পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত বৰ্তমানলৈকে বিজেপিৰ মিত্ৰজোঁটত থকা অগপৰ অৱস্থা তেনেই তথৈবচ আৰু অগপৰ এই পৰাজয় নতশিৰে মানি লৈছে অগপ সভাপতি অতুল বৰাৰ লগতে অন্য নেতৃবৃন্দই। কিন্তু অগপৰ এই অৱস্থাতো দলটোৰ কটা ঘাঁত চেঙা তেল ঢালিবলৈ এৰা নাই বিজেপি নেতৃবৃন্দই।
উল্লেখ্য যে, কালি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনত অগপৰ একেবাৰে নিম্নগামী ফলাফলক কেন্দ্ৰ কৰি তুচ্ছ-তাচ্ছিল্য কৰিছিল। লগতে মন্ত্ৰীগৰাকীয়ে অগপ দলক বিজেপিৰ বোকোচাত উঠি বিধানসভা নিৰ্বাচনত জয়ী হোৱা বুলি ইতিকিংসূচক মন্তব্য কৰি অগপক অলপ আত্ম-সমালোচনা কৰিবলৈ উনুকিয়াই দিছিল।
তাৰ পাছতেই অগপ দলক আক্ৰমণৰ লক্ষ্য হিচাপে লৈ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ‘আমি পোনপটীয়াকৈ ওলাই যাবলৈ নকওঁ, অগপই বিচাৰিলে মিত্ৰজোঁট ত্যাগ কৰি ওলাই যাওক’ বুলি অগপক নিজাববীয়াকৈ মিত্ৰতা ছেদ কৰিবলৈ উনুকিয়াই দিছিল।
মন কৰিবলগীয়া যে, অগপৰ এনে অৱস্থাত কটা ঘাঁত চেঙা তেল ঢলাত উঠি পৰি লাগিল বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মুমিনুল আৱাল।
এইবাৰ ৰেডক্ৰছৰ ধৰ্ম পালন কৰি অসম গণ পৰিষদক চিকিৎসা সেৱা আগবঢ়োৱাৰ দায়িত্ব ল’লে আৱালে।
ইপিনে পঞ্চায়ত নিৰ্বাচনক একপ্ৰকাৰে যুদ্ধৰ সৈতে তুলনা কৰি আৱালে কয়, ‘অসম গণ পৰিষদ পঞ্চায়ত নিৰ্বাচনী যুদ্ধত বৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে।‘
শত্ৰুপক্ষৰ হ’লেও আঘাতপ্ৰাপ্ত সৈনিকক চিকিৎসা কৰাৰ দায়িত্ব লয় ৰেডক্ৰছে। এই কথাই উনুকিয়াই দি আৱালে কয়, ‘ৰেডক্ৰছৰ এটা নীতি আছে যে, শত্ৰুপক্ষৰ হ’লেও আঘাতপ্ৰাপ্ত সৈনিকজনক চিকিৎসা কৰিব লাগে।’
আৱালৰ মতে ‘অসম গণ পৰিষদ আঘাতপ্ৰাপ্ত পৰাজিত সৈনিক।‘
অগপৰ আঘাতপ্ৰাপ্ত নেতৃবৃন্দৰ চিকিৎসাৰ প্ৰয়োজন আছে বুলি এক ইতিকিংসূচক মন্তব্য কৰি আৱালে লগতে কয় ‘বিজেপি দলে ৰেডক্ৰছৰ নিয়মটো পালন কৰিম।‘
ইপিনে, অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ কাৰ্য্যকলাপে সন্দহৰ বাতাবৰণ সৃষ্টি কৰিছে বুলি মহন্তক কটাক্ষ কৰে আৱালে।
লক্ষণীয় যে, পৰৱৰ্তী পৰ্য্যায়ত অগপ দলৰ সম্পৰ্কে নতুন নতুন তথ্য দাঙি ধৰিব বুলিও কয় আৱালে।
ৰাজ্যিক বিজেপিৰ মুখপাত্ৰকে ধৰি অন্য নেতাসকলৰ অগপক কৰা তুচ্ছ-তাচ্ছিল্যসূচক মন্তব্যই অগপ দলক ধ্বংস কৰাৰ চক্ৰান্তত লিপ্ত হোৱা বুলিও সচেতন মহলে সন্দেহ প্ৰকাশ কৰিছে।
প্ৰশ্ন হয়, ইমানখিনি অপমান সহ্য কৰি বৰ্তমানো কিদৰে মিত্ৰতাত খোপনি পুতি আছে অগপই?
আনহাতে, সংবাদমাধ্যমৰ আগত কংগ্ৰেছ দলকো সমালোচনা কৰিবলৈ নেৰিলে আৱালে।
আৱালৰ দাবী ‘কংগ্ৰেছে নামটো সলনি কৰি মুছলিম লীগ কৰিব লাগে।‘
‘বদৰুদ্দিন আজমলে সম্পূৰ্ণৰূপে এআইয়ুডিএফৰ ভোটখিনি কংগ্ৰেছৰ ওচৰত বিক্ৰী কৰিছে।‘ আজমলক কটাক্ষ কৰি এই মন্তব্য কৰে আৱালে।
‘তৰুণ গগৈয়ে হু ইজ বদৰুদ্দিন কোৱাৰ অধিকাৰ নাই, তেওঁ এতিয়া ক’ব লাগিব আই এম বদৰুদ্দিন।‘ তৰুণ গগৈক কটাক্ষ আৱালৰ।