DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এন আৰ চিক লৈ বিজেপি নিজেই confused : ৰিপুণ বৰা

"হিমন্তই সংবিধান অৱমাননা কৰিছে, মুখ্য মন্ত্ৰী নিমাত কিয়? তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে”

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 1, 2019 7:51 pm
APCC Press Meet

ৰাজীৱ ভৱনত দিয়া সংবাদমেলত ৰিপুণ বৰা, তৰুণ গগৈ আৰু দেৱব্ৰত শইকীয়া। ১ ছেপ্টেম্বৰত। ফটো : য়ু বি।

4.6k
VIEWS
Share on FacebookShare on Twitter

এন আৰ চিক লৈ শাসকীয় দল বিজেপি নিজেই বিভ্ৰান্ত। চূড়ান্ত এন আৰ চি সন্দৰ্ভত শাসকীয় দলটোৰ স্থিতিক কটাক্ষ কৰি এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ।

ৰাজীৱ ভৱনত আজি বৰাই প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু বিৰোধী দলপতিৰ সৈতে যুটীয়াভাৱে সংবাদমেল সম্বোধন কৰি এন আৰ চি সন্দৰ্ভত আন ভালেকেইটা মন্তব্য কৰে।

বৰাই কয়, “এন আৰ চিৰ পৰা বাদ পৰা সৰহ সংখ্যক লোকেই ভাৰতীয়। পৰিয়ালৰ বাকীসকলৰ আহিলেও এজন দুজনৰ নাম অহা নাই”।

তেওঁ বাদ পৰা সকলো ভাৰতীয়ই যাতে নাম অন্তৰ্ভুক্ত কৰাৰ সুযোগ পায় তাৰ ব্যৱস্থা কৰা হ’ব বুলি আশ্বাস দিয়ে।

“কোনো কাৰণতে এজনো ভাৰতীয়ৰ নাম বাদ পৰিবলৈ দিয়া নহ’ব। আইনী সাহায্য দি তেওঁলোকক দিহা-পৰামৰ্শ আৰু সহায়-সহযোগিতা আগবঢ়াম”, কংগ্ৰেছৰ সভানেত্ৰীৰ পৰা এই নিৰ্দেশ পোৱা বুলি জানিবলৈ দি সভাপতি বৰাই কয়।

বাদ পৰাসকলে বিদেশী ন্যায়াধিকৰণত আপীল কৰাৰ সময়সীমা ৬০ দিনৰ পৰা ১২০ দিনলৈ বঢ়াই দিয়া সন্দৰ্ভত বৰাই কয় যে এই সময়ৰ হিচাপটো এন আৰ চিৰ কৰ্তৃপক্ষৰ পৰা জাননী পোৱা দিনৰ পৰাহে ধৰিব লাগে।

এই লোকসকলে কিহৰ ভিত্তিত আপীল কৰিব বুলিও প্ৰশ্ন উত্থাপন কৰে বৰাই। এই লোকসকল যাতে দীৰ্ঘদিন অনিশ্চয়তাত থাকিব নালাগে তাৰ বাবে চৰকাৰে ব্যৱস্থা কৰিব লাগে বুলিও চৰকাৰলৈ বৰাৰ আহ্বান।

প্ৰাক্তন সতীৰ্থ হিমন্ত বিশ্বৰ এন আৰ চি সন্দৰ্ভত মন্তব্যক “সাম্প্ৰদায়িক” আখ্যা দি ইয়াক গৰিহণা দিয়ে সভাপতি বৰাই।

“তেওঁ সংবিধান অৱমাননা কৰিছে। মুখ্য মন্ত্ৰী নিমাত কিয়? তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব লাগে”, হিমন্ত সন্দৰ্ভত বৰাৰ মন্তব্য।

তেওঁ অভিযোগ কৰে, বিজেপিয়ে এন আৰ চিক লৈ কেতিয়াও গুৰুত্ব দিয়া নাছিল। তেওঁলোকৰ এন আৰ চি কৰাৰ ইচ্ছাই নাছিল। মুখ্য মন্ত্ৰীয়ে জাতীয় দলিল কোৱাৰ বিপৰীতে এন আৰ চিক নস্যাত কৰিছে দলটোৰ সভাপতি ৰঞ্জিত দাসে। তেওঁলোক নিজেই confused.

Recent News

শিৱসাগৰৰ ঐতিহ্যমণ্ডিত বিষ্ণু দৌলৰ পৰা শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথ যাত্ৰা

শিৱসাগৰৰ ঐতিহ্যমণ্ডিত বিষ্ণু দৌলৰ পৰা শ্ৰী শ্ৰী জগন্নাথ প্ৰভুৰ ৰথ যাত্ৰা

ৰাজ্য চৰকাৰৰ যদি ধন আছেই কেন্দ্ৰক হেজাৰ হেজাৰ কোটি টকা বিচাৰে কিয়?-অজিত কুমাৰ ভূঞা

ৰাজ্য চৰকাৰৰ যদি ধন আছেই কেন্দ্ৰক হেজাৰ হেজাৰ কোটি টকা বিচাৰে কিয়?-অজিত কুমাৰ ভূঞা

তিনিচুকীয়াৰ কাকপথাৰত সেনাৰ সৈতে আলফা (স্বাঃ)ৰ তুমুল সংঘৰ্ষ, এজন আলফা কেডাৰ নিহত

তিনিচুকীয়াৰ কাকপথাৰত সেনাৰ সৈতে আলফা (স্বাঃ)ৰ তুমুল সংঘৰ্ষ, এজন আলফা কেডাৰ নিহত

Himanta Biswa Sarma Vs Manish Sisodia: দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীশ ছিচোদিয়াৰ বিৰুদ্ধে মানহানি গোচৰ তৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Himanta Biswa Sarma Vs Manish Sisodia: দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীশ ছিচোদিয়াৰ বিৰুদ্ধে মানহানি গোচৰ তৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd