নিৰ্বাচনৰ সময়ত ৰাজনৈতিক নেতাসকলে ৰাইজৰ মাজলৈ যাবলৈ বিভিন্ন ধৰণৰ কৌশল-কাৰ্য্যসূচী লোৱা দেখা যায়। এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই। তাতে আকৌ নিৰ্বাচনৰ মাজতেই পৰিছে বাপোতি সাহোন ৰঙালী বিহুটি।
বিহুৰ শুভেচ্ছা জনোৱা বা বিহু পালনৰ উদ্দেশ্যে বিভিন্ন শ্ৰেণীৰ ৰাইজৰ মাজলৈ ৰাজনৈতিক নেতাসকলৰ আগমন ঘটিছে। তাৰ মাজতেই পৰোক্ষ বা প্ৰত্যক্ষভাৱে চলিছে নিৰ্বাচনী প্ৰচাৰো।
লোকসভা নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে বিহুৰ দিনাই গুৱাহাটীৰ একাংশ হৰিজন সম্প্ৰদায়ৰ লোকৰ কাষত উপস্থিত হ’ল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস। চাফাই কৰ্মীসকলক ফুলাম গামোচাৰে ৰঙালী বিহুৰ শুভেচ্ছা জনালে ৰাজ্যিক সভাপতিজনে।
পুৱা মহানগৰীৰ নেহেৰু ষ্টেডিয়ামৰ সমীপত থকা চাফাই কৰ্মীসকলৰ আৱাসিক এলেকালৈ গৈ কৰ্মীসকলক বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে তেওঁলোকৰ সৈতে মত বিনিময় কৰে দাসে। ইয়াৰ পাছত বিয়লি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদত থকা হৰিজন বস্তিলৈ গৈ চাফাই কৰ্মীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ লগত জলপান গ্ৰহণ কৰে।
কিন্তু বিহুৰ দিনটোতেই চাফাই কৰ্মীসকলে পাই অহা বিভিন্ন অসুবিধাক লৈ একাংশৰ অসন্তুষ্টিৰো সন্মুখীন হ’ব লগীয়া হ’ল ৰঞ্জিত দাস। জি এম চি এইচ্ছৰ সমীপৰ হৰিজন বস্তিত থকা এজন কৰ্মীয়ে দাসৰ সন্মুখতে কয়, “আপুনি ইয়ালৈ আহিছে আমাক গামোচা উপহাৰ দিছে আমাৰ মানুহখিনিৰ বেছিভাগেই হয়তো আপোনাৰ দলক ভোটো দিব। আমাৰ সমস্যাসমূহৰ ক্ষেত্ৰত যিধৰণে গুৰুত্ব দিব লাগে চৰকাৰে সেইধৰণে গুৰুত্ব দিয়া আমি দেখা নাই”।
হৰিজন বস্তিত থকা কেইবাজনেও তেওঁলোকৰ আৱাসস্থলীলৈ যোৱা সৰু ৰাস্তাটোও তেওঁলোকে নিজেই গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিব লগীয়া হোৱা বুলি ৰঞ্জিত দাসৰ সন্মুখতে আক্ষেপ প্ৰকাশ কৰে।
তাৰ মাজতে এজনে “মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই একো কৰা নাই” বুলিও মন্তব্য কৰে।
চাফাই কৰ্মীসকলৰ কথাত অস্বস্তিত পৰা বিজেপিৰ ৰাজ্যিক সভাপতিজনে কেৱল “গুৱাহাটী পৌৰ নিগমে ৰাস্তাটো বনাই দিয়া নাই নেকি?” বুলি প্ৰশ্ন কৰি বিষয়টো পাতলাবলৈ চেষ্টা কৰা দেখা গ’ল।
ৰঞ্জিত দাসে এই চফৰ নিৰ্বাচনত ভোট বিচাৰি নহয় বুলি উল্লেখ কৰি চাফাই কৰ্মীসকলক বিহুৰ শুভেচ্ছা জনোৱাৰ উদ্দেশ্যেহে বুলি মন্তব্য কৰে।
“পণ্ডিত দীনদয়াল উপাধ্যায়ে আমাক ‘অন্ত্যোদয়া দৰ্শন’ৰ কথা শিকাইছে। এই দৰ্শন মতে সমাজৰ শেষৰ শ্ৰেণীৰ মানুহকো সন্মান প্ৰদৰ্শন কৰিব লাগে। এই দৰ্শন অনুসৰিয়ে আজি মই চাফাই কৰ্মীসকলৰ ওচৰলৈ আহিছো”, ৰঞ্জিত দাসে কয়।
ৰঞ্জিত দাসে চাফাই কৰ্মীসকলৰ লগত হোৱা মত বিনিময়ত তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াৰ কথাও কয়। লগতে বিজেপিৰ পৰম্পৰাৰ কথা কৈ এনে ধৰণে সকলোকে সন্মান কৰাৰ আদৰ্শ বিজেপিৰহে আছে বুলিও মন্তব্য কৰে।





