• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এই NRC নাকচ কৰি ৰাষ্ট্ৰীয় NRC দাবী অসম বিজেপিৰ; অসমত থকা ভাৰতীয়ৰ সুৰক্ষাৰ চিন্তাত কাতৰ ৰঞ্জিত দাস

বাদ পৰিল অসম বিজেপিৰ কাৰ্যালয় সম্পাদক সুদীপ বিশ্বাসৰ মাকৰ নাম; "বিশ্বাস" উপাধিৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ ৰঞ্জিত দাসৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 31, 2019 7:06 pm
Ranjit kr. Das press meet

ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্য্যালয়ত এন আৰ চি বিষয়ত সংবাদমেল সম্বোধন সভাপতি ৰঞ্জিত দাসৰ। ৩১ আগষ্টত। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চিক লৈ উগ্ৰ হিন্দুত্ববাদী অংশটোৰ বাদে প্ৰায় সকলোৱেই সন্তুষ্টি প্ৰকাশ কৰাৰ বিপৰীতে ৰাজ্যিক বিজেপিয়ে তীব্ৰ অসন্তুষ্টি প্ৰকাশেৰে প্ৰতিক্ৰিয়া কৰিছে।

আনকি এখোপ আগলৈ গৈ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে অসমত বসবাস কৰা ভাৰতীয়সকলৰ সুৰক্ষাক লৈ নিজৰ উদ্বেগ প্ৰকাশ কৰে।

Apply Now

“বিশ্বাস” উপাধিটো থকা বহু হিন্দু ভাৰতীয় লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰা বুলি অভিযোগ আনিছে সভাপতি দাসে।

অসম বিজেপিৰ কাৰ্যালয় সম্পাদক সুদীপ বিশ্বাসৰ মাকৰ নামো এন আৰ চিৰ চূড়ান্ত তালিকাত নাই। এই কথাও জনালে সভাপতিজনে।

“ৰিফিউজি চাৰ্টিফিকেইট গ্ৰহণ নকৰাৰ ফলত বহু ভাৰতীয়ৰ নাম নাই এন আৰ চিত। বিশ্বাস উপাধিৰ বহু লোকৰ নাম অহা নাই। বিশ্বাস উপাধি হোৱা বাবে আমাৰ কাৰ্যালয় সম্পাদক সুদীপ বিশ্বাসৰ মাতৃৰ নাম নাই। তেওঁ পশ্চিম বংগৰ পৰা আহিছিল”, দাসে কয়।

ৰঞ্জিত দাসৰ দাবী, এন আৰ চিত নাম নহা ভূমিপুত্ৰৰ সংখ্যা ২ লাখতকৈ কম নহ’ব। আনহাতে প্ৰায় ৪ লাখ ভাৰতীয়ই আৱেদন জনোৱা নাই।

“আগন্তুক দিনত এই এন আৰ চি বিশ্বাস নকৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন এন আৰ চি বিচাৰিছো। এইখনৰ ওপৰত ভৰসা কৰিব নোৱাৰি, এইখনৰ ওপৰত ভীষণ অসন্তুষ্টি প্ৰকাশ কৰিছো। ৰাষ্ট্ৰীয় পৰ্যায়ত এন আৰ চি হ’লে ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা অসমলৈ যিকোনো সূত্ৰে আহি বসবাস কৰা লোকে তেওঁলোকৰ লিগেচি সহজে অন্য ৰাজ্যত বিচাৰি পাব”, আজি ৰাজ্যিক কাৰ্য্যালয়ত দিয়া সংবাদমেলত দাসে কয়।

“বিদেশী ন্যায়াধিকৰণৰ ৰায়লৈ আমি অপেক্ষা নকৰো। ১৯ লাখৰ ভিতৰত দুই-এজনক বিদেশী ন্যায়াধিকৰণলৈ পঠালেই ৰাজ্য চৰকাৰে এখন আইন বা বিধেয়ক আনি হ’লেও যিকোনো প্ৰকাৰে ভাৰতীয় মূলৰ মানুহক ৰক্ষা কৰিব লাগিব। জনগণৰ স্বাৰ্থত বিধানসভা বা ন্যায়পালিকাৰ জৰিয়তে আইন আনিবলৈ যিকোনো পদক্ষেপ ল’বলৈ বাধ্য হ’ম”, ভাৰতীয়ৰ চিন্তাত কাতৰ দাসে কয়।

কেৱল আইনী সাহায্যই নহয় ভাৰতীয় জনতা পাৰ্টীৰ ৪০ লাখ কৰ্মকৰ্তাক তন-মন-ধন সমৰ্পণ কৰি বিদেশী ন্যায়াধিকৰণৰ পৰা প্ৰকৃত ভাৰতীয়ক উলিয়াই আনিবৰ বাবে আহ্বান জনাইছো বুলি তেওঁ

আনহাতে, বহু সংখ্যক অবৈধ বাংলাদেশীৰ নাম এন আৰ চিত সোমোৱা বুলি অভিযোগ আনি দাসে কয়, “১৯৯১ চনতে প্ৰয়াত মুখ্য মন্ত্ৰী হিতেশ্বৰ শইকীয়াই ৰাজহুৱাকৈ ৩০ লাখ বিদেশী থকা বুলি কৈছিল। শ্ৰী প্ৰকাশ জয়ছোৱালে বাংলাদেশৰ পৰা ৫০ লাখ বিদেশী অসমত থিতাপি লোৱা বুলি ৰাজ্যসভাত কৈছিল। আমাৰ প্ৰশ্ন হৈছে ৯১ চনতে যদি ৩০ লাখ বাংলাদেশী আছিল তেন্তে আজিৰ ১৯ লাখক লৈ কেনেকৈ সন্তুষ্ট হ’ম?”

হিতেশ্বৰ শইকীয়া, শ্ৰী প্ৰকাশ জয়ছোৱালকে ধৰি আছুৰ নেতৃত্বৰ বক্তব্যক নস্যাত কৰিলে এইখন এন আৰ চিয়ে।

প্ৰতীক হাজেলাক সমালোচনা কৰি দাসৰ মন্তব্য, “প্ৰতীক হাজেলাই গোকাট মিছা কথা কৈ ২৭ শতাংশ পুনৰীক্ষণ হোৱা বুলি উচ্চতম ন্যায়ালয়ক ক’লে। তেওঁক প্ৰত্যাহ্বান জনাইছো ২৭ শতাংশ পুনৰীক্ষণ কৰিব বুলি দিয়া বিজ্ঞাপন আছে যদি দেখুওৱাক।”

“চৰকাৰৰ সদিচ্ছা থকা বাবে ৫৫ হাজাৰ কৰ্মচাৰীক নিয়োগ কৰিছিলো। তেওঁলোকৰ কষ্টৰ মূল্য প্ৰতীক হাজেলাই কামত লগাব নোৱাৰিলে। ৭ মাহ ধৰি বিনা পইচাৰে কাম কৰিলে এইসকল কৰ্মচাৰীয়ে”, দাসে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd