DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আহত অগপ নেতাৰ চিকিৎসা নকৰে দলে! দায়িত্ব ল’ব লগীয়া হ’ল অসম বিজেপিয়ে

তৰুণ গগৈয়ে হু ইজ বদৰুদ্দিন কোৱাৰ অধিকাৰ নাই, তেওঁ এতিয়া ক’ব লাগিব আই এম বদৰুদ্দিন: মমিনুল আৱল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 14, 2018 9:38 pm
BJP

বিজেপিৰ প্ৰতীক। ফাইল ছবি।

621
VIEWS
Share on FacebookShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত বৰ্তমানলৈকে বিজেপিৰ মিত্ৰজোঁটত থকা অগপৰ অৱস্থা তেনেই তথৈবচ আৰু অগপৰ এই পৰাজয় নতশিৰে মানি লৈছে অগপ সভাপতি অতুল বৰাৰ লগতে অন্য নেতৃবৃন্দই। কিন্তু অগপৰ এই অৱস্থাতো দলটোৰ কটা ঘাঁত চেঙা তেল ঢালিবলৈ এৰা নাই বিজেপি নেতৃবৃন্দই।

উল্লেখ্য যে, কালি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনত অগপৰ একেবাৰে নিম্নগামী ফলাফলক কেন্দ্ৰ কৰি তুচ্ছ-তাচ্ছিল্য কৰিছিল। লগতে মন্ত্ৰীগৰাকীয়ে অগপ দলক বিজেপিৰ বোকোচাত উঠি বিধানসভা নিৰ্বাচনত জয়ী হোৱা বুলি ইতিকিংসূচক মন্তব্য কৰি অগপক অলপ আত্ম-সমালোচনা কৰিবলৈ উনুকিয়াই দিছিল।

তাৰ পাছতেই অগপ দলক আক্ৰমণৰ লক্ষ্য হিচাপে লৈ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে ‘আমি পোনপটীয়াকৈ ওলাই যাবলৈ নকওঁ, অগপই বিচাৰিলে মিত্ৰজোঁট ত্যাগ কৰি ওলাই যাওক’ বুলি অগপক নিজাববীয়াকৈ মিত্ৰতা ছেদ কৰিবলৈ উনুকিয়াই দিছিল।

মন কৰিবলগীয়া যে, অগপৰ এনে অৱস্থাত কটা ঘাঁত চেঙা তেল ঢলাত উঠি পৰি লাগিল বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মুমিনুল আৱাল।

এইবাৰ ৰেডক্ৰছৰ ধৰ্ম পালন কৰি  অসম গণ পৰিষদক চিকিৎসা সেৱা আগবঢ়োৱাৰ দায়িত্ব ল’লে আৱালে।

ইপিনে পঞ্চায়ত নিৰ্বাচনক একপ্ৰকাৰে যুদ্ধৰ সৈতে তুলনা কৰি আৱালে কয়, ‘অসম গণ পৰিষদ পঞ্চায়ত নিৰ্বাচনী যুদ্ধত বৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে।‘

শত্ৰুপক্ষৰ হ’লেও আঘাতপ্ৰাপ্ত সৈনিকক চিকিৎসা কৰাৰ দায়িত্ব লয় ৰেডক্ৰছে। এই কথাই উনুকিয়াই দি আৱালে কয়, ‘ৰেডক্ৰছৰ এটা নীতি আছে যে, শত্ৰুপক্ষৰ হ’লেও আঘাতপ্ৰাপ্ত সৈনিকজনক চিকিৎসা কৰিব লাগে।’

আৱালৰ মতে ‘অসম গণ পৰিষদ আঘাতপ্ৰাপ্ত পৰাজিত সৈনিক।‘

অগপৰ আঘাতপ্ৰাপ্ত নেতৃবৃন্দৰ চিকিৎসাৰ প্ৰয়োজন আছে বুলি এক ইতিকিংসূচক মন্তব্য কৰি আৱালে লগতে কয় ‘বিজেপি দলে ৰেডক্ৰছৰ নিয়মটো পালন কৰিম।‘

ইপিনে, অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ কাৰ্য্যকলাপে সন্দহৰ বাতাবৰণ সৃষ্টি কৰিছে বুলি মহন্তক কটাক্ষ কৰে আৱালে।

লক্ষণীয় যে, পৰৱৰ্তী পৰ্য্যায়ত অগপ দলৰ সম্পৰ্কে নতুন নতুন তথ্য দাঙি ধৰিব বুলিও কয় আৱালে।

ৰাজ্যিক বিজেপিৰ মুখপাত্ৰকে ধৰি অন্য নেতাসকলৰ অগপক কৰা তুচ্ছ-তাচ্ছিল্যসূচক মন্তব্যই অগপ দলক ধ্বংস কৰাৰ চক্ৰান্তত লিপ্ত হোৱা বুলিও সচেতন মহলে সন্দেহ প্ৰকাশ কৰিছে।

প্ৰশ্ন হয়, ইমানখিনি অপমান সহ্য কৰি বৰ্তমানো কিদৰে মিত্ৰতাত খোপনি পুতি আছে অগপই?

আনহাতে, সংবাদমাধ্যমৰ আগত কংগ্ৰেছ দলকো সমালোচনা কৰিবলৈ নেৰিলে আৱালে।

আৱালৰ দাবী ‘কংগ্ৰেছে নামটো সলনি কৰি মুছলিম লীগ কৰিব লাগে।‘

‘বদৰুদ্দিন আজমলে সম্পূৰ্ণৰূপে এআইয়ুডিএফৰ ভোটখিনি কংগ্ৰেছৰ ওচৰত বিক্ৰী কৰিছে।‘ আজমলক কটাক্ষ কৰি এই মন্তব্য কৰে আৱালে।

‘তৰুণ গগৈয়ে হু ইজ বদৰুদ্দিন কোৱাৰ অধিকাৰ নাই, তেওঁ এতিয়া ক’ব লাগিব আই এম বদৰুদ্দিন।‘ তৰুণ গগৈক কটাক্ষ আৱালৰ।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd