্তৰ মন্তৰতে শেষ নহয়, আহি আছে ‘ছিজন ২’: ডাঙৰ আন্দোলনৰ প্ৰস্তুতি চিজেপিৰ

August 13, 2026 9:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

মহাৰাষ্ট্ৰত ৫ বছৰত ৩৬ হাজাৰৰো অধিক উদ্যোগ বন্ধ : সংসদত বিস্ফোৰক তথ্য কেন্দ্ৰৰ

August 13, 2026 10:20 am
বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

বিৰোধীৰ প্ৰতিবাদ আৰু উত্তৰ-পূবৰ উদ্বেগৰ মাজতে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ল FCRA সংশোধনী বিধেয়ক

August 13, 2026 10:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd