পৃথক বড়ো ৰাজ্যৰ বাবে কেন্দ্ৰ চৰকাৰক নতুনকৈ আলোচনাৰ আহ্বান বড়ো সংগঠনৰ

সুকীয়া বড়ো ৰাজ্য গঠনৰ বাবে নতুনকৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাৰ দাবী উত্থাপন কৰিছে অল ইণ্ডিয়া বড়ো পিপলছ নেশ্যনেল লীগ ফৰ বড়োলেণ্ড ফৰ বড়োলেণ্ড ষ্টেটহুডে(এআইবিপিএনএলবিএছ)।

‘‘বড়ো জনসাধাৰণৰ বাবে সুকীয়া বড়ো ৰাজ্য গঠনৰ হকে কেন্দ্ৰীয় চৰকাৰে নতুনকৈ ৰাজনৈতিক বাৰ্তালাপ আৰম্ভ কৰিব লাগে,’’ এআইবিপিএনএলবিএছৰ সভাপতি চানচুমা খুংগুৰ বসুমতাৰীয়ে কয়।

কেন্দ্ৰীয় চৰকাৰে সুকীয়া বড়ো ৰাজ্যৰ দাবীৰ পৰা আলোচনাৰ মূল বিষয়বস্তুত আতৰাই নিছে বুলিও প্ৰাক্তন লোকসভাৰ সাংসদ গৰাকীয়ে লগতে কয়।

উল্লেখযোগ্য যে, চলিত বৰ্ষৰ জানুৱাৰি মাহত নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত এন ডি এফ বি আৰু আবছুৰ সদস্য সকলে ত্ৰিপাক্ষিক শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল।

আবছুৰ তৃতীয় বিশেষ অধিবেশনখন চলিত বৰ্ষত কোকৰাঝাৰত অনুষ্ঠিত কৰিবৰ বাবে অসম চৰকাৰে অনুমতি নিদিয়া কাৰ্য্যকো সংগঠনটোৱে সংবাদ মেলত সমালোচনা কৰে।

দেওবাৰে কোকৰাঝাৰত বিশেষ অধিবেশনখন অনুষ্ঠিত হোৱাৰ কথা আছিল।

আনহাতে, নিৰ্বাচনী সভাত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বড়ো সম্প্ৰদায়ৰ বিৰুদ্ধে দিয়া মন্তব্যৰো বিৰোধিতা কৰে সংগঠনটোৱে।