বিজেপিৰ লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাক সকীয়াই দিলে দলে

ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে গোচৰ ৰুজু মুখ্য মন্ত্ৰীৰ ভাবমূৰ্তি বিনষ্টৰ ষড়যন্ত্ৰ বুলি কৈছিল বিধায়কজনে

Rituparna Barua

লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা। ফাইল ফটো।

বিজেপিত থাকিও দল আৰু চৰকাৰৰ কাম-কাজক মুকলিকৈ সমালোচনা কৰি অহা লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাক সকীয়াই দিছে দলে। দলৰ এটা সূত্ৰই জনোৱা মতে, বিধয়াকজনক দল আৰু চৰকাৰৰ ক্ষতি হোৱা কোনো কথাকে ৰাজহুৱাকৈ নক’বলৈ মৌখিক নিৰ্দেশ দিয়া হৈছে।

উল্লেখযোগ্য যে স্পষ্টবাদী বিধায়কজনে দুদিন মান পূৰ্বে সংবাদ মাধ্যমৰ আগত ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে ৰুজু হোৱা দেশদ্ৰোহিতাৰ গোচৰটো মুখ্য মন্ত্ৰীৰ অজ্ঞাতে গৃহ বিভাগৰ কোনো বিষয়াই ৰুজু কৰিছিল বুলি দাবী কৰে। ইয়াক ড০ গোহাঁইৰ বিৰুদ্ধে নহয়, সোণোৱালৰ বিৰুদ্ধে ষড়যন্ত্ৰ বুলিও কৈছিল বিধায়কজনে।

‘এই বেয়া সময়খিনিত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক অধিক বিপৰ্য্যয়ৰ মাজলৈ ঠেলি দিবলৈ তেওঁৰ অজ্ঞাতে গৃহ বিভাগৰ কোনো বিষয়াই অসমৰ বুদ্ধিজীৱী চিন্তাবিদ ড০ হীৰেন গোহাঁই ছাৰৰ বিৰুদ্ধে গোচৰ উঠাইছিল।’ এয়াই আছিল বিধায়কজনৰ মন্তব্য।

সংবাদ মাধ্যমৰ আগত বিধায়কজনৰ এই মন্তব্যই তীব্ৰ অস্বস্তিত পেলাইছিল চৰকাৰক। কাৰণ ড০ হীৰেন গোহাঁইৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাটোৱে ইতিমধ্যে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল আৰু ইয়াক চৰকাৰৰ ফেচিবাদী ৰূপৰ নমুনা আখ্যা দিয়া হৈছিল।

আনহাতে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰুদ্ধেও স্পষ্ট স্থিতিৰে লাহোৱালৰ বিধায়কজন সৰৱ হৈ আহিছে আৰু দল, চৰকাৰক ইয়াৰ বাবে সমালোচনা কৰি আহিছে।

অৱশ্যে দলে বেয়া পালেও বিধায়কজনৰ এই ‘বিদ্ৰোহ’ক ব্যাপক সমৰ্থন দিছে তেওঁৰ সমষ্টিবাসী ৰাইজে। ‘বিধেয়কখনৰ বিৰোধিতা কৰি যাওক আমি আপোনাৰ লগত সদায়ে আছো’ বুলি ছ’চিয়েল মিডিয়া ফেইচবুকত বিধায়কজনৰ টাইমলাইনত অনেক য়ুজাৰে, যিসকল তেওঁৰ সমষ্টিৰ মানুহ, লিখা দেখা গৈছে।

বিধায়কজনক মুখ বন্ধ কৰিবলৈ ১৬ জানুৱাৰিত দলে দিয়া নিৰ্দেশৰ পিছতে এজন অনুগামীয়ে বিধায়কজনৰ টাইমলাইনত লিখিছে, ‘হিমন্ত বিশ্ব শৰ্মাই যি ইচ্ছা তাকে ক’ব পাৰে, কৰিব পাৰে৷ ঋতুপৰ্ণ বৰুৱাই জাতিৰ স্বাৰ্থত মাত এষাৰ মাতিলেও মুখ বন্ধ কৰি দিয়া হয়৷ বন্ধু ভয় নকৰিবা৷ তুমি তুমি হৈয়েই থাকা৷ তোমালৈ সিহঁতে ভয় কৰে… ৷ তুমি ভয় নকৰিবা৷ কোটি কোটি অসমীয়াৰ বাবে তুমি আজি Hero. Zero নহ’বা ৷ আমি লাজ পাম৷ মুখ বন্ধ নকৰিবা৷’

ইপিনে যদিও এই পৰ্য্যন্ত বিধায়কনজনে দলৰ হুমকিৰ প্ৰতিক্ৰিয়া কৰা নাই, তেওঁ অচিৰেই ইয়াৰ প্ৰত্যুত্তৰ দিয়াৰ সম্ভাৱনা আছে। কাৰণ তেওঁৰ স্পষ্টবাদিতাই সেই সম্ভাৱনাৰে ইংগিত কৰে।