NORTHEAST NOW (Assamese)

ৰাহুল গান্ধীক আছুৰ সাক্ষাতে জোকাৰি গৈছে অসম বিজেপিক!

February 5, 2019 7:44 pm · অনিৰ্বাণ পাঠক
Updated: February 5, 2019 8:09 pm

‘জাতি-মাটি-ভেটি’ৰ শ্ল’গান দি শাসনলৈ অহা বিজেপি চৰকাৰে অনা ‘জাতিধ্বংসী’ বিধেয়কখন প্ৰতিহত কৰাৰ বাবে সহায় বিচাৰি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীক ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰাৰ পাছতেই ছাত্ৰ সংগঠনটোৰ প্ৰতি সৰৱ হৈছে অসম বিজেপি। সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী হিমন্ত, পীযুষ হাজৰিকা আদি বিজেপিৰ কেইবাজনো নেতাই কালিৰ এই তাৎপৰ্য্যপূৰ্ণ ৰাজনৈতিক অগ্ৰগতিক লৈ মন্তব্য কৰিলে সংবাদ মাধ্যমৰ আগত।

ছাত্ৰ সংগঠনটোৰ প্ৰতিনিধিয়ে ৰাহুল গান্ধীক সাক্ষাৎ কৰা কাৰ্য্যক দুৰ্ভাগ্যজনক আখ্যা দি ‘ইয়াৰ উদ্দেশ্য বিধেয়ক নহয়, ৰাজনৈতিক সংস্থাপনহে’ বুলি আছুক কটাক্ষ কৰে ৰঞ্জিত দাসে। দাসে নিজকে এজন প্ৰাক্তন আছু কৰ্মী বুলি পৰিচয় দি আছুৰ এনে কামত ব্যথিত বুলিও তেওঁ মন্তব্য কৰে।

‘‘বিধেয়ক গৃহীত নোহোৱাকৈ আছুৱে এনে কাম কৰাত ক্ষুভিত হৈছো। ৮৫৫জন চহিদ কংগ্ৰেছৰ দিনতেই হৈছিল। বিধেয়ক গৃহীত নহওঁতেই চহিদ পৰিয়ালে স্মাৰক ওভতালে। চহিদ পৰিয়ালসমূহক আছুৱে দিয়া সকলো সন্মান ওভতাই দিয়ক। আছুৱে দিয়া স্মাৰক চহিদ ন্যাসত ওভতাই দিয়ক’’, সংবাদ মাধ্যমৰ আগত ৰঞ্জিত দাসৰ আহ্বান।

ইপিনে এই সাক্ষাতক আলম কৰি পুনৰ বিতৰ্কিত মন্তব্য কৰিছে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ‘‘নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলন যে এক সভ্যতা দুৰ্বল কৰাৰ চক্ৰান্ত আছিল সেই কথা আকৌ এবাৰ প্ৰমাণিত হ’ল’’, আছু-কংগ্ৰেছৰ সাক্ষাতৰ তাৎপৰ্য্য ব্যাখ্যাৰে এই মন্তব্য মন্ত্ৰী হিমন্তৰ।

‘‘এই আন্দোলনৰ লগত এটা বিশেষ শক্তি জড়িত হৈ আছে। ইয়াত কংগ্ৰেছো জড়িত হৈ আছে। কংগ্ৰেছে বিচাৰে অসমত যিমান সোনকালে পাৰে ভাৰতীয় সভ্যতা ধ্বংস হওক, যিমান সোনকালে পাৰে অসমত অসমীয়া মানুহৰ কাশ্মীৰী পণ্ডিতৰ দৰে অৱস্থা হওক। কালিৰ সাক্ষাতে আমাৰ জাতিটোক আমাৰ জাতিটোক দুৰ্বল কৰাৰ আৰু এটা পদক্ষেপ ল’লে’’, মন্ত্ৰী হিমন্তই কয়।

একেদৰে এই মিলন ভালৰ বাবে হোৱা নাই বুলি মন্তব্য কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই।

কিন্তু বিজেপিৰ এই আটাইবোৰ অভিযোগৰ বিপৰীতে ইয়াৰ এক উপযুক্ত ব্যাখ্যা আগ বঢ়ায় অগপৰ সভপতি অতুল বৰাই। ‘‘ৰাহুল গান্ধীক সাক্ষৎ কৰিবলৈ আছুক বাধ্য কৰোৱা হ’ল’’, এই মন্তব্য বৰাৰ।

অলপতে বিজেপিৰ সৈতে মিত্ৰতা ত্যাগ কৰা আঞ্চলিক দলটোৰ সভাপতিজনে কংগ্ৰেছৰ বাবেও ই এটা সোণালী সুযোগ বুলি তাৎপৰ্যপূৰ্ণ মন্তব্যৰে কয়, ‘‘বিজেপি চৰকাৰে দল-সংগঠনৰ দাবীক গুৰুত্ব দিয়া নাই, যাৰ বাবে সকলোৱে কংগ্ৰেছৰ নেতৃত্বৰ ওচৰলৈ গৈছে। কংগ্ৰেছে এটা সোণালী সুযোগ লাভ কৰিছে।’’

ইপিনে আছুৰ লগত কংগ্ৰেছৰ সম্পৰ্ক আজিৰ নহয় বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে স্বভাৱগত বাকভংগিৰে কয়, ‘‘অসম চুক্তি কোনে কৰিছিল? ইন্দিৰা গান্ধীয়ে আহি আছুৰ লগত কথা পাতিছিল। আছুৱে ৰাহুল গান্ধীক জাতীয় স্বাৰ্থতহে সাক্ষাৎ কৰিছে’’। তেওঁ ‘ৰঞ্জিত দাসৰ কি গুৰুত্ব আছে?’ বুলিও প্ৰশ্ন কৰে।

উল্লেখযোগ্য যে কালি দিল্লীত বাহৰ পাতি থকা নেছ’-আছুৰ নেতৃত্বৰ উপৰি ৭০টা সংগঠনৰ প্ৰতিনিধি আৰু ড০ হীৰেন গোহাঁই প্ৰমুখ্যে কেইবাগৰাকীও বুদ্ধিজীৱীয়ে ৰাজ্যসভাত বিধেয়কখন প্ৰতিৰোধ কৰাত আগভাগ ল’বলৈ ৰাহুল গান্ধীক সাক্ষাৎ কৰি আহ্বান জনাইছিল।

ইয়াৰ পাছতে অসম বিজেপিত এক প্ৰকাৰৰ আলোড়নৰ সৃষ্টি হয়। কংগ্ৰেছৰ সভাপতিজনৰ সৈতে আছুৰ এই সাক্ষাতৰ বিশেষ ৰাজনৈতিক তাৎপৰ্য্য থকা বুলি দাবী কৰিছে অসম বিজেপিৰ কেইবাজনো নেতাই।

অসম বিজেপিয়ে দেখুওৱা এই উদ্বিগ্নতাক লৈ বিভিন্ন মহলৰ পৰা প্ৰশ্ন উঠিছে, বিধেয়কখন প্ৰতিহত কৰাৰ স্বাৰ্থত জাতীয় দল-সংগঠন আৰু বুদ্ধিজীৱীয়ে কংগ্ৰেছৰ নেতৃত্বক সাক্ষাৎ কৰাৰ পাছতে দলটোত ইমান আলোড়ন হ’ল কিয়? লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা মাহ থকা অৱস্থাত এই ৰাজনৈতিক গতিবিধিত শংকিত হৈছে নেকি গেৰুৱা দলটো? নে ৰাহুল গান্ধীক আছুৰ সাক্ষাতৰ পাছতহে আছুৰ গুৰুত্ব বুজি পালে নেকি অসম বিজেপিয়ে?

Related News