• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন এচ চি এন-কে মুখ্যালয় দখলৰ পিছত ম্যানমাৰত কেনে আছে আলফা (স্বাঃ)?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 5, 2019 7:11 pm
paresh barua ULFA-I

সতীৰ্থৰ সৈতে আলফা (স্বাঃ) সেনা প্ৰধান পৰেশ বৰুৱা। ফাইল ছবি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশ আৰু ভুটানৰ পিছত আলফা (স্বাধীন)ৰ শেষ আশ্ৰয়স্থল ম্যানমাৰৰ ক্ষেত্ৰতো সৃষ্টি হৈছে ২০০৩ৰ “অল ক্লিয়াৰ”সদৃশ পৰিস্থিতিৰ আশংকা।

শেহতীয়া খবৰ অনুসৰি যোৱা ২৯ জানুৱাৰিত চাগাইঙৰ টা গাস্থিত এন এচ চি এন-কে মুখ্য কাৰ্য্যালয় দখল কৰা তাতমাদাও (বাৰ্মিজ আৰ্মি)-ৰ আক্ৰমণত নিহত হৈছে আলফা (স্বাঃ)ৰ এজন সদস্য।

Apply Now

সংগঠনৰ স্থিতি সম্পৰ্কে সংবাদ মাধ্যমৰ সৈতে সঘন যোগাযোগত থকা আলফা (স্বাঃ) সেনা প্ৰধান পৰেশ বৰুৱাৰ নীৰৱতায়ো ম্যানমাৰত বাহৰ পাতি থকা অসমৰ বিদ্ৰোহীৰ অৱস্থা সন্দৰ্ভত অনিশ্চয়তা সৃষ্টি কৰিছে।

লগতে পঢ়ক– বাৰ্মিজ আৰ্মিৰ দখলত এন এচ চি এন-কে মুখ্য কাৰ্য্যালয়

বিষয়টোত আলফা (স্বাঃ) বা তাতমাদাও-ৰ নীৰৱতাৰ বিপৰীতে সৰৱ হৈছে ভাৰতীয় সেনা।

“ম্যানমাৰৰ পৰা পলাই অহা বিদ্ৰোহীক কব্জা কৰিবলৈ আমি সাজু আছো,” ভাৰতীয় সেনা বিষয়া এগৰাকীৰ মন্তব্য। সমগ্ৰ বিষয়টোত ভাৰতীয় সেনাৰ এই তৎপৰতায়ো অধিক ৰহস্যৰ সৃষ্টি কৰিছে। ম্যানমাৰত সেনা অভিযানৰ বাতৰি ওলোৱাৰ সময়তে উত্তৰ-পূবৰ কেইবাখনো ৰাজ্য ভ্ৰমণ কৰি সেনাৰ “অভিযানগত প্ৰস্তুতি”ৰ বুজ লৈছে সেনা মুৰব্বী বিপিন ৰাৱতে।

ভুটানত ’০৩-০৪ত “অল ক্লিয়াৰ” অপাৰে’চনৰ সময়তো ভাৰতীয় সীমান্তত কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তুলিছিল ভাৰতীয় সেনাই। ৰয়েল ভুটান আৰ্মিৰ প্ৰায় ১৫ দিনীয়া অভিযানটোত ভাৰতেই হেলিকপ্তাৰ পৰ্য্যন্ত যোগান ধৰিছিল।

দ্বিতীয়তে বাৰ্মিজ ভূমিত খোদ এন এচ চি এন-কেৰ সৈতে তাতমাদাও-ৰ সংঘৰ্ষয়ো আলফা (স্বাঃ)কে ধৰি অন্যান্য বিদ্ৰোহীৰ পৰিস্থিতি অনুকূল নোহোৱাৰ ইংগিত দিছে।

এন এচ চি এন-কেৰ আৰু ম্যানমাৰ চৰকাৰৰ মাজৰ শান্তি চুক্তি উকলিবলৈ মাজত মাত্ৰ দুমাহ আছে। ২০১২ চনৰ পৰা সংগঠনটোৰ সৈতে চুক্তিবদ্ধ হৈ আছে ম্যানমাৰ চৰকাৰ।  যোৱা ১৯ বছৰ ধৰি নাগা বিদ্ৰোহী সংগঠনটোৰ সৈতে তাতমাদাও-ৰ কোনো সংঘৰ্ষ হোৱা নাছিল।

আলফা আৰু অন্যান্যসকল ম্যানমাৰত “বিদেশী” হোৱাৰ বিপৰীতে এন এচ চি এন-কেৰ প্ৰতিষ্ঠাপক খাপলাং নিজেই দেশখনৰ নাগৰিক। সংগঠনটোৰ মুখ্য কাৰ্য্যালয় ম্যানমাৰ। ভাৰত আৰু ম্যানমাৰ দুয়ো দেশৰে বিদ্ৰোহী তেওঁলোকৰ সদস্য। ম্যানমাৰত আছে চৰকাৰ-স্বীকৃত নাগা স্বায়ত্তশাসিত এলেকা।

সূত্ৰ অনুসৰি উত্তৰ-পূবৰ বিদ্ৰোহীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ চুবুৰীয়া দেশখনক ভাৰতীয় পক্ষই হেঁচা দিছে। আৰু এই বিষয়ে যোৱা বছৰৰ শেষৰ ফালে কৰা ম্যানমাৰ ভ্ৰমণত অঘোষিত কূটনৈতিক চুক্তি স্থিৰ কৰিছিল ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দ’ভালে।

তাৰোপৰি ভাৰতৰ আসন্ন লোকসভা নিৰ্বাচন, নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে উত্তৰ-পূবত দৃঢ় আৰু ব্যাপক ৰূপ লোৱা খিলঞ্জীয়াৰ বিক্ষোভ আদি দিশো।

ভাৰতীয় পক্ষৰ “হেঁচা” যদি সঁচা হয়, তেন্তে ম্যানমাৰত উত্তৰ-পূবৰ বিদ্ৰোহীৰ নিৰাপত্তা নিঃসন্দেহে নিৰ্ভৰ কৰিব শক্তিশালী চুবুৰীয়া চীনৰ স্থিতিৰ ওপৰত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm
‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

‘১৭ ছেপ্টেম্বৰত নহয়, ১৯ ছেপ্টেম্বৰত জ্বলিব চাকি!’ মোদীৰ জন্মদিনৰ আহ্বানক লৈ সৰৱ অসমৰ ছ’চিয়েল মিডিয়া

September 16, 2026 4:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd