• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হৰিজন বস্তিলৈ গৈ চাফাইকৰ্মীসকলক বিহুৰ শুভেচ্ছা ৰঞ্জিত দাসৰ

“সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই একো কৰা নাই” বস্তিলৈ যোৱা সৰু ৰাস্তাটোও নিৰ্মাণ নকৰাত ক্ষোভ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
April 15, 2019 7:53 pm
Ranjit Das at Harijan colony

হৰিজন বস্তিলৈ গৈ চাফাই কৰ্মীসকলক ৰঙালী বিহুৰ শুভেচ্ছা প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনৰ সময়ত ৰাজনৈতিক নেতাসকলে ৰাইজৰ মাজলৈ যাবলৈ বিভিন্ন ধৰণৰ কৌশল-কাৰ্য্যসূচী লোৱা দেখা যায়। এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই। তাতে আকৌ নিৰ্বাচনৰ মাজতেই পৰিছে বাপোতি সাহোন ৰঙালী বিহুটি।

বিহুৰ শুভেচ্ছা জনোৱা বা বিহু পালনৰ উদ্দেশ্যে বিভিন্ন শ্ৰেণীৰ ৰাইজৰ মাজলৈ ৰাজনৈতিক নেতাসকলৰ আগমন ঘটিছে। তাৰ মাজতেই পৰোক্ষ বা প্ৰত্যক্ষভাৱে চলিছে নিৰ্বাচনী প্ৰচাৰো।

লোকসভা নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে বিহুৰ দিনাই গুৱাহাটীৰ একাংশ হৰিজন সম্প্ৰদায়ৰ লোকৰ কাষত উপস্থিত হ’ল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস। চাফাই কৰ্মীসকলক ফুলাম গামোচাৰে ৰঙালী বিহুৰ শুভেচ্ছা জনালে ৰাজ্যিক সভাপতিজনে।

পুৱা মহানগৰীৰ নেহেৰু ষ্টেডিয়ামৰ সমীপত থকা চাফাই কৰ্মীসকলৰ আৱাসিক এলেকালৈ গৈ কৰ্মীসকলক বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে তেওঁলোকৰ সৈতে মত বিনিময় কৰে দাসে। ইয়াৰ পাছত বিয়লি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদত থকা হৰিজন বস্তিলৈ গৈ চাফাই কৰ্মীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ লগত জলপান গ্ৰহণ কৰে।

কিন্তু বিহুৰ দিনটোতেই চাফাই কৰ্মীসকলে পাই অহা বিভিন্ন অসুবিধাক লৈ একাংশৰ অসন্তুষ্টিৰো সন্মুখীন হ’ব লগীয়া হ’ল ৰঞ্জিত দাস। জি এম চি এইচ্ছৰ সমীপৰ হৰিজন বস্তিত থকা এজন কৰ্মীয়ে দাসৰ সন্মুখতে কয়, “আপুনি ইয়ালৈ আহিছে আমাক গামোচা উপহাৰ দিছে আমাৰ মানুহখিনিৰ বেছিভাগেই হয়তো আপোনাৰ দলক ভোটো দিব। আমাৰ সমস্যাসমূহৰ ক্ষেত্ৰত যিধৰণে গুৰুত্ব দিব লাগে চৰকাৰে সেইধৰণে গুৰুত্ব দিয়া আমি দেখা নাই”।

হৰিজন বস্তিত থকা কেইবাজনেও তেওঁলোকৰ আৱাসস্থলীলৈ যোৱা সৰু ৰাস্তাটোও তেওঁলোকে নিজেই গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিব লগীয়া হোৱা বুলি ৰঞ্জিত দাসৰ সন্মুখতে আক্ষেপ প্ৰকাশ কৰে।

তাৰ মাজতে এজনে “মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই একো কৰা নাই” বুলিও মন্তব্য কৰে।

চাফাই কৰ্মীসকলৰ কথাত অস্বস্তিত পৰা বিজেপিৰ ৰাজ্যিক সভাপতিজনে কেৱল “গুৱাহাটী পৌৰ নিগমে ৰাস্তাটো বনাই দিয়া নাই নেকি?” বুলি প্ৰশ্ন কৰি বিষয়টো পাতলাবলৈ চেষ্টা কৰা দেখা গ’ল।

ৰঞ্জিত দাসে এই চফৰ নিৰ্বাচনত ভোট বিচাৰি নহয় বুলি উল্লেখ কৰি চাফাই কৰ্মীসকলক বিহুৰ শুভেচ্ছা জনোৱাৰ উদ্দেশ্যেহে বুলি মন্তব্য কৰে।

“পণ্ডিত দীনদয়াল উপাধ্যায়ে আমাক ‘অন্ত্যোদয়া দৰ্শন’ৰ কথা শিকাইছে। এই দৰ্শন মতে সমাজৰ শেষৰ শ্ৰেণীৰ মানুহকো সন্মান প্ৰদৰ্শন কৰিব লাগে। এই দৰ্শন অনুসৰিয়ে আজি মই চাফাই কৰ্মীসকলৰ ওচৰলৈ আহিছো”, ৰঞ্জিত দাসে কয়।

ৰঞ্জিত দাসে চাফাই কৰ্মীসকলৰ লগত হোৱা মত বিনিময়ত তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াৰ কথাও কয়। লগতে বিজেপিৰ পৰম্পৰাৰ কথা কৈ এনে ধৰণে সকলোকে সন্মান কৰাৰ আদৰ্শ বিজেপিৰহে আছে বুলিও মন্তব্য কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

September 19, 2025 9:19 am
বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

September 19, 2025 8:31 am
শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

September 19, 2025 7:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰিব পাৰে ট্ৰাম্পে! মুখ্য অৰ্থনৈতিক উপদেষ্টাৰ দাবী

September 19, 2025 9:19 am
বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd