• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিমন্ত বিশ্বলৈ কোটি টকীয়া শক্তিশেল মমতাৰ

অসমৰ বিজেপি মন্ত্ৰীগৰাকীক লগ এৰা নাই সাৰধাৰ ভূতে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 5, 2019 8:48 pm
Mamata fires Rs 3 crore salvo at Himanta Biswa Sarma

মমতা বেনাৰ্জী আৰু হিমন্ত বিশ্ব শৰ্মা।

2.2k
VIEWS
Share on FacebookShare on Twitter

সাৰধা কেলেংকাৰিত চি বি আইৰ ভূমিকাক কেন্দ্ৰ কৰি ৰণচণ্ডী ৰূপধাৰিণী পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এইবাৰ এৰিছে ৩ কোটি টকীয়া শক্তিশেল।

কেলেংকাৰিটোৰ মূল অভিযুক্ত সাৰদাৰ মুৰব্বী সুদীপ্ত সেনে অসমৰ প্ৰভাৱশালী মন্ত্ৰীজনে তেওঁৰ পৰা “কমেও ৩ কোটি টকা” লোৱা বুলি লিখা পত্ৰখন তুলি ধৰি মঙলবাৰে এই আক্ৰমণৰ পাতনি মেলিছে বেনাৰ্জীয়ে।

খোদ তদন্তকাৰী সংস্থা চি বি আইলৈ লিখা ১৮ পৃষ্ঠাজোৰা চিঠিখনত সেনে লিখিছে, “আন এজন উচ্চ পৰ্য্যায়ৰ ব্যক্তিয়ে মোক ঠগিছিল। তেওঁ হেমন্ত (হিমন্ত) বিশ্ব শৰ্মা। যোৱা ডেৰ বছৰ বাদ দিও, কেৱল যোৱা ছমাহতে তেওঁ আমাৰ পৰা নগদ কমেও ৩ কোটি টকা লৈছে।” পত্ৰখনত মন্ত্ৰী শৰ্মাৰ লগতে নাম আছে প্ৰাক্তন সাংসদ মাতং সিং আৰু মনোৰঞ্জনা সিঙৰ। কেলেংকাৰিটোত তেওঁলোক দুয়োজনে ইতিমধ্যে কাৰাৱাস খাটিছে।

মুঠ ২২গৰাকী লোকৰ নাম থকা চিঠিখনত হিমন্ত বিশ্বই সাৰধাক ধন ঘটাৰ বাবে “ব্যৱহাৰ” কৰিছিল বুলিও উল্লেখ আছে। সেনৰ পত্ৰখন ৱটচ এপযোগেও ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

SS-letter-to-CBI
চি বি আইক সুদীপ্ত সেনে দিয়া পত্ৰখনৰ প্ৰতিলিপি।

অসমৰ মন্ত্ৰীগৰাকীৰ উল্লেখেৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি সভাপতি অমিত শ্বাহকো প্ৰত্যাহ্বান জনাইছে মমতা বেনাৰ্জীয়ে।

“আমাৰ হাততে চিঠি আছে। কিবাটো কৰক। বিজেপি কৰিলে সাত খুন মাফ। যত চোৰ, ডকাইত, গুণ্ডা, ক’লা, দাগী, আচামী সৱ সুৰক্ষা পাইছে কাৰণে বিজেপিলৈ গৈছে। আমাক ভয় দেখুৱাই লাভ নাই। আমি ইমান ফাল্টু মানুহ নহয়। আমাৰ হাতটোতো তথ্য-প্ৰমাণ আছে,” ক’লকাতাত মোদী-শ্বাহক এই হুংকাৰ মমতাৰ।

মমতা বেনাৰ্জীৰ আচৰণ “বেদনাদায়ক” বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই মঙলবাৰে কৰা এটা টুইটত কয় যে তেওঁ ঘটনাটোৰ “মাত্ৰ সাক্ষী”হে আৰু তেওঁক ইতিমধ্যেই চি বি আই-এ সোধ পোচ কৰিছে।

The frivolous & baseless campaign by @MamataOfficial Didi against me is very painful. I am not fortunate enough like your Police Commissioner. I've joined the investigations and offered my full cooperation as a witness. And all this happened much much before I joined @BJP4India

— Himanta Biswa Sarma (@himantabiswa) February 5, 2019

নৰ্থ ইষ্ট নাও-এ শৰ্মাৰ মন্তব্য জনাৰ বাবে ফ’নযোগে চেষ্টা কৰিছিল যদিও তেওঁৰ সঁহাৰি পোৱা নগ’ল।

কেলেংকাৰিটো সন্দৰ্ভত শৰ্মাক ২০১৪ চনত চি বি আই-এ সোধ পোচ কৰিছিল। অসমত ব্যৱসায় চলোৱাৰ বাবদ সুদীপ্ত সেনৰ পৰা প্ৰতিমাহে ২০ লাখকৈ টকা লোৱা বুলি তেওঁ অভিযুক্ত হৈছিল।

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd