• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

বাৰ্মিজ আৰ্মিৰ দখলত এন এচ চি এন-কেৰ মুখ্য কাৰ্য্যালয়

এন এচ চি এন-কেৰ সৈতে যোৱা ১৯ বছৰ ধৰি তাতামাদাও-ৰ কোনো সংঘৰ্ষ হোৱা নাই। শেহতীয়াকৈ সমগ্ৰ দেশজোৰা শান্তি চুক্তিৰ বাবে বিদ্ৰোহী সংগঠনটোক হেঁচা দি আহিছে ম্যানমাৰ চৰকাৰে।

এন ই নাও নিউজ by এন ই নাও নিউজ
February 1, 2019 6:24 pm
tatmadaw occupies NSCN-K hq in myanmar

এন এচ চি এন-কে। প্ৰতীকী ছবি সৌজন্য- mizzima.com

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে বিনাযুদ্ধে বাৰ্মিজ সেনাৰ দখললৈ গৈছে ম্যানমাৰৰ চাগাইং অঞ্চলৰ তা গা গাওঁস্থিত এন এচ চি এন-কেৰ মুখ্য কাৰ্য্যালয়।

ঘটনাটো স্বীকাৰ কৰিলেও তাতমাদাও (বাৰ্মিজ আৰ্মি)-এ ইয়াক এতিয়ালৈকে “দখল” বুলি বিবৃতি জাৰি কৰা নাই। কিন্তু এন এচ চি এন-কেৰ তৰফৰ পৰা ইয়াক “দখল” বুলিয়ে অভিহিত কৰা হৈছে।

Apply Now

“তেওঁলোকে দখল কৰিলে বুলি ক’ব পৰা যায়। কোনো লোক হতাহত হোৱা নাই। আমাৰ শান্তি সমিতি আৰু অস্ত্ৰ নোলোৱা কিছুসংখ্যক সদস্য এতিয়াও মুখ্য কাৰ্য্যালয়তে আছে,” এন এচ চি এন-কেৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য উ ক্যাও ৱন চেইনৰ এই উদ্ধৃতি ম্যানমাৰৰ নিউজ প’ৰ্তেল ইৰাৱদি-ৰ।

ম্যানমাৰ চৰকাৰৰ সৈতে শান্তি প্ৰক্ৰিয়া “অস্থিৰ” নোহোৱাৰ স্বাৰ্থতে মুখ্য কাৰ্য্যালয়টো “বিনাযুদ্ধে” এৰি দিয়া বুলি এন এচ চি এন-কেই দাবী কৰিছে। কিন্তু তাতমাদাও-ৰ এই অভিযান ম্যানমাৰৰ ওপৰত ভৌগোলিকভাৱে অত্যন্ত নিৰ্ভৰশীল আলফা (স্বাধীন)কে ধৰি উত্তৰ-পূবৰ বিদ্ৰোহী সংগঠনৰ বাবেও চিন্তাজনক হ’ব পাৰে।

চাগাইঙত নাগা স্বায়ত্তশাসন ম্যানমাৰ চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত। এই সন্দৰ্ভত ২০১২ চনৰ এপ্ৰিলৰ পৰা সংগঠনটোৰ সৈতে চুক্তিবদ্ধ হৈ আছে ম্যানমাৰ চৰকাৰ। এন এচ চি এন-কেৰ সৈতে যোৱা ১৯ বছৰ ধৰি তাতামাদাও-ৰ কোনো সংঘৰ্ষ হোৱা নাই।

এন এচ চি এন-কেৰ ভাষ্য মতে চুক্তিখনত মুখ্য কাৰ্য্যালয় “স্থানান্তৰ”ৰ বিষয় নাই। কিন্তু মঙলবাৰৰ অভিযানৰ পূৰ্বে বিদ্ৰোহী সংগঠনটোক কোনো আগতীয়া জাননী দিয়া নাছিল তাতমাদাও-ৱে। “ম্যানমাৰ সেনাই কিয় ত্ৰুপ পঠাইছে বুজি পোৱা নাই,” নাগা স্বায়ত্তশাসিত এলেকাৰ কাৰ্য্যনিৰ্বাহক উ কাচি ৰেঙৰ মন্তব্যৰ উদ্ধৃতি ইৰাৱদি-ৰ।

আনহাতে তাতমাদাও-ৰ প্ৰস্তুতিয়ে প্ৰমাণ কৰে যে মুখামুখি যুদ্ধৰ সম্পূৰ্ণ সাজু হৈ এন এচ চি এন-কে কাৰ্য্যালয়ত প্ৰৱেশ কৰিছিল ম্যানমাৰ সেনা। সেনা বাহিনীটোত আছিল ৬টা বেতেলিয়নৰ ৪ শতাধিক ত্ৰুপ, তাতমাদাও-ৰ নৰ্থ-ৱে’ষ্ট কমান্দৰ অধীনত অভিযানটো চলিছিল কামতি জিলাৰ তেক্তিকেল কমান্দাৰৰ নেতৃত্বত।

আঞ্চলিক চুক্তিৰ পৰিৱৰ্তে শেহতীয়াকৈ সমগ্ৰ দেশজোৰা শান্তি চুক্তিৰ বাবে এন এচ চি এন-কেক হেঁচা দি আহিছে ম্যানমাৰ চৰকাৰে। কিন্তু অখণ্ড “ভূ-ৰাজনৈতিক” নাগাভূমিত বিশ্বাসী নাগা বিদ্ৰোহী দলটোৱে এই চুক্তিত ম্যানমাৰৰ লগতে নাগালেণ্দকে ধৰি সমগ্ৰ উত্তৰ-পূবৰ নাগা এলেকা সামৰি লোৱাটো বিচাৰিছে।

মোদী চৰকাৰৰ আমোলত “চূড়ান্ত” নাগা চুক্তিৰ আশ্বাস দি অহা ভাৰতীয় পক্ষৰ বাবে ম্যানমাৰ চৰকাৰৰ সৈতে এন এচ চি এন-কেৰ এইধৰণৰ চুক্তি অস্বস্তিকৰ হ’ব। আৰু ভাৰতীয় পক্ষক এই মুহূৰ্তত মুকলিকৈ হয়তো অস্বস্তিত পেলাব নুখুজিব ম্যানমাৰ চৰকাৰে।   

ভাৰতৰ সমগ্ৰ উত্তৰ-পূবত নাগৰিকত্ব বিধেয়কসৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লোকসভা নিৰ্বাচনৰ আগ মুহূৰ্তত নিশ্চয় বিষয়টো কেন্দ্ৰৰ বাবেও হয়টো সংবেদনশীল।  

এন এচ চি এন-কেৰ প্ৰতিষ্ঠাপক খাপলাং ম্যানমাৰৰে নাগৰিক আছিল। খাপলাঙৰে ভতিজা য়ং অং বৰ্তমান সংগঠনটোৰ অধ্যক্ষ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

July 17, 2026 9:15 am
NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

July 17, 2026 7:59 am
৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

July 17, 2026 6:50 am
গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

July 17, 2026 9:15 am
NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

July 17, 2026 7:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd